• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

চৰকাৰ এন ডি এ কৰিলেও এই নিৰ্বাচনত জয়ৰ গৰিমা ইণ্ডিয়া এলায়েঞ্চৰহে

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
June 6, 2024 6:47 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ ফলাফলৰ পৰা কি ওলাই আহিছে? এটা কথা স্পষ্টভাৱে ওলাই আহিছে যে ভাৰতত এতিয়াও গণতন্ত্ৰ জীয়াই আছে।ভাৰতীয় মানুহৰ মাজত গণতন্ত্ৰৰ প্ৰতি হাবিয়াস জাগ্ৰত হৈ আছে।যোৱা দহ বছৰে মোদীয়ে ভাৰতত সাংবিধানিক গণতন্ত্ৰ আৰু গণতান্ত্ৰিক প্ৰতিষ্ঠানবোৰ ধ্বংস কৰি দেশখনক এক স্বৈৰাচাৰী ধৰ্মতন্ত্ৰলৈ ৰূপান্তৰিত কৰিবলৈ কিমান কি নকৰিছিল! কিন্তু, দেশৰ শিক্ষিত সমাজে আৰম্ভণিৰে পৰা তাৰ বিৰোধিতা কৰি আহিছিল। বিৰোধী ৰাজনৈতিক দলবোৰেও তাৰ প্ৰতিবাদ কৰিছিল।কিন্তু কংগ্ৰেছ মুক্ত, বিৰোধী মুক্ত ভাৰতৰ কথা কৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰযন্ত্ৰৰ সহায়ত সকলোকে কঠোৰভাৱে দমন কৰিব বিচাৰিছিল।বিভিন্ন কূট-কৌশলেৰে বিৰোধীক থানবান কৰি পেলাবলৈ চেষ্টা কৰিছিল। মুখ্যধাৰাৰ প্ৰচাৰ মাধ্যমক নিজৰ নিয়ন্ত্ৰণলৈ আনি তাক চৰকাৰৰ, মোদীৰ মুখপাত্ৰত পৰিণত কৰা হৈছিল।

মোদীৰ লগত হাত মিলাইছিল বৃহৎ পুঁজিয়ে, আদানী, আম্বানীয়ে।মূল্যবৃদ্ধি, নিবনুৱা সমস্যাই দেশৰ জনসাধাৰণক জ্বলাকলা খুৱাইছিল।বিমুদ্ৰাকৰণ, কভিডৰ সময়ত আচম্বিতে ঘোষণা কৰা তলাবন্ধ আৰু জি এচ টিৰ চিন্তাশূন্য প্ৰয়োগে, জনসাধাৰণৰ জীৱন দুৰ্বিসহ কৰি তুলিছিল। চৰকাৰে অনা নাগৰিকত্ব সংশোধনী আইন, কৃষি আইনৰ বিৰুদ্ধে ৰাইজ প্ৰতিবাদ মুখৰ হৈ পৰিছিল।মোদী চৰকাৰৰ ভুল নীতি আৰু কাৰ্যকলাপৰ বিৰুদ্ধে জনসাধাৰণ বিক্ষুব্ধ হৈ পৰিছিল।কিন্তু চৰকাৰে বল আৰু হেঁচা প্ৰয়োগেৰে সকলোৰে মুখৰ মাত বন্ধ কৰিব বিচাৰিছিল। মোদীৰ এই দমনৰ বিৰুদ্ধে বিক্ষিপ্তভাৱে বিভিন্ন ঠাইত প্ৰতিবাদ প্ৰতিৰোধ হৈছিল।কিন্তু এগৰাকী ব্যক্তিয়ে আৰম্ভণিৰে পৰা মোদীৰাজৰ বিৰুদ্ধে অতি স্পষ্টভাৱে প্ৰতিবাদ কৰি আছিল। তেওঁ আছিল ৰাহুল গান্ধী।বিশেষকৈ ২০২২ চনত ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাই সাধাৰণ মানুহৰ মাজত এক জন জাগৰণৰ সৃ্ষ্টি কৰিছিল। এক আশাৰ, এক ভৰসাৰ জন্ম দিছিল।

তাৰপিছত ২০২৪ৰ নিৰ্বাচনৰ ঠিক আগে আগে তেওঁ পুনৰবাৰ সন্ত্ৰাসজৰ্জৰ মণিপুৰৰ পৰা মোম্বাইলৈ আৰম্ভ কৰিছিল ভাৰত জোৰো ন্যায় যাত্ৰা।এই যাত্ৰাইও জনসাধাধাৰণৰ পৰা অভূতপূৰ্ব সঁহাৰি পাইছিল।নিৰ্বাচনৰ ঠিক আগে আগে বিৰোধী ৰাজনৈতিক দলবোৰক লৈ ইণ্ডিয়া এলায়েঞ্চ গঢ়লৈ উঠিছিল। কিন্তু আৰম্ভণিৰে পৰা ইণ্ডিয়া এলায়েঞ্চৰ মাজত ভাঙোন আনিবলৈ বিজেপিয়ে চি বি আই, ই ডি আদি চৰকাৰী সংস্থা সমূহ ব্যৱহাৰ কৰি নানা ষড়যন্ত্ৰ কৰিছিল। ইতিমধ্যে নিৰ্বাচনৰ ঠিক আগে আগে অযোধ্যাত অৰ্দ্ধ সমাপ্ত ৰাম মন্দিৰ উদ্বোধন কৰি ৰামৰ নামত মোদী ভোট যুদ্ধত নামিছিল ।

Apply Now

সকলোৱে ভাবিছিল জনসাধাৰণৰ মাজত ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি বিভাজনবাদী ৰাজনীতিৰে এইবাৰো মোদীয়ে নিৰ্বাচন জিকিব।নিৰ্বাচনৰ দিন চমু চাপি আহিছিল।এইবাৰো যেন নিৰ্বাচন একপক্ষীয় হ’ব তেনে এটা আশংকা কৰা হৈছিল।
কিন্তু নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে জনসাধাৰণৰ মাজত কিবা এটা হৈছিল।মোদীৰ অত্যাচাৰত অতীষ্ঠ হোৱা জনসাধাৰণে কিবা এটা কৰিব বিচাৰিছিল।তেওঁলোকে মানে দলীয় আনুগত্য নথকা, শুভচিন্তক লোকসকলে ইণ্ডিয়া এলায়েঞ্চৰ জয়ী হোৱাৰ সম্ভাৱনা থকা প্ৰাৰ্থী সকলৰ নিৰ্বাচনী প্ৰচাৰত সক্ৰিয় ভূমিকা ল’বলৈ আৰম্ভ কৰিছিল। সমগ্ৰ ভাৰতবৰ্ষৰ নাগৰিক সমাজ এই নিৰ্বাচনটোত জড়িত হৈ পৰিছিল।

তেওঁলোকক প্ৰতিনিধিত্ব কৰিছিল অজস্ৰ ডিজিটেল মঞ্চ আৰু ইউটুউবাৰে। এই ক্ষেত্ৰত আমি বিশেষকৈ ৰাবিশ কুমাৰ, ধ্ৰুৱ ৰথী, অজিত আনজুম, আকাশ বেনাৰ্জী, পূন্য প্ৰসুন বাজপায়ী ডি বি নিউজ, 4 পি এম আদিৰ কথা উল্লেখ কৰিবই লাগিব। ইয়াৰ উপৰিও এই নিৰ্বাচনত The Wire, Scroll, Caravan, Newslaundry, Reporters Collective আদিৰ ভূমিকাও গুৰুত্বপূৰ্ণ আছিল। নিৰ্বাচনৰ প্ৰতিটো পৰ্যায়ৰ সময়ত ভাৰত জোড়ো অভিযানৰ ৰাষ্ট্ৰীয় আহ্বায়ক যোগেন্দ্ৰ যাদৱৰ নিৰ্বাচনী সমীক্ষা আৰু পূৰ্বানুমানেও ভাৰতৰ জনসাধাৰণক বিশেষকৈ উৎসাহিত কৰিছিল। তাৰমানে কি হৈছিল? এফালে ভাৰতীয় জনতা পাৰ্টি আৰু মোদীৰ লগত আছিল ধনী উদ্যোগপতি, ৰাষ্ট্ৰযন্ত্ৰ আৰু মুখ্যধাৰাৰ প্ৰচাৰ মাধ্যম আৰু আনফালে ইণ্ডিয়া এলায়েঞ্চৰ লগত আছিল বিকল্প প্ৰচাৰ মাধ্যম আৰু জনতা।

ভাৰতৰ নিৰ্বাচন আয়োগে নিজৰ নিৰপেক্ষতা বৰ্জন কৰি নিৰ্লজ্জভাৱে বিজেপিৰ বহতীয়াৰ দৰে কাম কৰিছিল।এনে প্ৰতিকূল অৱস্থাৰ মাজতো এই নিৰ্বাচনত ৰাইজে মোদীৰ ৰথৰ গতি শ্লথ কৰি দিছিল। এইবাৰ চাৰিশ পাৰ ধ্বনি দিয়া মোদীয়ে চৰকাৰ গঠন কৰাৰ জোখেৰে একক সংখ্যাগৰিষ্ঠতা জোগাৰ কৰিবই নোৱাৰিলে। যোগেন্দ্ৰ যাদৱে কোৱাৰ দৰে মোদীৰ ৰথ ২৪০তে ৰৈ গ’ল।এনে লাগিছে মোদীৰ জয় যেন পৰাজয় আৰু ইণ্ডিয়া এলায়েঞ্চৰ পৰাজয় যেন জয়।এতিয়া চৰকাৰ গঠন কৰাৰ কুচ কাৱাজ চলিছে।ভাৰতীয় জনতা পাৰ্টিয়ে বহুমত পোৱা নাই যদিও এন ডি এই যিহেতু বহুমত পাইছে মোদীয়ে হয়তো আকৌ কেন্দ্ৰত চৰকাৰ গঠন কৰিব।কিন্তু এইখন মোদীৰ চৰকাৰ নহ’ব। এন ডি এৰ চৰকাৰ হ’ব। গতিকে আগৰ দৰে এইবাৰ মোদী-শ্বাহৰ মইমতালি নচলিব।এতিয়া ইণ্ডিয়া এলায়েঞ্চে কি কৰিব? মই ভাবোঁ তেওঁলোকে টানি আঁজুৰি চৰকাৰ গঠন কৰাৰ সলনি গণতন্ত্ৰ আৰু সাংবিধানিক প্ৰমূল্য পুনৰুদ্ধাৰ কৰাৰ সংগ্ৰামহে তীব্ৰতৰ কৰা উচিত।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd