• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২১ জুনৰ পৰা আৰম্ভ সাংস্কৃতিক অনুষ্ঠান ‘ৰঙালী’ৰ অষ্টম সংস্কৰণ : খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ সংস্কৃতি প্ৰদৰ্শনৰ বৃহৎ আয়োজন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2024 12:27 pm
২১ জুনৰ পৰা আৰম্ভ সাংস্কৃতিক অনুষ্ঠান ‘ৰঙালী’ৰ অষ্টম সংস্কৰণ : খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ সংস্কৃতি প্ৰদৰ্শনৰ বৃহৎ আয়োজন
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ২১, ২২ আৰু ২৩ জুনত গুৱাহাটী খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰঙালীৰ অষ্টম সংস্কৰণৰ আয়োজন কৰা হৈছে। অসমৰ জাতি-জনগোষ্ঠীৰ বৈচিত্ৰ্যময় সংস্কৃতিৰ প্ৰসাৰ আৰু থলুৱা প্ৰতিভা বিকাশৰ প্ৰচেষ্টাৰে ২০১৫ চনত আৰম্ভ হৈছিল ৰঙৰ আলি ৰঙালী। উদ্যমীতা, সমন্বয় আৰু অসমীয়া সমাজৰ সৃষ্টিশীলতাৰ বাহক ৰঙালী কোনো বিহু অনুষ্ঠান নহয়। যোৱা ৭টা সংস্কৰণত ৰঙালী ৰাইজৰ মাজত অতি জনপ্ৰিয় হৈ পৰিল। শান্তনু হাজৰিকাৰ দৰে প্ৰসিদ্ধ চিত্ৰশিল্পী, সংযুক্তা দত্তৰ দৰে বস্ত্ৰ ডিজাইনাৰ, বহু অসমীয়া শিল্পী, উদ্যমী, ফেশ্বন ডিজাইনাৰৰ ৰঙালীৰ মঞ্চতেই জন্ম আৰু বিকাশ ঘটিল। এইবাৰৰ ৰঙালীৰ বিশেষ সংযোজন অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ সংস্কৃতিৰ বৃহৎ প্ৰদৰ্শন। চুতীয়া জনগোষ্ঠীৰ ইতিহাস, সংস্কৃতি, খাদ্যৰ ব্যাপক প্ৰদৰ্শনৰ লগতে থাকিব মটকসকল, বড়োসকল, মৰাণসকল, কোঁচ ৰাজবংশী, ডিমাচাসকল, কাৰ্বিসকল, মিচিংসকল, কৈৱৰ্ত সমাজ, একশৰণ ভাগৱতী সমাজৰ সংস্কৃতিৰ প্ৰদৰ্শন। সত্ৰীয়া শিল্পী মৃদুস্মিতা দাস আৰু ভায়’লিনা বৰদলৈৰ সত্ৰীয়া নৃত্যৰ লগতে ৰঙালীয়ে আয়োজন কৰিছে ৰাভা, দেউৰী, টাই আহোম, গোৰ্খা, চাহ জনগোষ্ঠী, তেজপুৰীয়া থেছপিয়ান ইত্যাদি বিভিন্ন অৰ্কেষ্টাৰ। এইবাৰৰ ৰঙালীত অসমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত সাংস্কৃতিক মহা সংগ্ৰামত বিজয়ীসকলে ভূপেন্দ্ৰ সংগীত, ৰাভা সংগীত, জ্যোতি সংগীত পৰিৱেশন কৰিব।

অসমৰ বহু নবীন শিল্পীৰ উত্থানভূমি ৰঙালীৰ এইবাৰৰ প্ৰধান আকৰ্ষণ ৰঙালী মিউজিক এৱাৰ্ডছ। ৰঙালী মিউজিক এৱাৰ্ডছৰ জৰিয়তে অসমৰ সংগীত জগতৰ কিংবদন্তি গায়ক দ্বীপেন বৰুৱাদেৱক জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হ’ব। ৰঙালী মিউজিক এৱাৰ্ডছৰ অন্যান্য ৭ টা শিতানৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিছে। বিজেতাসকলৰ নাম ২১ জুনৰ সন্ধিয়া ঘোষণা কৰা হ’ব। 

ৰঙালীয়ে উদ্ভৱ কালৰে পৰা থলুৱা উদ্যমীতাৰ প্ৰসাৰৰ প্ৰচেষ্টাৰে নতুন নতুন পদক্ষেপ লৈ আহিছে। ৰঙালীত প্ৰতি বছৰে আয়োজিত ভকেল ফৰ লকেল প্ৰদৰ্শনীত থলুৱা উদ্যোগসমূহে প্ৰদৰ্শনীৰ লগতে ভাল ব্যৱসায় কৰিবলৈ সক্ষম হয়। অসমৰ উদ্যমীতাৰ জগতখনক এক নতুন মাত্ৰা দি ব্যৱসায়-বাণিজ্যৰ প্ৰতি উঠি অহা চামক আগ্ৰহী কৰাৰ লক্ষ্যৰে এইবাৰৰ ৰঙালীয়ে ৰঙালী উদ্যমীতা বঁটাৰ আয়োজন কৰিছে। য’ত অসমৰ বিভিন্ন ক্ষেত্ৰৰ ১০জন নবীন-প্ৰবীণ উদ্যমীক ৰঙালী উদ্যমীতা বঁটা প্ৰদান কৰা হ’ব। এই বঁটাপ্ৰাপকসকল ষ্টাৰ্ট আপৰ পৰা খেতিলৈকে বিভিন্ন ক্ষেত্ৰৰ একোজনকৈ আদৰ্শবান উদ্যমী। ২২ জুনৰ সন্ধিয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰঙালী উদ্যমীতা বঁটা প্ৰদান কৰা হ’ব।

ৰঙালীত চৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয়, অসমৰ উদ্যোগত কলা আৰু ভাস্কৰ্যৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ মঞ্চ আৰু পৰ্যটকসকলৰ বাবে ৰঙালীত কলাৰ অনন্য অনুভূতি। ৰঙালী উত্তৰ পূবৰ ফেশ্বনৰ সবাতোকৈ বৃহৎ মঞ্চ। এইবাৰ উত্তৰ পূবৰ ১৬ গৰাকী ডিজাইনাৰে নিজা সৃষ্টি প্ৰদৰ্শন কৰিব। ফেশ্বন শ্ব’ত অসমৰ বহুকেইগৰাকী জনপ্ৰিয় অভিনেত্ৰী শ্ব’ ষ্টপাৰৰ ৰূপত থাকিব। ৰঙালীৰ অন্যতম হিপ হপ ভিলেজত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১৫০ গৰাকী হিপ হপ শিল্পীয়ে অংশ ল’ব। ৰঙালী গুড ভাইবছ ষ্টেজৰ মুখ্য আকৰ্ষণ বলিউডৰ অতি জনপ্ৰিয় শিল্পী ৰাঘৱ চৈতন্য। বলিউডৰ শিল্পী দিব্যা কুমাৰ থাকিব, দক্ষিণৰ অতি জনপ্ৰিয় পুস্পা আৰু পুস্পা ৰাইজিং চিনেমাখনৰ সংগীত পৰিচালক দেৱী শ্ৰী প্ৰসাদেও ৰঙালীত ২৩ জুনৰ সন্ধিয়া সংগীত পৰিৱেশন কৰিব। লগতে থাকিব অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ, ভাৰতৰ এজন প্ৰসিদ্ধ হিপ হপ আৰ্টিষ্ট ই পি আৰ, ভাৰতৰ অতি জনপ্ৰিয় হিন্দী ৰক বেণ্ড নালায়ক। অসমৰ অভিশ্ৰুতি বেজবৰুৱা, দীপলীনা ডেকা, প্ৰিয়ংকা ভৰালী, প্ৰবীণ বৰা প্ৰমুখ্যে বহু জনপ্ৰিয় শিল্পীয়ে গীত পৰিৱেশন কৰিব। অসমৰ ট্যুৰ অপাৰেটৰ এচছিয়েছন, হোটেল আৰু ৰেষ্টুৰেণ্ট এচছিয়েছন অফ অসমে ৰঙালীলৈ বুলি সহযোগিতা আগবঢ়াইছে। প্ৰতি বছৰৰ দৰে এইবাৰো ৰঙালীত যথেষ্ট সংখ্যক পৰ্যটকৰ আগমণ ঘটিব বুলি আয়োজকসকল আশাবাদী। ৰঙালী পূৰ্বৰ দৰেই এপ্ৰিলৰ শেষ বা মে’ মাহৰ আৰম্ভণিতে অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু নিৰ্বাচনী অধিসূচনাৰ বাবে অনুষ্ঠান জুনৰ শেষত আয়োজন কৰা হ’ল।

ৰঙালীৰ মুখ্য আয়োজক, পৰিকল্পক, বিশিষ্ট উদ্যোগী শ্যামকানু মহন্তই কয় ৰঙালী হৈছে এক সমন্বয়, সৃষ্টিশীলতা আৰু উদ্যমীতাৰ আন্দোলন, এখন নতুন প্ৰগতিশীল অসমৰ সপোন। ৰঙালীৰ প্ৰথম দিনটোত অৰ্থাৎ ২১ জুনৰ সন্ধিয়া অনুষ্ঠানৰ আনুষ্ঠানিক উদ্বোধন কৰিব মাননীয় ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াই। ৰঙালীৰ অষ্টম সংস্কৰণৰ সহযোগী উপস্থাপক বৈভৱম ছুইটছ আৰু ঋষিৰাজ বৰকটকী গ্ৰুপ। অসম সাংস্কৃতিক বিভাগৰ লগতে অসমৰ বহুকেইটা জনগোষ্ঠীয় উন্নয়ন পৰিষদ, বিভিন্ন ছাত্ৰ সংগঠন, জাতীয় সংগঠনসমূহে ৰঙালীত সহযোগিতা আগবঢ়াইছে। ৰঙালী অসমৰ এক বৃহৎ সাংস্কৃতিক আৰু গণ আন্দোলনত পৰিণত হ’ল।

আজিৰ সংবাদ মেলখনত অসমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব কল্যাণ চক্ৰৱৰ্তী, চুতীয়া-মটক-মৰাণ জনগোষ্ঠীয় নেতৃত্ব, ৰঙালীৰ ব্ৰেণ্ড এম্বেচাদৰ জুবিন গাৰ্গ, অনুষ্ঠানটোৰ লগত ওতঃপ্ৰোতঃভাৱে জড়িত বিশিষ্ট অভিনেত্ৰী নিশিতা গোস্বামী, ফেশ্বন ডিজাইনাৰ গৰিমা গাৰ্গ ইত্যাদিসকল উপস্থিত থাকে।

ৰঙালী অনুষ্ঠানটোৰ প্ৰৱেশ বিনামূলীয়া। অসমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব কল্যাণ চক্ৰৱৰ্তীয়ে এই বৃহৎ সাংস্কৃতিক অনুষ্ঠানলৈ সকলো ৰাইজকে আহিবলৈ আহ্বান জনায়। জুবিন গাৰ্গে ৰঙালীক এক বৃহৎ সাংস্কৃতিক আন্দোলন বুলি মন্তব্য কৰে। ৰঙালী ক্ৰমান্বয়ে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিছে। অহা ২১, ২২ আৰু ২৩ জুনত খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় ক্ষেত্ৰলৈ সকলো ৰাইজক আহিবলৈ ৰঙালীৰ আয়োজকসকলে আহ্বান জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগক বাদ পৰা ৬৫ লাখ ভোটাৰৰ নাম কাৰণসহ প্ৰকাশ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

নিৰ্বাচন আয়োগক বাদ পৰা ৬৫ লাখ ভোটাৰৰ নাম কাৰণসহ প্ৰকাশ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 14, 2025 4:54 pm
বন বিভাগত ৫ দশকৰো অধিক কাল সেৱা আগবঢ়াই মৃত্যু কাজিৰঙাৰ মোহনমালাৰ

বন বিভাগত ৫ দশকৰো অধিক কাল সেৱা আগবঢ়াই মৃত্যু কাজিৰঙাৰ মোহনমালাৰ

August 14, 2025 3:58 pm
‘ভোট চুৰি’ৰ দৰে ‘লেতেৰা বাক্যাংশ’ ব্যৱহাৰ নকৰিব, প্ৰমাণ সহকাৰে অভিযোগ কৰক : নিৰ্বাচন আয়োগ

‘ভোট চুৰি’ৰ দৰে ‘লেতেৰা বাক্যাংশ’ ব্যৱহাৰ নকৰিব, প্ৰমাণ সহকাৰে অভিযোগ কৰক : নিৰ্বাচন আয়োগ

August 14, 2025 3:46 pm
 পথৰ কুকুৰক হত্যা কৰাৰ কথা কোনেও কোৱা নাই! উচ্চতম ন্যায়ালয়ত কেন্দ্ৰৰ স্পষ্টীকৰণ

 পথৰ কুকুৰক হত্যা কৰাৰ কথা কোনেও কোৱা নাই! উচ্চতম ন্যায়ালয়ত কেন্দ্ৰৰ স্পষ্টীকৰণ

August 14, 2025 3:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগক বাদ পৰা ৬৫ লাখ ভোটাৰৰ নাম কাৰণসহ প্ৰকাশ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

নিৰ্বাচন আয়োগক বাদ পৰা ৬৫ লাখ ভোটাৰৰ নাম কাৰণসহ প্ৰকাশ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 14, 2025 4:54 pm
বন বিভাগত ৫ দশকৰো অধিক কাল সেৱা আগবঢ়াই মৃত্যু কাজিৰঙাৰ মোহনমালাৰ

বন বিভাগত ৫ দশকৰো অধিক কাল সেৱা আগবঢ়াই মৃত্যু কাজিৰঙাৰ মোহনমালাৰ

August 14, 2025 3:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd