• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশলৈ উভতিল যৌন কেলেংকাৰীত অভিযুক্ত প্ৰজ্বল ৰেভান্না; বিমানবন্দৰতে গ্ৰেপ্তাৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 31, 2024 9:35 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ নাতি তথা জেডিএছৰ নিলম্বিত সাংসদ প্ৰজ্বল ৰেভান্নাই যৌন কেলেংকাৰী ঘটনা পোহৰলৈ অহাৰ লগে লগে কূটনৈতিক পাছপ’ৰ্টৰ সহায়ত দেশ এৰি যায়। প্ৰায় এমাহৰ পিছত অৱশেষত জাৰ্মানীৰ বাৰ্লিনৰ পৰা ঘৰলৈ উভতি আহিল। বৃহস্পতিবাৰে মাজ নিশা ভাৰতৰ মাটিত ভৰি দিয়াৰ লগে লগে ৰেভান্নাক গ্ৰেপ্তাৰ কৰা হয়।

বাতৰি অনুসৰি, যোৱা নিশা প্ৰায় ১:৩০ বজাত ৰেভান্নাৰ বিমানখনে বাংগালুৰু বিমানবন্দৰত অৱতৰণ কৰে। বিমানখনৰ পৰা নামি অহাৰ লগে লগে বিমানবন্দৰত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। তাৰ পৰাই প্ৰজ্বল ৰেভান্নাক বাংগালুৰুৰ চি আই ডিৰ কাৰ্যালয়লৈ লৈ যোৱা হয়।

উল্লেখ্য যে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন শেষ হোৱাৰ পিছতে হাছানৰ সাংসদগৰাকীয়ে দেশ এৰি পলায়ন কৰে। ইয়াৰ পিছত তেওঁক লৈ বহু বিতৰ্কৰ সৃষ্টি হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে, ৰেভান্নাৰ কূটনৈতিক পাছপ’ৰ্ট বাতিলৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে।

Apply Now

যোৱা নিশা বাংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত প্ৰজ্বলক মাস্ক পিন্ধা দেখা গৈছিল। ইফালে, আৰক্ষীয়ে তেওঁক জিম্মাত লোৱাৰ পিছতে বাংগালুৰুৰ  চি আই ডিৰ কাৰ্যালয়ত নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে।

ইপিনে, বিমানবন্দৰত আন এটা পথেৰে ৰেভান্নাক উলিয়াই নিয়া বুলি কোৱা হৈছে। আৰক্ষীৰ মতে, ৰেভান্নাৰ সুৰক্ষাৰ বাবে সেয়া কৰা হৈছিল। আনহাতে, বাংগালুৰু বিমানবন্দৰৰ পৰা বিশেষ তদন্তকাৰী দলে তেওঁৰ দুটা ছুটকেছ জব্দ কৰিছে।

ইয়াৰ পূৰ্বে জেডিএছে যৌন কেলেংকাৰীৰ গোচৰত প্ৰজ্বল ৰেভান্নাক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল। লগতে তেওঁক দলৰ পৰা নিলম্বিত কৰা হয়। মন কৰিবলগীয়া যে এইবাৰো জেডিএছে হাছানৰ পৰা প্ৰজ্বলক প্ৰাৰ্থী মনোনীত কৰিছিল। নৰেন্দ্ৰ মোদীয়ে নিজেই ৰেভান্নাৰ হৈ প্ৰচাৰ চলাইছিল। তাৰ মাজতে জেডিএছৰ প্ৰাৰ্থীগৰাকীৰ যৌন কেলেংকাৰীৰ ভিডিঅ’ ফাদিল হয়। তেওঁৰ বিৰুদ্ধে কেইবাগৰাকীও মহিলাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে। কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে প্ৰজ্বলৰ বিৰুদ্ধে এখন তদন্ত সমিতি গঠন কৰে। এই সকলোবোৰৰ মাজতে প্ৰজ্বলে দেশ এৰি জাৰ্মানীলৈ গুচি গৈছিল।

বাতৰি অনুসৰি, ২০১৯ চনৰ পৰা ২০২২ চনৰ ভিতৰত বহুবাৰ যৌন নিৰ্যাতন চলোৱা বুলি দাবী কৰিছে এগৰাকী মহিলা ভুক্তভোগীয়ে। কামত যোগদান কৰাৰ তিনিমাহৰ পাছত প্ৰজ্বল ৰেভান্নাই তেওঁক নিজৰ কোৱাৰ্টাৰলৈ মাতিছিল বুলি অভিযোগ কৰে ভুক্তভোগী মহিলাগৰাকীয়ে। ৰেভান্নাৰ ঘৰত মুঠ ৬ গৰাকী মহিলা কৰ্মচাৰী আছিল।

অভিযোগকাৰী ভুক্তভোগীৰ ভাষাত, ‘প্ৰজ্বল ৰেভান্নাই যেতিয়াই ঘৰলৈ উভতি আহিছিল, আমাক ৬ গৰাকী মহিলা কৰ্মচাৰী সন্ত্ৰস্ত হৈ পৰিছিলো। আনকি ঘৰৰ পুৰুষ কৰ্মচাৰীসকলেও আমাক সাৱধান হ’বলৈ পৰামৰ্শ দিছিল।’ লগতে ভুক্তভোগীয়ে অভিযোগ কৰে যে যেতিয়াই এইচ ডি ৰেভান্নাৰ পত্নী ঘৰত নাথাকে তেতিয়াই তেওঁ মহিলাক ষ্ট’ৰ ৰুমলৈ মাতি আনি দেহৰ যতে ততে স্পৰ্শ কৰে। তাৰ বিনিময়ত তেওঁ ভুক্তভোগীক ফল তুলি দিছিল। তাৰ পিছত তেওঁ মহিলা কৰ্মচাৰীৰ শাৰী খুলি বিভিন্ন ধৰণে যৌন নিৰ্যাতন চলাইছিল।

ইপিনে, অভিযোগকাৰীয়ে ভিডিঅ’ কলত প্ৰজ্বল ৰেভান্নাই তেওঁৰ কন্যাৰ লগত অসৎ আচৰণ কৰা বুলি দাবী কৰে। এনে অৱস্থাত তেওঁৰ কন্যাই প্ৰজ্জ্বলৰ ফোন নম্বৰটো ব্লক কৰি দিয়ে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd