মুম্বাইৰ চেম্বুৰৰ আচাৰ্য আৰু মাৰাঠী মহাবিদ্যালয়ত নিষিদ্ধ কৰা হৈছে জিন্স আৰু টি-চাৰ্ট । মহাবিদ্যালয় কৰ্তৃপক্ষই এই সন্দৰ্ভত জাননী জাৰি কৰিছে। মন কৰিবলগীয়া যে শেহতীয়াকৈ বম্বে উচ্চ ন্যায়ালয়ে মহাবিদ্যালয়ত হিজাব নিষিদ্ধকৰণ সন্দৰ্ভত এক গোচৰ খাৰিজ কৰিছে।
২৭ জুনত মহাবিদ্যালয় কৰ্তৃপক্ষই ড্ৰেছ কোড আৰু অন্যান্য নিয়ম সন্দৰ্ভত জাননী জাৰি কৰে। জাননী অনুসৰি মহাবিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীয়ে ফাটি যোৱা জিন্স বা কোনো ধৰণৰ উন্মোচনকাৰী কাপোৰ পিন্ধিব নোৱাৰিব।
মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিদ্যাগুৰি লেলেৰ স্বাক্ষৰিত এই নিৰ্দেশনাত কোৱা হৈছে যে শিক্ষাৰ্থীয়ে শিক্ষানুষ্ঠানৰ ভিতৰত বিনয়ী আৰু আনুষ্ঠানিক সাজ-পোছাক পৰিধান কৰিব লাগিব। কেৱল ল’ৰাৰ বাবে ফুল বা হাফ চাৰ্ট আৰু ট্ৰাউজাৰ আৰু ছোৱালীৰ বাবে ভাৰতীয় বা পশ্চিমীয়া কাপোৰ নিৰ্দ্ধাৰণ কৰা হৈছে।
নিৰ্দেশ অনুসৰি কলেজৰ ভিতৰত কোনো ধৰণৰ ধৰ্মীয় প্ৰতীক থকা বুৰ্খা, নিকাব, হিজাব, বেজ, টুপী বা ষ্টোল পিন্ধিব নোৱাৰিব।
গোভান্দি নাগৰিক সন্থাৰ আতিক খানে কয়, “যোৱা বছৰ কলেজ কৰ্তৃপক্ষই হিজাব নিষিদ্ধ কৰিছিল। এইবাৰ তেওঁলোকে জিন্স আৰু টি-চাৰ্ট নিষিদ্ধ কৰিছে, যিটো কেৱল কলেজলৈ যোৱা যুৱক-যুৱতীসকলেই নহয়, জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৱে পিন্ধে। ছাত্ৰ-ছাত্ৰীৰ ওপৰত ড্ৰেছ কোড জাপি দিয়া হয় কিয় আমি বুজি নাপাওঁ।”
এই জাননীৰ বিৰুদ্ধে এজন কলেজীয়া ছাত্ৰই আপত্তি কৰি এখন বাতৰি কাকতৰ আগত কয়, ‘জিন্স পিন্ধিলে কোনো আপত্তি থাকিব নালাগে বুলি মই নাভাবো। মহাবিদ্যালয় পৰিচালনা সমিতিয়ে ছাত্ৰ-ছাত্ৰীৰ বৰ্তমানৰ জীৱনশৈলী বিবেচনা কৰি সিদ্ধান্ত সলনি কৰিব লাগিব।”