• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আপৰ সদস্য ভৰ্তিৰ বাবে মিছকল নম্বৰ মুকলি : ৰাজ্য জুৰি সাংগঠনিক ভেটি শক্তিশালী কৰাৰ প্ৰয়াস

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 25, 2024 9:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“ৰাজ্যজুৰি শক্তিশালী ৰূপত গঢ়ি তোলা হ’ব আম আদমী পাৰ্টিৰ সাংগঠনিক ভেটি। এই উদ্দেশ্যে আজিৰ পৰাই আৰম্ভ কৰা হয় দলৰ সভ্য ভৰ্তি অভিযান।” মহানগৰীৰ গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই এই কথা ঘোষণা কৰে।

সংবাদমেলত দলত যোগদান কৰিবলৈ এটা মিছকল নম্বৰ মুকলি কৰা হয়। এতিয়াৰ পৰা- ৮০ ১০১০ ২৬২৬ নম্বৰটোত মিছকল দিয়াৰ জৰিয়তে আপত যোগদান কৰিব পাৰিব। দলৰ ৰাষ্ট্ৰীয় নেতা ৰাজেশ শৰ্মাই সংবাদমেলত কয়, ” অসমৰ ৰাইজে ৰাজ্যখনত আম আদমী পাৰ্টি শক্তিশালী ৰূপত প্ৰতিষ্ঠা হোৱাটো বিচাৰে। সেইবাবেই আমি সৰ্বশক্তি প্ৰয়োগ কৰি সংগঠনৰ ভেটি শক্তিশালী কৰাৰ প্ৰয়াস কৰিছোঁ। ৰাজ্যখনত আগন্তুক দিনত অনুষ্ঠিত হ’বলগীয়া প্ৰতিটো নিৰ্বাচনত যুঁজ দিবলৈ আমি বুথ পৰ্যায়ত সংগঠনৰ ভেটি নিৰ্মাণ কৰিম। সেয়েহে সমগ্ৰ অসমতে আম আদমী পাৰ্টিৰ সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিছোঁ। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে যি সকল লোকে পৰিবৰ্তনৰ ৰাজনীতিত বিশ্বাস কৰে তেওঁলোকক আমি আপত যোগদান কৰিবলৈ আহ্বান জনাম। সৰ্বস্তৰৰ ৰাইজৰ সহযোগত আমি গাওঁ পঞ্চায়ত, স্বায়ত্তশাসিত পৰিষদ আৰু বিধান সভাৰ উপ- নিৰ্বাচনত বিজয়ী হোৱাৰ লক্ষ্যৰে কাম কৰিম।

Apply Now

ইতিমধ্যে আপৰ ৰাজ্যিক সমিতি আৰু অন্যান্য কমিটি সমূহ ভংগ কৰি দিয়া হৈছে। ডাঃ ভবেন চৌধুৰী আৰু মনোজ ধানোৱাৰৰ নেতৃত্বত এটা শক্তিশালী ৱৰ্কিং কমিটী গঠন কৰি দিয়া হৈছে। এই কমিটিয়ে দলৰ সংগঠন মজবুত কৰাৰ উপৰি পুনৰনিৰ্মাণৰ কাম আৰম্ভ কৰিছে।

সংবাদমেলত ৱৰ্কিং কমিটীৰ আহ্বায়ক ডাঃ ভবেন চৌধুৰীয়ে কয় যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আপে শক্তিশালী যুঁজত অৱতীৰ্ণ হ’ব। বিধান সভাৰ উপ নিৰ্বাচনতো দলে প্ৰতিদ্বন্দিতা কৰা সন্দৰ্ভত চিন্তা চৰ্চা কৰিব। সেইবাবে তেওঁ ৰাজ্যৰ পৰিবৰ্তনকামী জনতাক আপত যোগদান কৰিবলৈ আহ্বান জনায়।

আনহাতে নৱগঠিত ৱৰ্কিং কমিটীৰ সহ আহ্বায়ক মনোজ ধানোৱাৰে জুলাই মাহৰ ভিতৰতে জিলাই জিলাই নতুন কমিটি গঠন আৰু প্ৰতিখন জিলাতে ব্যাপক সদস্য ভৰ্তি অভিযান চলোৱাৰ সংকল্প ঘোষণা কৰে। তেওঁ বুথ পৰ্যায়ৰ দলীয় সংগঠনৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰে।

দলৰ সদস্যভৰ্তিৰ বাবে মিছকল নম্বৰ মুকলি কৰা এই সংবাদমেলত ৱৰ্কিং কমিটীৰ সদস্য অনুৰূপা ডেকাৰজাই পৰিবৰ্তন আৰু দুৰ্নীতিমুক্ত শাসনব্যৱস্থাৰ স্বাৰ্থত সমাজৰ সকলো স্তৰৰ লোকৰ লগতে মহিলা সমাজকো আপত যোগদান কৰিবলৈ আহ্বান জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd