• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ অপপ্ৰচাৰক লৈ প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

নৰ্থ ইষ্ট নাও অসমীয়া by নৰ্থ ইষ্ট নাও অসমীয়া
July 2, 2024 9:04 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিৰোধী দলপতি ৰাহুল গান্ধীয়ে সোমবাৰে সংসদত ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ সময়ত প্ৰদান কৰা ভাষণক লৈ অপপ্ৰচাৰত নামি পৰিছে বিজেপি দল। মঙলবাৰে ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি এই অভিযোগ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ নেত্ৰী ববিতা শৰ্মাই বিজেপিৰ এনে কাৰ্যক গৰিহণা প্ৰদান কৰি কয় যে ৰাহুল গান্ধীয়ে সত্য কথা কোৱা বাবেই ভীতিগ্ৰস্ত হৈ শাসনাধিষ্ঠিত দলটোৱে অপপ্ৰচাৰ চলাইছে। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয়, ”ৰাহুল গান্ধীয়ে সংসদত যি কথা কৈছে সেয়া সকলোৱে জানে যে হিন্দু ধৰ্মত হিংসাৰ কোনো স্থান নাই। তেওঁ আৰু কৈছে যে যেতিয়াৰে পৰা বিজেপি দল শাসনলৈ আহিছে তেতিয়াৰে পৰা আমাৰ দেশত হিংসা আৰু বিদ্বেষময় এক পৰিৱেশৰ সৃষ্টি হৈছে। লগতে যিসমূহ ৰাজ্যত বিজেপিৰ শাসন চলে সেই ৰাজ্যসমূহতো এনে পৰিৱেশৰ উদ্ভৱ হৈ আহিছে। এয়া সত্য কথা।’’ ৰাহুল গান্ধীয়ে কোৱা কথা যদিহে বিজেপিয়ে মিছা বুলি ক’ব খোজে তেন্তে আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে মণিপুৰত হোৱা হিংসা-বিদ্বেষৰ ঘটনাক লৈ মোদী চৰকাৰক কিয় গুৰুত্ব দিবলৈ আহ্বান জনাবলগীয়া হৈছিল বুলিও প্ৰশ্ন কৰে।

ববিতা শৰ্মাই আৰু কয়, ”গুজৰাটৰ গোধৰাত যেতিয়া সাম্প্ৰদায়িক ঘটনা সংঘটিত হৈছিল তেতিয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈ থকা নৰেন্দ্ৰ মোদীক তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ৰাজধৰ্ম পালন কৰিবলৈ সোঁৱৰাই দিবলগীয়া হৈছিল। এই ঘটনাসমূহে বাৰম্বাৰ ইয়াকে প্ৰমাণ কৰে যে মোদীৰ ৰাজনীতি তথা মোদী নেতৃত্বাধীন বিজেপিৰ ৰাজনীতি হৈছে হিংসা-বিদ্বেষেৰে ভৰপূৰ ৰাজনীতি।’’ সত্য কেতিয়াও লুকাই নাথাকে বুলি উল্লেখ কৰি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে বিজেপিয়ে ৰাহুল গান্ধীক লৈ অপপ্ৰচাৰত লিপ্ত হোৱাৰ পৰিৱৰ্তে বিদ্বেষ আৰু বিভাজনৰ ৰাজনীতি পৰিহাৰ কৰি শান্তি আৰু ভাতৃত্ববোধৰ ৰাজনীতিৰে দেশৰ জনসাধাৰণক সকাহ প্ৰদান কৰা উচিত। কিন্তু তাকে নকৰি বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ পৰা আৰম্ভ কৰি অসমৰ নেতাসকলেও সংবাদ মাধ্যমৰ আগত সততেই বিভাজনকামী মন্তব্যহে কৰি আহিছে বুলিও কংগ্ৰেছ নেত্ৰীগৰাকীয়ে অভিযোগ কৰে।

Apply Now

তেওঁ কয়, ”বিভাজনকামী ৰাজনৈতিক মন্তব্যই দেশৰ কোনো উন্নয়ন নকৰে। এনে মন্তব্যই দেশখনক অস্থিৰ কৰি তোলে। তাৰপিছতো বাৰম্বাৰ বিজেপিৰ নেতাসকলে ক্ষমতাৰ বাবে এনে কৰি অহাতো অতিশয় দুৰ্ভাগ্যজনক।’’ সংসদত ৰাহুল গান্ধীয়ে আগবঢ়োৱা ভাষণৰ কিছু অংশ সদনৰ ৰেকৰ্ডৰ পৰা প্ৰত্যাহাৰ কৰাক লৈয়ো বিজেপি চৰকাৰক সমালোচনা কৰে কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাই। তেওঁ কয়, ”চৰকাৰৰ হেঁচাত সদনৰ ৰেকৰ্ডৰ পৰা ৰাহুল গান্ধীৰ মন্তব্যৰ কিছু অংশ প্ৰত্যাহাৰ কৰা হৈছে। কিন্তু ৰাহুল গান্ধীয়ে কোৱা সকলো কথা সমগ্ৰ দেশে শুনিছে, সমগ্ৰ বিশ্বই শুনিছে।

গতিকে বিজেপি আৰু মোদী চৰকাৰৰ ভয়-ভাবুকিয়ে ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলক মুঠেই সন্ত্ৰস্ত কৰিব নোৱাৰে। ৰাহুল গান্ধীক লৈ অপপ্ৰচাৰ চলাই লাভ নাই, ৰাহুল গান্ধীয়ে সদায় সত্যটো কৈয়েই যাব।’’ আনহাতে সংবাদমেলত উপস্থিত থাকি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি নিয়ন্ত্ৰণত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলিও অভিযোগ কৰে। তেওঁ কয় যে মথাউৰি সময়মতে মেৰামতি নিৰ্মাণ নকৰাৰ বাবেই আজি ৰাজ্যৰ ভিন্নপ্ৰান্তত ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে।

হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈয়ো চৰকাৰে মথাউৰিসমূহ ভালদৰে কিয় নিৰ্মাণ কৰিব নোৱাৰিলে বুলিও প্ৰশ্ন কৰে বেদব্ৰত বৰাই। চৰকাৰে লোৱা ঋণৰ বিনিময়তো সাধাৰণ জনতাই প্ৰাণ দিবলগীয়া হৈছে বুলি অভিযোগ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তৰ ঠিকাদাৰ ভাতৃয়ে নিৰ্মাণ কৰা মথাউৰি কি কাৰণত বাৰে বাৰে ভাগে তাৰ তদন্ত কৰিবলৈকো চৰকাৰক দাবী জনায়। আজিৰ সংবাদমেলত কংগ্ৰেছৰ উপ-সভাপতি গুণকান্ত গগৈ, সাধাৰণ সম্পাদক বিপুল গগৈ আৰু মিডিয়া বিভাগৰ সাধাৰণ সম্পাদক গোপাল শৰ্মায়ো অংশগ্ৰহণ কৰে।

নৰ্থ ইষ্ট নাও অসমীয়া

নৰ্থ ইষ্ট নাও অসমীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

October 9, 2026 6:04 pm
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰথম জামিন অমৃতপ্ৰভা মহন্তৰ : ৫০ হাজাৰ টকাৰ বণ্ডত মুক্তিৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰথম জামিন অমৃতপ্ৰভা মহন্তৰ : ৫০ হাজাৰ টকাৰ বণ্ডত মুক্তিৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

October 9, 2026 5:44 pm
সূৰ্য্যত ভয়ংকৰ বিস্ফোৰণ,পৃথিৱীৰ দিশে আহি আছে সৌৰ ছুনামী, কি হ’ব পাৰে?

সূৰ্য্যত ভয়ংকৰ বিস্ফোৰণ,পৃথিৱীৰ দিশে আহি আছে সৌৰ ছুনামী, কি হ’ব পাৰে?

October 9, 2026 3:34 pm
মাত্ৰ এটকাতেই লাভলীনাই লাভ কৰিব চাৰিবিঘা ভূমি  : পলাশবাৰীত স্থাপনৰ কৰা হ’ব বক্সিং একাডেমী

মাত্ৰ এটকাতেই লাভলীনাই লাভ কৰিব চাৰিবিঘা ভূমি  : পলাশবাৰীত স্থাপনৰ কৰা হ’ব বক্সিং একাডেমী

October 9, 2026 3:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

October 9, 2026 6:04 pm
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰথম জামিন অমৃতপ্ৰভা মহন্তৰ : ৫০ হাজাৰ টকাৰ বণ্ডত মুক্তিৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰথম জামিন অমৃতপ্ৰভা মহন্তৰ : ৫০ হাজাৰ টকাৰ বণ্ডত মুক্তিৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

October 9, 2026 5:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd