আই পি এল দল গুজৰাট টাইটানছৰ অংশীদাৰিত্ব বিক্ৰীৰ পথত মালিক চিভিচি কেপিটেলছ। ইকনমিক টাইমছৰ এক প্ৰতিবেদনত এই কথা দাবী কৰা হৈছে। এই পৰিস্থিতিত গুজৰাটৰ দলটো বিক্ৰীৰ বাবে আদানী গ্ৰুপ আৰু টৰেণ্ট গ্ৰুপৰ সৈতে আলোচনাত মিলিত হৈছে চিভিচি কেপিটেল।
উল্লেখ্য যে তিনি বছৰ পূৰ্বে আই পি এলত দুটা নতুন দল ক্ৰমে গুজৰাট টাইটানছ আৰু লক্ষ্ণৌ ছুপাৰজায়েন্টছ অন্তৰ্ভুক্ত হৈছিল।
নিয়ম অনুসৰি ২০২৫ চনৰ ফেব্ৰুৱাৰীলৈকে নতুন দুই ফ্ৰেঞ্চাইজি নিজৰ মালিকীস্বত্ব বিক্ৰী কৰিব নোৱাৰিব। লক-ইনৰ সময়সীমা শেষ হোৱাৰ পিছত চিভিচি কেপিটেলছে বিক্ৰী কৰিব পাৰে গুজৰাট টাইটানছ।
লগতে পঢ়কঃবিচ্ছেদ ঘটিল হাৰ্দিক-নাটাছাৰ! নেতৃত্ব হেৰুওৱাৰ পিছতে আউল লাগিল সংসাৰতো
ইকনমিক টাইমছৰ এক প্ৰতিবেদন অনুসৰি গুজৰাট টাইটানছৰ বৰ্তমান বজাৰ মূল্য প্ৰায় ১ৰ পৰা ১.৫ বিলিয়ন ডলাৰ। ইয়াৰ পূৰ্বে চিভিচি কেপিটেলে ১০ বছৰৰ বাবে গুজৰাটৰ ফ্ৰেঞ্চাইজি ৰাইটৰ বাবে ৭৪৫ মিলিয়ন ডলাৰ দিছিল।
ইয়াৰ পূৰ্বে ২০২৩ বিত্তীয় বৰ্ষত গুজৰাট টাইটানছৰ ৰাজহ আহিছিল ৩৫৯ কোটি টকা। এই পৰিস্থিতিত লোকচান হৈছিল ৪২৯ কোটি টকা। ইফালে যোৱা বিত্তীয় বৰ্ষত লোকচান হলেও গুজৰাট টাইটানছত নিজৰ মলিকীস্বত্ব বিক্ৰী কৰিব পাৰিলে বৃহৎ লাভ হ’ব চিভিচি কেপিটেলছৰ।
ইফালে আদানী গ্ৰুপে ইতিমধ্যে ডব্লিউ পি এলত গুজৰাট জায়েন্টছৰ দলটো ক্ৰয় কৰিছে। তদুপৰি, সংযুক্ত আৰব আমিৰশ্বাহীৰ লীগতো তেওঁলোকে দল ক্ৰয় কৰিছে। এতিয়া তেওঁলোকে গুজৰাট টাইটানছ দলটো ক্ৰয় কৰাৰ চেষ্টা কৰিছে।
ইয়াৰ পূৰ্বে নিলামৰ সময়ত আদানী গ্ৰুপে আই পি এলৰ দল ক্ৰয় কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু সেই সময়ত তেওঁলোকে সক্ষম হোৱা নাছিল। তাৰ পিছত তেওঁলোকে আহমেদাবাদ ফ্ৰেঞ্চাইজিৰ বাবে ১২৮৯ কোটি টকাৰ নিবিদা দিছিল।
লগতে পঢ়কঃ ভোট জলকীয়াৰ পৰা তৈয়াৰী চিপছ খাই চিকিৎসালয়ত ভৰ্তি কমেও ১৪ গৰাকী জাপানী ছাত্ৰ-ছাত্ৰী
আনহাতে, আই পি এলৰ প্ৰথম ছিজনতে জয়লাভ কৰে গুজৰাট টাইটানছে। পিছৰ বছৰতো দলটোৱে ফাইনেলত প্ৰৱেশ কৰে। ইয়াৰ পিছত চিভিচি কেপিটেলে হাৰ্দিক পাণ্ডিয়াক মুম্বাই ইণ্ডিয়ানছক বিক্ৰী কৰি ডাঙৰ টকা আয় কৰিছিল। ক্ৰিকেটৰ উপৰিও চিভিচি কেপিটেলছৰ লা লিগা, প্ৰিমিয়াৰ লীগ ৰাগবী, ভলীবল আৰু মহিলা টেনিছ এছ’চিয়েশ্যনতো বিনিয়োগ আছে।