• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছল্ট-বেয়াৰষ্টোৰ আক্ৰমণাত্মক বেটিং! ৱেষ্ট ইণ্ডিজক ধৰাশায়ী কৰি ছুপাৰ এইটত মসৃন আৰম্ভণি ইংলেণ্ডৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2024 12:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গ্ৰুপ পৰ্যায়ত চাৰিখন মেচত জয়লাভ কৰি ছুপাৰ এইটত প্ৰৱেশ কৰিছিল ৱেষ্ট ইণ্ডিজে। আনহাতে, ইংলেণ্ডে অষ্ট্ৰেলিয়াৰ পিনে চকু ৰাখি একেবাৰে শেষলৈকে অপেক্ষা কৰিবলগীয়া হৈছিল। ছুপাৰ এইটত যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডে ছেইণ্ট লুচিয়াৰ ডেৰেন ছেমি ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজক বিধ্বস্ত কৰি আন এক বাৰ্তা দিলে।

ইংলেণ্ডৰ ইনিংছত ফিল ছল্টৰ ৪৭ বলত ৮৭ ৰান আৰু জনী বেয়াৰষ্টোৰ ২৬ বলত ৪৮ ৰানেৰে ৱেষ্ট ইণ্ডিজে বান্ধি দিয়া ১৮১ ৰানৰ লক্ষ্য ৮ উইকেট হাতত ৰাখি ১৫টা বল বাকী থকা অৱস্থাতে অতিক্ৰম কৰে।

ৰান চেজত জোছ বাটলাৰৰ সৈতে ছল্টৰ আৰম্ভণিৰ পাৰ্টনাৰশ্বিপে পাৱাৰপ্লেত ৫৮ ৰানকে ধৰি মুঠ ৬৭ ৰান সংগ্ৰহ কৰে। পাৱাৰপ্লেত মূল ভাবুকি বাওঁহতীয়া স্পিনাৰ আকিল হোছেইনক নিৰাপদে পাৰ কৰি যায় যুটীটোৱে। অৱশেষত এই যুটীটো ভাঙি পেলায় যেতিয়া অফ স্পিনাৰ ৰষ্টন চেজে বাটলাৰক এল বি ডব্লিউ কৰে। অফ স্পিনাৰ চেজে সোঁহতীয়া বেটাৰৰ বিৰুদ্ধেও ভাল প্ৰদৰ্শন কৰিছে। কিন্তু প্ৰয়োজন অনুসৰি উইকেট লব পৰা নাছিল ৱেষ্ট ইণ্ডিজে।

Apply Now

বাওঁহতীয়া স্পিনাৰ গুৰাকেশ মোতি আৰু খেলপথাৰৰ বতাহক সন্মুখত ৰাখি ইংলেণ্ডে বাওঁহতীয়া মইন আলীক তিনি নম্বৰত প্ৰেৰণ কৰে। আন্দ্ৰে ৰাছেলৰ শ্বৰ্ট বলত মিড উইকেটত ধৰা পৰা মইনে বেছি আগুৱাব নোৱাৰিলে। মাজতে ৰাণ খেদি কিছু চাপৰ সন্মুখীন হ’লেও ইংলেণ্ডে আৰু কোনো উইকেট হেৰুৱাব লগা নহ’ল। ছল্টে ৩৮টা বলত নিজৰ পঞ্চাশ ৰাণ সম্পূৰ্ণ কৰিছিল।

বেয়াৰষ্ট’ৱে আৰম্ভণিৰে পৰাই আক্ৰমণাত্মক খেলিছিল, ৰান চেজৰ সৈতে যিটো দৰাচলতে আশা কৰা যায়। ১৫ নং অভাৰত তেওঁ শেষ অভাৰ বলিং কৰিবলৈ অহা আকিলৰ সেই অভাৰত ১৬ ৰান তোলে। ছল্টে তাৰপিছত একেবাৰেই সময় লোৱা নাছিল। ১৬ নং অভাৰত ৰোমাৰিয়া শ্বেফাৰ্ডক মৰা ছল্টৰ শ্বটৰ ক্ৰম আছিল — চাৰি, ছয়, চাৰি, ছয়, ছয়, চাৰি। ৩০ ৰানৰ সেই অভাৰটো বিশ্বকাপৰ কেৰিবিয়ান বলাৰৰ সৰ্বোচ্চ খৰচী অভাৰ। ছল্ট আৰু বেয়াৰষ্ট’ৰ ৪৪ বলত ৯৭ ৰানৰ পাৰ্টনাৰশ্বিপে জয় নিশ্চিত কৰে।

ইয়াৰ পূৰ্বে জোছ বাটলাৰে টছত জয়লাভ কৰি আশা কৰা ধৰণে ফিল্ডিং লয়। ৱেষ্ট ইণ্ডিজৰ ইনিংছৰ আৰম্ভণিৰ চাৰিজন বেটছমেনেই ২৩ৰ পৰা ৩৮ ৰানৰ ভিতৰত সংগ্ৰহ কৰে যদিও কোনোৱেই ডাঙৰ স্কোৰ লাভ কৰা নাছিল। অ’পেনাৰ ব্ৰেণ্ডন কিঙে দ্ৰুত আৰম্ভণি কৰিছিল যদিও ১৩টা বলত ২৩ ৰান সংগ্ৰহ কৰি আঘাতপ্ৰাপ্ত হৈ অৱসৰ ল’বলৈ বাধ্য হয়।

জনছন চাৰ্লছ বা যোৱা মেচত আফগানিস্তানক বিধ্বস্ত কৰা নিকোলাছ পুৰানেও সময় ললেও পিছত গৈ ৰানৰ গতি বঢ়াব পৰা নাছিল। দুয়োজনে ৬৬টা বল খেলি ৭৪ ৰান সংগ্ৰহ কৰে। পাৱাৰপ্লেত ৫৪ ৰান আহিছিল যদিও পৰৱৰ্তী ৮ অভাৰত ৬৩ ৰানতকৈ বেছি নহল। বাটলাৰে উইকেট নোপোৱাৰ পিছতো নৱম অভাৰৰ পূৰ্বে আদিল ৰছিদক আক্ৰমণলৈ অনা নাছিল।

অধিনায়ক ৰভমেন পাৱেলে ১৫ অভাৰত লিয়াম লিভিংষ্টনক তিনিটা ছয় মৰাৰ পিছত আয়োজক দলটোৱে গতি লাভ কৰে। কিন্তু ইংৰাজ স্পিনাৰগৰাকীয়ে ২০ ৰানৰ বিনিময়ত পাৱেলক স্তব্ধ কৰাৰ গুৰুত্বপূৰ্ণ কামটো কৰিলে। পৰৱৰ্তী ২ অভাৰত নিকোলাছ পুৰাণ আৰু আন্দ্ৰে ৰাছেলৰ উইকেটে কেৰিবিয়ানৰ গতি আৰু অধিক মন্থৰ কৰে। ডিপ মিডউইকেটত ৰাছেলক ধৰা পেলায় ৰছিদে। সেইদৰে, আৰ্চাৰৰ অফ ষ্টাম্পৰ বাহিৰৰ বল খেলিবলৈ গৈ কট বিহাইণ্ড হয় পুৰাণ।

শেষত নিউজিলেণ্ডৰ পৰা ৱেষ্ট ইণ্ডিজক ৰক্ষা কৰা শ্বাৰফান ৰাদাৰফোৰ্ডে ১৫টা বলত ২৮ ৰানৰ ইনিংছ খেলিছিল যদিও তথাপিও তেওঁলোকে ১৮০ ৰানতকৈ অধিক আগবাঢ়িব নোৱাৰিলে। ১৯ নং অভাৰত ছেম কাৰেনে মাত্ৰ ৬ ৰানহে দিয়ে। এনে উইকেটত ১৮০ ৰান সংগ্ৰহ কৰিলেও ইংলেণ্ডৰ বিৰুদ্ধে জয়ী হ’বনে সেয়া তেতিয়াৰ পৰাই ৱেষ্ট ইণ্ডিজৰ বাবে প্ৰশ্ন হৈ পৰিছিল।

সেয়া যথেষ্ট নহয়, ছল্ট আৰু সহযোগীয়ে সেয়া প্ৰমাণ কৰিলে। ৱেষ্ট ইণ্ডিজৰ ইনিংছত আছিল ৫১টা ডট বল, ইংলেণ্ডৰ ইনিংছত আছিল মাত্ৰ ২৯টা। এই মেচখনত দুয়োটা দলৰ মাজৰ পাৰ্থক্য ইয়াতো দেখা যায়।

সংক্ষিপ্ত স্ক’ৰঃ

ৱেষ্ট ইণ্ডিজঃ ২০ অভাৰত ১৮০/৪ (চাৰ্লছ ৩৮, পাৱেল ৩৬, পুৰাণ ৩৬, ৰাদাৰফোৰ্ড ২৮, কিং ২৩; ম’ইন ১/১৫, লিভিংষ্টোন ১/২০, ৰছিদ ১/২১, আৰ্চাৰ ১/৩৪)

ইংলেণ্ড: ১৮১/২ (ছল্ট ৮৭*, বেয়াৰষ্টো ৪৮*, বাটলাৰ ২৫, ম’ইন ১৩; চেজ ১/১৯, ৰাছেল ১/২১)

ইংলেণ্ডে ৮ উইকেটত জয়লাভ কৰে।

মেন অৱ দ্য মেচ: ফিল ছল্ট (ইংলেণ্ড)। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd