• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অতিৰিক্ত কৰৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল কেনিয়া; সংঘৰ্ষত ৫জনৰ মৃত্যু, সংসদতো অগ্নিসংযোগ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 26, 2024 11:36 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

800
VIEWS
Share on FacebookShare on Twitter

আফ্ৰিকাৰ এখন সৰু দেশ কেনিয়া অগ্নিগৰ্ভ হৈ পৰিছে। ৰাজধানী নাইৰোবিকে ধৰি দেশৰ বিভিন্ন চহৰৰ ৰাজপথত প্ৰতিবাদকাৰীয়ে ভিৰ কৰিছেহি। মূল্যবৃদ্ধিত জুৰুলা দেশবাসীৰ ওপৰত জাপি দিয়া অতিৰিক্ত কৰৰ বোজাক লৈয়ে কেনিয়াৰ এই অগ্নিগৰ্ভ পৰিস্থিতি।

এই পৰ্যন্ত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ৫জন লোকৰ মৃত্যু হৈছে। এনে পৰিস্থিতিত সেই দেশৰ ভাৰতীয় দূতাবাসে কেনিয়াত থকা ভাৰতীয়সকলক সকীয়াই দিছে। প্ৰয়োজন নহ’লে ঘৰৰ বাহিৰলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে। লগতে উত্তপ্ত স্থানৰ পৰা আঁতৰি থাকিবলৈ কোৱা হৈছে।

মঙলবাৰৰ পৰা কেনিয়াৰ বিভিন্ন প্ৰান্তত অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছে। বিভিন্ন চহৰত প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ সংঘৰ্ষ ঘটিছে। প্ৰতিবাদকাৰীক বাধা দিবলৈ ৱাটাৰ কেনন আৰু কন্দুৱা গেছ নিক্ষেপ কৰা হৈছে। কিন্তু সেইটোৱেও প্ৰতিবাদকাৰীক ক্ষান্ত কৰিব পৰা নাই।

ছ’চিয়েল মিডিয়াত বিয়পি পৰা একাংশ ভিডিঅ’ত অধিক হিংসাৰ ছবি বন্দী হৈছে। ভিডিঅ’ ত দেখা গৈছে যে উন্মত্ত জনতাই দেশৰ সংসদত প্ৰৱেশ কৰি আংশিকভাৱে অগ্নিসংযোগ কৰি দিয়ে।

লগতে পঢ়কঃ লোকসভাত বিৰোধী দলৰ নেতা হ’ব ৰাহুল গান্ধী, ঘোষণা কংগ্ৰেছৰ

সংসদত জুই জ্বলোৱাৰ ঘটনাৰ পিছতে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে গুলীচালনা কৰে। স্থানীয় সংবাদ মাধ্যমৰ মতে, আৰক্ষীৰ গুলীত বহু লোক আহত হৈছে। তেওঁলোকক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীয়ে গুলীচালনা কৰাৰ পিছতে বিক্ষোভকাৰীয়ে সংসদৰ পৰা ওলাই যায় যদিও ৰাজপথত প্ৰতিবাদ অব্যাহত ৰাখে।

ক’ৰ’না ভাইৰাছৰ পিছত কেনিয়াৰ অৰ্থনীতিত যথেষ্ট ক্ষতি হৈছে। ইয়াৰ বাহিৰেও ইউক্ৰেইনত যুদ্ধ, একেৰাহে দুবছৰ খৰাং, মুদ্ৰাৰ মূল্য হ্ৰাস আদি বিভিন্ন সমস্যাই দেশখনৰ অৰ্থনীতিক জুৰুলা কৰিছে। ইয়াৰ প্ৰভাৱ দেশৰ ৰাজকোষৰ লগতে সাধাৰণ মানুহৰ দৈনন্দিন জীৱনতো পৰিছে। নিত্য প্ৰয়োজনীয় বস্তুৰ দাম ভয়ংকৰভাৱে বৃদ্ধি পাইছে। তাৰ উপৰি ধাৰাসাৰ বৰষুণৰ ফলত খোদ মে’ মাহতে দেশত বানৰ সৃষ্টি হয়। বহুতৰে মৃত্যু ঘটে।

এনে পৰিস্থিতিত চৰকাৰৰ কৰ বৃদ্ধিৰ সিদ্ধান্তই দেশবাসীৰ ধৈৰ্য্যচ্যুতি ঘটাইছে। খাদ্য সামগ্ৰীৰ ওপৰত চৰকাৰে ১৬ শতাংশ কৰ আৰোপ কৰিছে। একে সময়তে মটৰ গাড়ীৰ ওপৰত অতিৰিক্ত কৰৰ বোজা জাপি দিয়া হৈছে। এই কৰ বৃদ্ধি বিধেয়কখন সংসদত গৃহীত হোৱাৰ লগে লগে সাধাৰণ ৰাইজে প্ৰতিবাদত উত্তাল কৰি তোলে। ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক। ইয়াৰে এটা অংশই সংসদতো গৈ উপস্থিত হয়।

লগতে পঢ়কঃ APSC কেলেংকাৰি: বিশেষ আদালতে নাকচ কৰিলে SIT ৰ প্ৰতিবেদন, পুনৰ তদন্তৰ নিৰ্দেশ

এনে পৰিস্থিতিত দেশখনত থকা ভাৰতীয় দূতাবাসে কেনিয়াত বসবাস কৰা ভাৰতীয়সকলৰ সুৰক্ষাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰে। এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলত দিয়া এটা পোষ্টত দূতাবাসে কয় যে, “বৰ্তমানৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেনিয়াত বাস কৰা সকলো ভাৰতীয়কে অতি সাৱধান হ’বলৈ পৰামৰ্শ দিয়া হৈছে। প্ৰতিবাদ ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে আৰু পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে অপ্ৰয়োজনীয়ভাৱে বাহিৰলৈ ওলাই যোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।‘’

Recent News

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd