• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচন আয়োগ নেকি? প্ৰশ্ন এপিচিচিৰ সভাপতি ভূপেন বৰাৰ

উপ-নিৰ্বাচনত ৫টা সমষ্টিৰ ৪টাতেই ভাল ফলাফল দেখুৱাব কংগ্ৰেছে : ভূপেন বৰা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 19, 2024 6:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘কেৱল ধৰ্মীয় মেৰুবিভাজনৰ ৰাজনীতি কৰি নিৰ্বাচনত জয়ী হোৱাটো সম্ভৱ নহয়। সেই কথা উত্তৰ-পূবৰ আঞ্চলিক দলসমূহে স্বীকাৰ কৰিছে।’- এনডিএৰ অংশীদাৰ দল এনডিপিপিৰ মুৰব্বী নেফিউ ৰিঅ’ৰ প্ৰস্তাৱ সন্দৰ্ভত এই মন্তব্য কৰিছে এপিচিচিৰ সভাপতি ভূপেন বৰাই।

তেওঁ কয় যে এনডিএৰ লগত থকা নাগালেণ্ডৰ দলটোৱে প্ৰধানমন্ত্ৰীক আনুষ্ঠানিকভাৱে পত্ৰ লিখি ধৰ্মক লৈ ৰাজনীতি নকৰিবলৈ তথা ভাৰতীয় সংবিধান অনুযায়ী ধৰ্মনিৰপেক্ষতা বৰ্তাই ৰাখিবলৈ আহ্বান জনোৱাটোৱে বিজেপিৰ ৰাজনীতিৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে। সভাপতি বৰাই আৰু কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত বেলেগ ধৰণে কথা কৈ আহিছে, যি কথা-বতৰাই অসমৰ ৰাজনৈতিক পৰিৱেশ বিষাক্ত কৰি আহিছে। সভাপতি বৰাই আৰু কয়, ‘নেডাৰ আহ্বায়ক হিচাপে মুখ্যমন্ত্ৰীয়ে এনডিপিপি দলৰ পত্ৰখন সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি দিয়া উচিত। কিয়নো মুখ্যমন্ত্ৰী হৈছে নেডাৰ আহ্বায়ক আৰু এনডিপিপি দলটো নেডাৰ অন্তৰ্গত। গতিকে নেফিঅ’ ৰিঅ’ৰ কথাখিনিক লৈ তেওঁ সন্মত হয় নে নহয় সেয়াও জনাব লাগে। যদি সন্মত নহয় তেন্তে সম্পৰ্ক ছেদ কৰক।’

Apply Now

সংবিধান প্ৰদত্ত যি পথেৰে কংগ্ৰেছে আগবাঢ়িছে, একেটা পথেৰে দেশৰ জনতায়ো যে আগবাঢ়িব বিচাৰিছে সেই কথা এনডিপিপি দলে আওপকীয়াকৈ হ’লেও মানি লৈছে বুলিও ভূপেন বৰাই মন্তব্য কৰে।

আনহাতে, সংবাদিকৰে হোৱা এক বাৰ্তালাপত সভাপতিগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ৰে পৰা স্বয়ম্ভূ নিৰ্বাচন আয়ুক্তৰ দৰে আচৰণ প্ৰদৰ্শন কৰি অহা বুলিও মন্তব্য কৰে। নিৰ্বাচন আয়োগৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে কোনো মন্তব্য অহাৰ পূৰ্বে কিদৰে মুখ্যমন্ত্ৰীয়ে উপ-নিৰ্বাচন নহ’বও পাৰে বুলি ক’বলৈ সাহস কৰিলে সেই সম্পৰ্কেও প্ৰশ্ন উত্থাপন কৰে বৰাই। বিজেপি দলৰ আভ্যন্তৰীণ ৰাজনৈতিক অৱস্থা তথৈবচ হৈ পৰিছে বাবেই মুখ্যমন্ত্ৰীগৰাকীয়ে এনে মন্তব্য কৰিবলৈ আৰম্ভ কৰিছে বুলিও বৰাই উল্লেখ কৰে।

‘বিজেপিৰ ছিদলী সমষ্টিত ভৱিষ্যত নাই। বঙাইগাঁও সমষ্টিটো বিজেপিক অগপে এৰি নিদিয়ে। চামগুৰি সমষ্টিত বিজেপিৰ কোনো আশা নাই। বিহালী সমষ্টিত বিজেপিৰ শোচনীয় পৰাজয় হ’ব। কেৱল ধলাই সমষ্টিত কংগ্ৰেছৰ লগত বিজেপিৰ প্ৰতিদ্বন্দিতা হ’ব। এই ৫টা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ বিজেপিয়ে আশংকাত ভুগি আছে বাবেই বিজেপিয়ে পৰাজয়ৰ গ্লানি সহাতকৈ কিবাকৈ নিৰ্বাচনকে ৰখাই থবলৈ ষড়যন্ত্ৰ ৰচনা কৰিছে।’-বৰাই কয়।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd