পূব ইংলেণ্ডৰ হাৰ্টফোৰ্ডশ্বাইৰৰ বুছি চহৰত বিবিচিৰ এগৰাকী সাংবাদিকৰ পত্নী আৰু দুগৰাকী কন্যাক ক্ৰছব’ৰে (একপ্ৰকাৰ ধনু) হত্যা কৰা হৈছে। নিহত তিনিগৰাকী মহিলা বিবিচি ফাইভ লাইভৰ ৰেচিং কমেণ্টেটৰ জন হাণ্টৰ পত্নী আৰু কন্যা।
মৃত্যু হোৱা লোকসকল হৈছে জন হাণ্টৰ ৬১ বছৰীয়া পত্নী কেৰল হাণ্ট আৰু তেওঁৰ দুগৰাকী কন্যা ২৮ বছৰীয়া হান্না হাণ্ট আৰু ২৫ বছৰীয়া লুইছ হাণ্ট। হাণ্টে ৩০ বছৰতকৈও অধিক সময় ধৰি বিবিচিৰ ৰেচিং কমেণ্টেটৰ হিচাপে কাম কৰি আহিছে। প্ৰেছ আৰু ৰেচিং অনুৰাগীৰ মাজত তেওঁ যথেষ্ট জনপ্ৰিয়।
যোৱা মঙলবাৰে স্থানীয় সময় অনুসৰি সন্ধিয়া ৭ বজাত বুছিৰ এছলী ক্ল’জ অঞ্চলৰ এটা ঘৰত তিনিজনক গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰা হয় আৰু আইন শৃংখলা বিভাগৰ বিষয়াই তেওঁলোকক ঘটনাস্থলীতে মৃত বুলি ঘোষণা কৰে।
লগতে পঢ়কঃ শেষ মুহূৰ্তৰ গ’লেৰে নেদাৰলেণ্ডক হৰুৱাই ইউৰোৰ ফাইনেলত ইংলেণ্ড; সন্মুখত লেমিনৰ স্পেইন
ব্ৰিটেইনৰ আৰক্ষীয়ে কাইল ক্লিফৰ্ড নামৰ এজন লোকক সন্দেহযুক্ত হত্যাকাৰী হিচাপে চিনাক্ত কৰিছে। ২৬ বছৰীয়া ক্লিফৰ্ড এনফিল্ডৰ, যিয়ে কিছুদিন ব্ৰিটিছ সেনাবাহিনীত সেৱা আগবঢ়াইছিল বুলি জনা গৈছে।
বুধবাৰে (১০ জুলাই) স্থানীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৬.২০ বজাত এনফিল্ডৰ লেভেণ্ডাৰ হিল সমাধিস্থানত আৰক্ষীয়ে ক্লিফৰ্ডক গ্ৰেপ্তাৰ কৰে। শৰীৰৰ বিভিন্ন অংশত আঘাতপ্ৰাপ্ত অৱস্থাত ধৰা পৰা ক্লিফৰ্ড চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। কিন্তু আৰক্ষীয়ে তেওঁক গুলীওৱা নাছিল।
এই ত্ৰিপল মাৰ্ডাৰৰ আঁৰৰ কাৰণ জানিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে। ক্লিফৰ্ডে ক্ৰছব’ৰে তিনিজন লোকক হত্যা কৰি উত্তৰ লণ্ডনলৈ পলায়ন কৰা বুলি তথ্য লাভ কৰাৰ পিছত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ এক বৃহৎ অভিযান আৰম্ভ কৰে।
বেডফোৰ্ডশ্বাইৰ, কেম্ব্ৰিজশ্বায়াৰ আৰু হাৰ্টফোৰ্ডশ্বাইৰ মেজৰ ক্ৰাইম ইউনিটৰ ডিটেক্টিভ ইন্সপেক্টৰ জাষ্টিন জেনকিন্সে কয় যে ভুক্তভোগীৰ পৰিয়ালে এক কঠিন সময়ৰ মাজেৰে পাৰ হৈ আহিছে। যিবোৰ তথ্য ওলাইছে, আমি এই সময়ত অনুৰোধ কৰিছো, সকলোৱে যাতে তেওঁলোকৰ ব্যক্তিগত গোপনীয়তাক সন্মান কৰি বক্তৱ্য ৰাখে।
লগতে পঢ়কঃ গুৱাহাটীত আটক “ভুৱা চিকিৎসক”, বছৰ বছৰ ধৰি চলাই আহিছিল ক্লিনিক
এই আৰক্ষী বিষয়াজনে কয়, তেওঁলোকে এজন সন্দেহযুক্ত লোকক আটক কৰিছে। অৱশ্যে তেওঁৱেই চূড়ান্ত দোষী নে সেয়া নিশ্চিত হোৱা নাই। অৱশ্যে এই ঘটনাত সম্প্ৰতি আন কোনো সন্দেহজনক লোকৰ সন্ধান কৰা হোৱা নাই বুলিও তেওঁ অৱগত কৰে।
ইফালে ব্ৰিটেইনৰ গৃহ সচিব ইভেট কুপাই ঘোষণা কৰিছে যে হত্যাকাণ্ডৰ পিছত ক্ৰছব’ আইন কঠোৰ কৰা হ’ব।