• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনিখন বিশেষ ৰে’লৰ চলাচলৰ সময়সীমাৰ সম্প্ৰসাৰণ, দুখন এক্সপ্ৰেছ ৰে’লৰ ফ্ৰিকোৱেঞ্চি বৃদ্ধি; দৈনিক ভিত্তিত চলিব বিবেক এক্সপ্ৰেছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 25, 2024 12:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে উত্তৰ পূব সীমান্ত ৰে’লৱেই জুলাই, ২০২৪ ৰ প্ৰথম সপ্তাহৰ পৰা তিনিযোৰ বিশেষ ৰে’লৰ সেৱা বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উত্তৰ পূব সীমান্ত ৰে’লৱেই এক বিজ্ঞপ্তিত এই কথা সদৰী কৰিছে।

এই সম্প্ৰসাৰিত সেৱাসমূহৰ ভিতৰত, ৰে’ল নং. ০৫৬৩৬/০৫৬৩৫ (গুৱাহাটী– শ্ৰী গংগানগৰ-গুৱাহাটী) বিশেষ ৰে’লখন উভয় দিশৰ পৰা ১৩ টাকৈ ট্ৰিপৰ বাবে চলাচল কৰিব আৰু ৰে’ল নং. ০৫৯৩২/০৫৯৩১ ( ডিব্ৰুগড়-কলকাতা-ডিব্ৰুগড়), ৰে’ল নং ০৫৬৩৯/০৫৬৪০ (শিলচৰ–কলকাতা-শিলচৰ) একেলগে উভয় দিশৰ পৰা ২৬ টাকৈ ট্ৰিপৰ বাবে চলাচল কৰিব।

এই ৰে’লসমূহৰ বিদ্যমান সেৱাৰ দিন, সময়সূচী আৰু ষ্টপেজৰ সৈতে চলাচল কৰিব। তদুপৰি, উত্তৰ পূব সীমান্ত ৰে’লৱেই দুযোৰ এক্সপ্ৰেছ ৰে’লৰ ফ্ৰিকোৱেঞ্চি অৰ্থাৎ ৰে’ল নং. ২২৫০৪/২২৫০৩ (ডিব্ৰুগড়– কন্যাকুমাৰী- ডিব্ৰুগড়) বিবেক এক্সপ্ৰেছ ৰে’লখন বৰ্তমানৰ পাঁচ দিনৰ পৰা দৈনিক ভিত্তিত আৰু ৰে’ল নং ১৫৬১২/১৫৬১১ (শিলচৰ- ৰঙিয়া – শিলচৰ) সপ্তাহত বৰ্তমান তিনি দিনৰ পৰা ছয় দিনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Apply Now

সেই অনুসৰি, ৰে’ল নং ০৫৬৩৬ (গুৱাহাটী- শ্ৰী গংগানগৰ) বিশেষ ৰে’লখন ০৩ জুলাইৰ পৰা ২৫ছেপ্টেম্বৰ, ২০২৪ লৈ প্ৰতি বুধবাৰে চলাবলৈ সম্প্ৰসাৰিত কৰা হৈছে। উভতনি যাত্ৰাৰ দিশত ৰে’ল নং ০৫৬৩৫ (শ্ৰী গংগানগৰ-গুৱাহাটী) বিশেষ ০৭ জুলাইৰ পৰা ২৯ ছেপ্টেম্বৰ, ২০২৪লৈ প্ৰতি দেওবাৰে চলাবলৈ সম্প্ৰসাৰিত কৰা হৈছে।

ৰে’ল নং ০৫৯৩২ (ডিব্ৰুগড়- কলকাতা) বিশেষ ৰে’লখন ০৬ জুলাইৰ পৰা ২৮ ডিচেম্বৰ, ২০২৪ লৈ প্ৰতি শনিবাৰে চলাবলৈ সম্প্ৰসাৰিত কৰা হৈছে। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৫৯৩১ (কলকাতা- ডিব্ৰুগড়) বিশেষ ৰে’লখন ০৭ জুলাইৰ পৰা ২৯ ডিচেম্বৰ, ২০২৪লৈ প্ৰতি দেওবাৰে চলাচল কৰাবলৈ সম্প্ৰসাৰিত কৰা হৈছে।

ৰে’ল নং ০৫৬৩৯ (শিলচৰ– কলকাতা) বিশেষ ৰে’লখন ০৪ জুলাইৰ পৰা ২৬ ডিচেম্বৰ, ২০২৪ লৈ প্ৰতি বৃহস্পতিবাৰে চলাবলৈ সম্প্ৰসাৰিত কৰা হৈছে। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৫৬৪০ (কলকাতা- শিলচৰ) বিশেষ ৰে’লখন ০৫ জুলাইৰ পৰা ২৭ ডিচেম্বৰ, ২০২৪ লৈ প্ৰতি শুক্ৰবাৰে চলাবলৈ সম্প্ৰসাৰিত কৰা হৈছে।

তদুপৰি,ৰে’ল নং ২২৫০৪/২২৫০৩ (ডিব্ৰুগড়– কন্যাকুমাৰী-ডিব্ৰুগড়) বিবেক এক্সপ্ৰেছৰ ফ্ৰিকোৱেঞ্চি যি পূৰ্বে সপ্তাহত মাত্ৰ পাঁচদিন চলিছিল, এতিয়া সংশ্লিষ্ট দিশৰ পৰা ক্ৰমে ০৮আৰু ১২জুলাই, ২০২৪ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ দৈনিক ভিত্তিত চলাচল কৰিব।

ৰে’ল নং ১৫৬১২/১৫৬১১ (শিলচৰ- ৰঙিয়া – শিলচৰ) এক্সপ্ৰেছৰ ফ্ৰিকোৱেঞ্চি যি পূৰ্বে সপ্তাহত মাত্ৰ তিনিদিন চলাচল কৰিছিল, এতিয়া সপ্তাহত ছয় দিন উভয় দিশত ক্ৰমে ০৮ আৰু ০৯ জুলাই, ২০২৪ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ চলাচল কৰিব। এই সংশ্লিষ্ট পথৰ যাত্ৰীসকলৰ সুবিধাৰ বাবে ৰে’লসমূহ সংশোধিত গঠনেৰে ২২ টা ডবাসহ চলাচল কৰিব।

এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইট, এনটিইএছত উপলব্ধ থকাৰ লগতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া হেণ্ডেলতো অধিসূচিত কৰা হৈ আছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অবলোকন কৰাৰ বাবে অনুৰোধ কৰা হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am
সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

June 15, 2026 9:10 am
এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

June 15, 2026 8:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd