আজিকালি মানুহৰ জীৱনশৈলী আৰু পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ বাবে যথেষ্ট পলমকৈ বিয়াত বহে যুৱতীসকল। বিয়াত বহিলেও লগে লগেই সন্তান জন্ম দিয়াৰ কথা চিন্তা নকৰে। এই ক্ষেত্ৰত এটা প্ৰশ্ন উত্থাপন হয় – সন্তান জন্ম দিয়াৰ উপযুক্ত বয়স কি? কিমান বয়সলৈকে মহিলাসকলে সন্তান জন্ম দিব পাৰে?
বিশেষজ্ঞ চিকিৎসকে কয় যে চল্লিশ বছৰৰ পাছতো মাতৃ হ’ব পাৰি। ৪০ বছৰৰ পাছত সন্তান জন্ম দিয়া মহিলাৰ সংখ্যা আজিকালি বাঢ়ি আহিছে। আনকি পঞ্চাশ বছৰৰ পাছতো বহু মহিলাই মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। কিন্তু চিকিৎসকৰ মতে, এটা বয়সৰ পিছত সন্তান জন্ম দিব পাৰিলেও মহিলাগৰাকীৰ স্বাস্থ্যৰ সমস্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে।
চিকিৎসা বিজ্ঞানৰ মতে মাতৃ হোৱাৰ আদৰ্শ বয়স হ’ল ২১ৰ পৰা ৩০ বছৰ। অৰ্থাৎ এই বয়সত এগৰাকী মহিলাৰ প্ৰজনন ক্ষমতা সৰ্বাধিক। ৩০ৰ পৰা ৩৫ বছৰ বয়সৰ ভিতৰত ডিম্বাশয়ৰ কাৰ্য্যক্ষমতা হ্ৰাস পায় বা ডিম্বাণু নিৰ্গত হোৱাত কিছু ব্যাঘাত জন্মে।
বিভিন্ন অধ্যয়নত কোৱা হৈছে যে ভাৰতীয় মহিলাসকলে ৩৩ বছৰ বয়সৰ পিছত গৰ্ভধাৰণৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব পাৰে। প্ৰথমতে, প্ৰজনন ক্ষমতা হ্ৰাস পোৱাৰ প্ৰৱণতা থাকে, দ্বিতীয়তে, সন্তান জন্ম দিয়াৰ পিছত শিশুটিৰ কিছুমান সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে ৩০ বছৰৰ ভিতৰত সন্তান জন্ম দিয়াটোৱেই উত্তম।
চিকিৎসকৰ মতে, পিচিঅ’ বা পলিচিষ্টিক অভাৰীৰ সমস্যাত এতিয়া প্ৰায়বোৰ মহিলাই ভুগিবলৈ আৰম্ভ কৰিছে। স্ত্ৰীৰোগ বিশেষজ্ঞসকলে কয় যে, ১১ বছৰৰ পৰা ১৮ বছৰ বয়সলৈকে ছোৱালীৰ শৰীৰত পিচিঅ’ৰ প্ৰাদুৰ্ভাৱ যথেষ্ট আতংকজনক। যদি পিচিঅ’ থাকে তেন্তে মহিলাৰ শৰীৰত ইষ্ট্ৰজেন নামৰ হৰম’নৰ নিঃসৰণ বেছি হয়। অনিয়মিত মাহেকীয়া হ’লে তৎক্ষণাত চিকিৎসকৰ কাষ চপাতো প্ৰয়োজনীয়। কাৰণ অতিৰিক্ত ইষ্ট্ৰজেনে জৰায়ুৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। গতিকে বয়স বাঢ়ি যোৱাৰ লগে লগে বিভিন্ন জটিলতা আহিবলৈ আৰম্ভ কৰে। যদি পিচিঅ’এছ সোনকালে ধৰা পৰে তেন্তে সেই অনুসৰি চিকিৎসা কৰিব পাৰি আৰু তাৰ পিছত সন্তানৰ পৰিকল্পনা কৰিব পাৰি।
উল্লেখ্য যে উচ্চ ৰক্তচাপ, ডায়েবেটিছ আৰু থাইৰয়ড – সন্তান জন্ম দিয়াৰ পৰিকল্পনা কৰাৰ আগতে এই তিনিটা পৰীক্ষা কৰিব লাগে। লগতে সন্তান জন্ম দিয়াৰ পৰিকল্পনা কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাতো প্ৰয়োজনীয়।