• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বলিভিয়াত সামৰিক অভ্যুত্থানৰ প্ৰচেষ্টা, গ্ৰেপ্তাৰ সেনা প্ৰধান জেনেৰেল জুয়ান জোচে জুনিগা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 27, 2024 12:23 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলিভিয়াত সেনাবাহিনীৰ বিৰুদ্ধে অভ্যুত্থানৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। কিন্তু সেয়া ব্যৰ্থ হ’ল। ইয়াৰ মাজতে ব্যৰ্থ অভ্যুত্থানৰ নেতৃত্ব দিয়া দেশখনৰ সেনা প্ৰধান জেনেৰেল জুয়ান জোচে জুনিগাক ততাতৈয়াকৈ বৰ্খাস্ত কৰে ৰাষ্ট্ৰপতি লুইছ আৰ্চিয়ে। তাৰ পিছত তেওঁক দেশখনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বুধবাৰে ৰাজধানী লা পাজত থকা দেশখনৰ ৰাষ্ট্ৰপতিৰ বাসগৃহকে ধৰি গুৰুত্বপূৰ্ণ চৰকাৰী ভৱনসমূহত সেনাবাহিনীৰ সদস্যসকলে অভিযান চলায়।

এই সময়ত ৰাষ্ট্ৰপতিৰ বাসগৃহৰ মূল গেট ভাঙি পেলোৱাৰ প্ৰয়াস কৰা হৈছিল। দেশৰ ৰাষ্ট্ৰপতি লুই আৰ্চিয়ে সেনাবাহিনীৰ এই কাৰ্যক গৰিহণা দিয়ে।

Apply Now

স্থানীয় সময় অনুসৰি বুধবাৰে লা পাজৰ ঐতিহাসিক প্লাজা মুৰিলো চৌহদত জোৱানৰ সমাগম হ’বলৈ আৰম্ভ কৰে। সেই সময়ত টেংক আৰু অন্যান্য সজ্জিত বাহনসমূহো তেওঁলোকৰ লগত আছিল। প্লাজা মুৰিলো চৌহদত বলিভিয়াৰ ৰাষ্ট্ৰপতিৰ বাসগৃহ আৰু কংগ্ৰেছ ভৱন আছে। অভিযানৰ এটা পৰ্যায়ত এখন টেংকে ৰাষ্ট্ৰপতিৰ বাসগৃহৰ ধাতুৰ গেট ভাঙিবলৈ চেষ্টা কৰে।

লগতে পঢ়কঃ ৮ বছৰ বয়সতে বিয়া! দুটা সন্তানৰ মাতৃগৰাকী এতিয়া চিকিৎসক; নীট পিজিৰ বাবে চলাইছে প্ৰস্তুতি

এই অভিযানৰ সময়ত ৰাষ্ট্ৰপতিৰ বাসগৃহৰ বাহিৰত সেনা প্ৰধান জেনেৰেল জুয়ান জোচে জুনিগাকে অৱস্থান কৰিছিল। সৈন্যসহ আঠখন টেংকে তেওঁক আৱৰি ৰাখিছিল। সেই সময়ত চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি তেওঁ কয় যে সশস্ত্ৰ বাহিনীয়ে দেশত গণতন্ত্ৰ পুনৰুদ্ধাৰ কৰিব বিচাৰে, প্ৰকৃত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব বিচাৰে। আঙুলিৰ মূৰত গণিব পৰা ৪০-৫০ জন লোকক দেশ চলাবলৈ দিয়া নহ’ব।

ঘটনাৰ কিছু সময়ৰ পিছতে ৰাষ্ট্ৰপতি আৰ্চিয়ে জুয়ান জোচে জুনিগাক পদৰ পৰা বৰ্খাস্ত কৰে। জোচে উইলছন ছানচেজক নতুন সেনা প্ৰধান হিচাপে নিযুক্তি দিয়া হয়। তেওঁ সৈনিকসকলক নিজৰ নিজৰ বেৰেকলৈ উভতি যাবলৈ নিৰ্দেশ দিয়ে। ৰাষ্ট্ৰপতিয়েও এই আহ্বান জনায়। ইয়াৰ কিছু সময়ৰ পিছতে প্লাজা মুৰিলো চৌহদৰ পৰা সৈন্য আৰু টেংক আঁতৰি অহা দেখা যায়।

সামৰিক অভিযানৰ সময়ত টেলিভিছনযোগে প্ৰেৰণ কৰা বাৰ্তাযোগে ৰাষ্ট্ৰপতি আৰ্চিয়ে জনসাধাৰণক গণতন্ত্ৰৰ পক্ষত থিয় দি অভ্যুত্থানৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান জনায়। প্ৰাক্তন ৰাষ্ট্ৰপতি ইভো ম’ৰালেছেও দেশবাসীৰ প্ৰতি একেধৰণৰ আহ্বান জনাই কয় যে “এটা অভ্যুত্থান ঘটিছে”।

লগতে পঢ়কঃ ছন্দপতন! ছেমিফাইনেলত স্বপ্নভংগ আফগানিস্তানৰ, প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকা

ইপিনে, মঙলবাৰৰ পৰা সেনা প্ৰধান পদৰ পৰা জুনিগাক অপসাৰণ কৰা হ’ব পাৰে বুলি জল্পনা-কল্পনা চলিছিল। সোমবাৰে টেলিভিছনযোগে দিয়া ভাষণত তেওঁ সকীয়াই দিছিল যে ২০২৫ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ চেষ্টা কৰিলে প্ৰাক্তন ৰাষ্ট্ৰপতি ম’ৰালেছক গ্ৰেপ্তাৰ কৰা হ’ব।

মৰালেছ হৈছে বলিভিয়াৰ প্ৰথমজন সংখ্যালঘু জনগোষ্ঠীয় ৰাষ্ট্ৰপতি। এই বাওঁপন্থী নেতাজন দেশত অতি জনপ্ৰিয় আছিল। সংবিধান সংশোধন কৰি ২০১৯ চনত চতুৰ্থবাৰৰ বাবে ক্ষমতা দখল কৰিবলৈ চেষ্টা কৰাৰ পিছত তেওঁৰ জনপ্ৰিয়তা হ্ৰাস পায়। সেই নিৰ্বাচনত তেওঁ জয়ী হৈছিল। কিন্তু দেশজুৰি ব্যাপক প্ৰতিবাদৰ মাজতে তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হয়। তেওঁ দেশ এৰি পলায়ন কৰিব লগা হৈছিল। পিছলৈ লুই আৰ্চি ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিছত তেওঁ দেশলৈ উভতি আহে।

বলিভিয়াত সামৰিক অভ্যুত্থানৰ চেষ্টাক গৰিহণা দিছে বিশ্বৰ বিভিন্ন দেশে। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভাই ছ’চিয়েল মিডিয়াত লিখিছে, ‘মই গণতন্ত্ৰ ভাল পাওঁ, আৰু মই সমগ্ৰ লেটিন আমেৰিকাতে গণতন্ত্ৰ জীয়াই থকাটো বিচাৰো। বলিভিয়াত যিকোনো অভ্যুত্থানক আমি গৰিহণা দিছো।’

লগতে পঢ়কঃ নিশাই চিকিৎসালয়ত ভৰ্তি আদৱানী, কেনে আছে ৯৬ বৰ্ষীয় নেতাগৰাকী? কি জনালে দিল্লী এইমছে?

স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে এক্স হেণ্ডলত বলিভিয়াৰ সকলো দলকে গণতন্ত্ৰ আৰু আইনৰ শাসনক সন্মান কৰিবলৈ আহ্বান জনায়। আনহাতে, আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ এগৰাকী মুখপাত্ৰই কয় যে আমেৰিকা প্ৰশাসনে বলিভিয়াৰ বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে। একে সময়তে দেশৰ সকলোকে শান্ত হৈ থাকিবলৈ আহ্বান জনায়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd