ধৰ্ষণৰ অভিযোগত অভিযুক্ত স্বঘোষিত ধৰ্ম গুৰু ৰাম ৰহিমক বিগত ১০ মাহত ৭ বাৰ পেৰ’লত মুকলি কৰি দিয়া হৈছে। তেওঁ পুনৰবাৰ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত ২১ দিনৰ পেৰ’লৰ বাবে আবেদন জনাইছে।
ডেৰা সাচ্চা সৌদাৰ এটা অনুষ্ঠানৰ বাবে তেওঁ পেৰ’লত মুক্তিৰ দাবী জনাইছে। তেওঁক পেৰ’লত মুকলি কৰি দিয়া হ’ব নে নহয় সেই সন্দৰ্ভত অহা ২ জুলাইত শুনানি অনুষ্ঠিত হ’ব।
প্ৰসংগক্ৰমে, ২৯ জানুৱাৰীত উচ্চ ন্যায়ালয়ে প্ৰশ্ন উত্থাপন কৰিছিল যে ২০ বছৰ কাৰাগাৰত থকা অভিযুক্তজনক কিয় ইমানবাৰ পেৰ’লত মুকলি কৰি দিয়া হৈছে। এনেদৰে কিমানবাৰ আৰু কোনোবাক পেৰ’লত মুকলি কৰি দিয়া হৈছে তাৰ হিচাপ জানিব বিচাৰে আদালতে।
উল্লেখ্য যে হাৰিয়ানাৰ পঞ্চকুলা আদালতে ৰাম ৰহিমক ডেৰাৰ দুগৰাকী শিষ্যাক ধৰ্ষণ কৰাৰ অপৰাধত ২০ বছৰৰ কাৰাদণ্ড বিহে। এই ঘটনা পোহৰলৈ অনাৰ বাবে এজন সাংবাদিককো হত্যা কৰা হৈছিল। এই হত্যাকাণ্ডত আন তিনিজনৰ সৈতে ৰাম ৰহিমক দোষী সাব্যস্ত কৰা হৈছে।
আনহাতে, ডেৰাৰ মেনেজাৰক হত্যা কৰাৰ গোচৰতো দোষী সাব্যস্ত হৈছিল ৰাম ৰহিম। অৱশ্যে উচ্চ ন্যায়ালয়ে তেওঁক সেই অভিযোগৰ পৰা মুক্ত কৰে।