• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

সন্তান জন্ম দিয়াৰ উপযুক্ত বয়স কি? কি কি কথা মনত ৰাখিব লাগে সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 15, 2024 2:50 pm
104
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিকালি মানুহৰ জীৱনশৈলী আৰু পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ বাবে যথেষ্ট পলমকৈ বিয়াত বহে যুৱতীসকল। বিয়াত বহিলেও লগে লগেই সন্তান জন্ম দিয়াৰ কথা চিন্তা নকৰে।  এই ক্ষেত্ৰত এটা প্ৰশ্ন উত্থাপন হয় – সন্তান জন্ম দিয়াৰ উপযুক্ত বয়স কি? কিমান বয়সলৈকে মহিলাসকলে সন্তান জন্ম দিব পাৰে?

বিশেষজ্ঞ চিকিৎসকে কয় যে চল্লিশ বছৰৰ পাছতো মাতৃ হ’ব পাৰি। ৪০ বছৰৰ পাছত সন্তান জন্ম দিয়া মহিলাৰ সংখ্যা আজিকালি বাঢ়ি আহিছে।  আনকি পঞ্চাশ বছৰৰ পাছতো বহু মহিলাই মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। কিন্তু চিকিৎসকৰ মতে, এটা বয়সৰ পিছত সন্তান জন্ম দিব পাৰিলেও মহিলাগৰাকীৰ স্বাস্থ্যৰ সমস্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে।

Apply Now

চিকিৎসা বিজ্ঞানৰ মতে মাতৃ হোৱাৰ আদৰ্শ বয়স হ’ল ২১ৰ পৰা ৩০ বছৰ। অৰ্থাৎ এই বয়সত এগৰাকী মহিলাৰ প্ৰজনন ক্ষমতা সৰ্বাধিক। ৩০ৰ পৰা ৩৫ বছৰ বয়সৰ ভিতৰত ডিম্বাশয়ৰ কাৰ্য্যক্ষমতা হ্ৰাস পায় বা ডিম্বাণু নিৰ্গত হোৱাত কিছু ব্যাঘাত জন্মে।

বিভিন্ন অধ্যয়নত কোৱা হৈছে যে ভাৰতীয় মহিলাসকলে ৩৩ বছৰ বয়সৰ পিছত গৰ্ভধাৰণৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব পাৰে। প্ৰথমতে, প্ৰজনন ক্ষমতা হ্ৰাস পোৱাৰ প্ৰৱণতা থাকে, দ্বিতীয়তে, সন্তান জন্ম দিয়াৰ পিছত শিশুটিৰ কিছুমান সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে ৩০ বছৰৰ ভিতৰত সন্তান জন্ম দিয়াটোৱেই উত্তম।

চিকিৎসকৰ মতে, পিচিঅ’ বা পলিচিষ্টিক অভাৰীৰ সমস্যাত এতিয়া প্ৰায়বোৰ মহিলাই ভুগিবলৈ আৰম্ভ কৰিছে। স্ত্ৰীৰোগ বিশেষজ্ঞসকলে কয় যে, ১১ বছৰৰ পৰা ১৮ বছৰ বয়সলৈকে ছোৱালীৰ শৰীৰত পিচিঅ’ৰ প্ৰাদুৰ্ভাৱ যথেষ্ট আতংকজনক। যদি পিচিঅ’ থাকে তেন্তে মহিলাৰ শৰীৰত ইষ্ট্ৰজেন নামৰ হৰম’নৰ নিঃসৰণ বেছি হয়। অনিয়মিত মাহেকীয়া হ’লে তৎক্ষণাত চিকিৎসকৰ কাষ চপাতো প্ৰয়োজনীয়। কাৰণ অতিৰিক্ত ইষ্ট্ৰজেনে জৰায়ুৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। গতিকে বয়স বাঢ়ি যোৱাৰ লগে লগে বিভিন্ন জটিলতা আহিবলৈ আৰম্ভ কৰে। যদি পিচিঅ’এছ সোনকালে ধৰা পৰে তেন্তে সেই অনুসৰি চিকিৎসা কৰিব পাৰি আৰু তাৰ পিছত সন্তানৰ পৰিকল্পনা কৰিব পাৰি।

উল্লেখ্য যে উচ্চ ৰক্তচাপ, ডায়েবেটিছ আৰু থাইৰয়ড – সন্তান জন্ম দিয়াৰ পৰিকল্পনা কৰাৰ আগতে এই তিনিটা পৰীক্ষা কৰিব লাগে। লগতে সন্তান জন্ম দিয়াৰ পৰিকল্পনা কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাতো প্ৰয়োজনীয়।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd