অন্ত পৰিল অষ্টাদশ লোকসভা নিৰ্বাচনৰ। এন ডি এ মিত্ৰজোঁটে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিলে।
লোকসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতে নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেনে সমালোচনা কৰিছে বিজেপি চৰকাৰক। তেওঁ কয় যে ভাৰত হিন্দু ৰাষ্ট্ৰ নহয়, ভাৰতীয় ভোটাৰৰ মতামত এই নিৰ্বাচনত প্ৰতিফলিত হৈছে। তদুপৰি কংগ্ৰেছকো সমালোচনা কৰে অৰ্থনীতিবিদগৰাকীয়ে।
বুধবাৰে সন্ধিয়া ডুমডুম বিমানবন্দৰত উপস্থিত হয় অমৰ্ত্য সেন। সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত তেওঁ সাংবাদিকৰ সন্মুখত কয়, “ভাৰত হিন্দু ৰাষ্ট্ৰ নহয়, ভাৰতীয় ভোটাৰৰ মতামত এই নিৰ্বাচনত প্ৰতিফলিত হৈছে।
ইয়াৰ পিছত ৰাম মন্দিৰৰ কথা উল্লেখ কৰি তেওঁ কয় – “তেওঁলোকে বহুত খৰচ কৰি এটা ডাঙৰ মন্দিৰ সাজিছে। ইয়াৰ দুটা ফাল আছে। এটা হ’ল ভাৰতবৰ্ষক হিন্দু ধৰ্মৰ দৃষ্টিকোণৰ পৰা চোৱা। মহাত্মা গান্ধী, ৰবীন্দ্ৰনাথ ঠাকুৰ, সুভাষ চন্দ্ৰ বসুৰ দেশত এনে হোৱাৰ কথা নহয়।”
ইয়াৰ পিছত নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদগৰাকীয়ে দেশত ধনী আৰু দুখীয়াৰ মাজত বৃদ্ধি পোৱা বৈষম্য সন্দৰ্ভত কয়, “ধনীৰ ওপৰত নিৰ্ভৰশীলতা অধিক, দুখীয়াক অৱহেলা কৰাৰ প্ৰথা এইখন চৰকাৰত দীৰ্ঘদিন ধৰি চলি আহিছে। যি কেবিনেট গঠন হৈছে সেয়া পূৰ্বৰ কেবিনেটৰ দৰেই। মন্ত্ৰীসকল সকলো একে। অলপ সালসলনি কৰিলেও ৰাজনৈতিকভাৱে শক্তিশালীসকল এতিয়াও শক্তিশালী।”
দেশৰ অর্থনীতি সন্দর্ভত নিজৰ মতামত প্রদান কৰাৰ সময়তে তেওঁ কয়, “দেশত নিবনুৱা সমস্যা বৃদ্ধি পাইছে৷ শিক্ষা, স্বাস্থ্য অৱহেলিত। প্ৰাথমিক শিক্ষা আৰু স্বাস্থ্যৰ প্ৰতি অৱহেলা নিবনুৱা সমস্যা বৃদ্ধিৰ লগত জড়িত। কংগ্ৰেছ আৰু বাওঁপন্থীক লৈ আপত্তি উত্থাপন কৰিব পাৰো। কিন্তু বৰ্তমান চৰকাৰৰ দিনত মই তাতকৈ বেছি কষ্ট পাইছো। আমি এই পৰিস্থিতি সলনি কৰিব লাগিব।”
তেওঁ কয়, কিন্তু এইবাৰ নিৰ্বাচনত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা নাপালে। বিৰোধী দল বহুত শক্তিশালী হৈ পৰিছে।”
নোবেল বিজয়ী অৰ্থনীতিবিদগৰাকীৰ মতে, “আমি আশা কৰিছো যে নিৰ্বাচনে কিছু পৰিৱৰ্তন আনিব। বিশেষকৈ যিহেতু ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ। আমাৰ সংবিধানো ধৰ্মনিৰপেক্ষ। মই ভাবো ইয়াক হিন্দুত্বকৰণ কৰাতো উচিত নহয়।”