• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিবিচিৰ সাংবাদিকৰ পত্নীসহ দুই কন্যাক হত্যা; সন্দেহযুক্ত হত্যাকাৰীক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2024 12:17 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পূব ইংলেণ্ডৰ হাৰ্টফোৰ্ডশ্বাইৰৰ বুছি চহৰত বিবিচিৰ এগৰাকী সাংবাদিকৰ পত্নী আৰু দুগৰাকী কন্যাক ক্ৰছব’ৰে (একপ্ৰকাৰ ধনু) হত্যা কৰা হৈছে। নিহত তিনিগৰাকী মহিলা বিবিচি ফাইভ লাইভৰ ৰেচিং কমেণ্টেটৰ জন হাণ্টৰ পত্নী আৰু কন্যা।

মৃত্যু হোৱা লোকসকল হৈছে জন হাণ্টৰ ৬১ বছৰীয়া পত্নী কেৰল হাণ্ট আৰু তেওঁৰ দুগৰাকী কন্যা ২৮ বছৰীয়া হান্না হাণ্ট আৰু ২৫ বছৰীয়া লুইছ হাণ্ট। হাণ্টে ৩০ বছৰতকৈও অধিক সময় ধৰি বিবিচিৰ ৰেচিং কমেণ্টেটৰ হিচাপে কাম কৰি আহিছে। প্ৰেছ আৰু ৰেচিং অনুৰাগীৰ মাজত তেওঁ যথেষ্ট জনপ্ৰিয়।

যোৱা মঙলবাৰে স্থানীয় সময় অনুসৰি সন্ধিয়া ৭ বজাত বুছিৰ এছলী ক্ল’জ অঞ্চলৰ এটা ঘৰত তিনিজনক গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰা হয় আৰু আইন শৃংখলা বিভাগৰ বিষয়াই তেওঁলোকক ঘটনাস্থলীতে মৃত বুলি ঘোষণা কৰে।

Apply Now

লগতে পঢ়কঃ শেষ মুহূৰ্তৰ গ’লেৰে নেদাৰলেণ্ডক হৰুৱাই ইউৰোৰ ফাইনেলত ইংলেণ্ড; সন্মুখত লেমিনৰ স্পেইন

ব্ৰিটেইনৰ আৰক্ষীয়ে কাইল ক্লিফৰ্ড নামৰ এজন লোকক সন্দেহযুক্ত হত্যাকাৰী হিচাপে চিনাক্ত কৰিছে। ২৬ বছৰীয়া ক্লিফৰ্ড এনফিল্ডৰ, যিয়ে কিছুদিন ব্ৰিটিছ সেনাবাহিনীত সেৱা আগবঢ়াইছিল বুলি জনা গৈছে।

বুধবাৰে (১০ জুলাই) স্থানীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৬.২০ বজাত এনফিল্ডৰ লেভেণ্ডাৰ হিল সমাধিস্থানত আৰক্ষীয়ে ক্লিফৰ্ডক গ্ৰেপ্তাৰ কৰে। শৰীৰৰ বিভিন্ন অংশত আঘাতপ্ৰাপ্ত অৱস্থাত ধৰা পৰা ক্লিফৰ্ড চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। কিন্তু আৰক্ষীয়ে তেওঁক গুলীওৱা নাছিল।

এই ত্ৰিপল মাৰ্ডাৰৰ আঁৰৰ কাৰণ জানিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে। ক্লিফৰ্ডে ক্ৰছব’ৰে তিনিজন লোকক হত্যা কৰি উত্তৰ লণ্ডনলৈ পলায়ন কৰা বুলি তথ্য লাভ কৰাৰ পিছত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ এক বৃহৎ অভিযান আৰম্ভ কৰে।

বেডফোৰ্ডশ্বাইৰ, কেম্ব্ৰিজশ্বায়াৰ আৰু হাৰ্টফোৰ্ডশ্বাইৰ মেজৰ ক্ৰাইম ইউনিটৰ ডিটেক্টিভ ইন্সপেক্টৰ জাষ্টিন জেনকিন্সে কয় যে ভুক্তভোগীৰ পৰিয়ালে এক কঠিন সময়ৰ মাজেৰে পাৰ হৈ আহিছে। যিবোৰ তথ্য ওলাইছে, আমি এই সময়ত অনুৰোধ কৰিছো, সকলোৱে যাতে তেওঁলোকৰ ব্যক্তিগত গোপনীয়তাক সন্মান কৰি বক্তৱ্য ৰাখে।

লগতে পঢ়কঃ গুৱাহাটীত আটক “ভুৱা চিকিৎসক”, বছৰ বছৰ ধৰি চলাই আহিছিল ক্লিনিক

এই আৰক্ষী বিষয়াজনে কয়, তেওঁলোকে এজন সন্দেহযুক্ত লোকক আটক কৰিছে। অৱশ্যে তেওঁৱেই চূড়ান্ত দোষী নে সেয়া নিশ্চিত হোৱা নাই। অৱশ্যে এই ঘটনাত সম্প্ৰতি আন কোনো সন্দেহজনক লোকৰ সন্ধান কৰা হোৱা নাই বুলিও তেওঁ অৱগত কৰে।

ইফালে ব্ৰিটেইনৰ গৃহ সচিব ইভেট কুপাই ঘোষণা কৰিছে যে হত্যাকাণ্ডৰ পিছত ক্ৰছব’ আইন কঠোৰ কৰা হ’ব। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd