• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজমলৰ পিছত এইবাৰ হিমন্তৰ পাল; আজমলৰ পৰাজয়ত শংকিত হিমন্ত বিশ্ব শৰ্মা : ৰাইজৰ দল

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 7, 2024 3:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত আজি এখনি সংবাদ মেল সম্বোধন কৰে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে। উক্ত সংবাদ মেলত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাক তীব্র কটাক্ষ কৰি হুছেইনে কয় যে, ” যি জন মানুহে ইমানদিনে আজমলৰ ভয় দেখুৱাই দেখুৱাই অসমীয়া মানুহৰ ভোট লৈ আছিল আৰু যি জন মানুহে কেৱল আজমলকে অসম আৰু অসমীয়া মানুহৰ বিভিষীকা বুলি কৈ আহিছিল সেইজন মানুহে এতিয়া আজমল হৰাৰ আনন্দ নকৰি ৰকিবুল হুছেইনৰ বৃহৎ বিজয় অসমীয়াৰ বাবে অশনি সংকেত বুলি কৈছে”। অর্থাৎ অসমত মৌলবাদী ৰাজনিতীৰ বীজ ৰূপণ কৰা বদৰুদ্দিন আজমলৰ বৃহৎ পৰাজয়ে তেখেতক মনোকষ্ট যে দিছে সেইটো কথাই প্ৰমাণ কৰিছে। মুখ্যমন্ত্ৰীজনে যোৱা এটা দশক ধৰি অসমত যি বিভাজনৰ ৰাজনীতি কৰি আহিছে সেইয়া যে আজমলৰ পৰাজয়ৰ লগে লগে অন্ত পৰিল সেইটো স্পষ্ট হৈছে। মুখ্যমন্ত্রীজনে কৈছে যে নগাঁও আৰু ধুবুৰীৰ জয় অসমৰ বাবে অশনি সংকেত। আচলতে আজমলৰ পতন বিজেপিৰ বাবে যে অশনি সংকেত হৈছে সেইটো এতিয়া স্পষ্ট হৈ পৰিছে আৰু সেইবাবে মুখ্যমন্ত্রীজনে এতিয়া প্রলাপ বকিবলৈ আৰাম্ভ কৰিছে। কাৰণ এতিয়া বিজেপিয়ে আজমলৰ ভয় দেখুৱাই অসমীয়া মানুহৰ ভোট আদায় কৰিব নোৱাৰে।

অসমৰ মুখ্যমন্ত্ৰীজনে ধৰ্মৰ ৰাজনীতিৰ বাহিৰে আন কোনো কথা বুজি নাপায়। কোনোধৰণৰ ধনাত্মক (Positive) কামৰ জৰিয়তে তেওঁ ভোট বিচাৰিব নোৱাৰে কাৰণ বিগত সময়চোৱাত তেওঁ আৰু তেওঁৰ কেইজনমান বিশেষ সংগীয়ে অসমত মুক্ত লুণ্ঠন চলোৱাৰ বাহিৰে একো কাম কৰা নাই। সেইকাৰনে তেওঁ বাৰে বাৰে ধৰ্মৰ প্ৰসংগটো ৰাজনীতিৰ ক্ষেত্ৰখনলৈ টানি আনি আহিছে। তেখেতে যোৱা ০৪ জুন ২০২৪ তাৰিখে নিশা সংবাদ মাধ্যমত দিয়া বক্তব্যত নাগালেণ্ড, মণিপুৰ আৰু মেঘালয়ত এটা বিশেষ ধৰ্মৰ কাৰণে বিজেপি দলে জয়লাভ নকৰিলে বুলি বক্তব্য ৰাখিছিল। পিছে মুখ্যমন্ত্রী জনৰ কিয় সৎ সাহস নহ’ল সেই বিশেষ ধৰ্মটোৰ নাম উল্লেখ কৰিবলৈ! মণিপুৰত মেইতেই হিন্দু সকলে বিজেপিৰ বিৰুদ্ধে ভোট দিছিল তাৰবাবে কংগ্ৰেছে দুয়োখন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল। এই কথাৰ পৰা আমি ধৰি ল’ব পাৰো নেকি যে তেখেতে মণিপুৰত মেইতেই হিন্দুসকলে বিজেপিৰ বিৰোধিতা কৰাৰ কথাকেই বুজাইছে। মুখ্যমন্ত্ৰীৰ দৰে এটা সাংবিধানিক পদবীত থাকি যেতিয়া এটা বিশেষ ধর্মক লক্ষ্য কৰি লৈ বক্তব্য ৰাখে তেতিয়া তেখেতৰ ৰাইজক মুকলিকৈ কথাবোৰ কোৱাৰ সৎ সাহসো থাকিব লাগে।

এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ, চৰাইদেউ, মাজুলী আৰু যোৰহাট জিলাৰ অসমীয়া হিন্দু মানুহে ব্যাপক হাৰত বিৰোধী ঐক্যৰ প্ৰাৰ্থী গৌৰৱ গগৈক ভোট দিছে। ফলত যোৰহাটকে ধৰি ডিব্ৰুগড় আৰু কাজিৰঙাৰ বহুকেইটা বিধান সভা সমষ্টিত উজনিৰ খিলঞ্জীয়া ৰাইজে বিৰোধী ঐক্যৰ প্ৰাৰ্থীক ভোট দি প্ৰৱল প্রত্যাহ্বানৰ সৃষ্টি কৰাৰ ফলত অসমৰ মুখ্যমন্ত্রী জনে সংকিত হৈ অতি সংকীর্ণ মানসিকতাৰ পৰিচয় দি গৌৰৱ গগৈৰ তেজৰ বৰণক লৈয়ো আক্রমন কৰা আমাৰ পৰিলক্ষিত হৈছে। এনেকুৱা এটা প্রেক্ষাপটত কংগ্ৰেছ দলটো কেৱল মুছলমানৰ দল বুলি কৈ মুখ্যমন্ত্রী জনে উজনি অসমৰ

ভোটাৰ ৰাইজক অপমান কৰাৰ লগতে এই জয়ত সক্রিয়ভাৱে অৰিহণা আগবঢ়োৱা আঞ্চলিক দল সমূহকো অপমান কৰিলে। যোৱা সময়চোৱাত মৃনাল শইকীয়া, ৰাজেন গোঁহাই, অশোক শৰ্মাৰ দৰে পুৰণি বিজেপি নেতাৰ বক্তব্যত এটা কথা স্পষ্ট হৈছে যে এই মুখ্যমন্ত্রী জনে নিজৰ দলটোকে সূচাৰূপে চলাব পৰা নাই। তেনে পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীজনে অসমৰ দৰে এখন জটিল জনগাঁঠনিৰ ৰাজ্য কেনেকৈ পৰিচালনা কৰিব সেইটো আজিৰ দিনত অসমবাসীৰ বাবে লাখ টকীয়া প্রশ্ন! সেইকাৰনে আমি ৰাইজৰ দলৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী জনক আহ্বান জনাইছোঁ যে তেওঁ বিজেপি দলটোক ভালকৈ পৰিচালনা কৰক যাতে অসমৰ উন্নয়ণৰ স্বাৰ্থত প্রশাসনিক বিশৃংখলতাৰ সৃষ্টি নহয়। অসমৰ মুখ্যমন্ত্ৰী গৰাকীক আমি ৰাইজৰ দলে পুনৰবাৰ আহ্বান জনাইছোঁ যে, যদি তেখেত ছদ্মবেশী খিলঞ্জীয়া নহয় তেতিয়া হ’লে এখন শুদ্ধ এন.আৰ.চি প্রয়োগ কৰাৰ ক্ষেত্ৰত তৎপৰতা দেখুওৱাক, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কৰক, অসম চুক্তিৰ ছয় নং দফাক প্রয়োগ কৰি বিশেষ সাংবিধানিক ৰক্ষা কবচ প্ৰদানৰ জৰিয়তে অসমীয়াৰ ৰাজনৈতিক, অর্থনৈতিক, ভাষিক সুৰক্ষাৰ বাবে তৎকালীনভাবে পদক্ষেপ গ্রহণ কৰক। অসমৰ মুখ্যমন্ত্রীজনে ধৰ্ম, ভাষাৰ নামত বিভাজনৰ ৰাজনীতি ত্যাগ কৰি সকলোকে সমদৃষ্টি প্রদান কৰি ৰাজধৰ্ম পালন কৰক।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm
জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm
নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd