• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

মাহেকীয়াৰ সময়ত যৌন সম্পৰ্ক কৰিব পাৰিনে? জানি লওক ইয়াৰ উপকাৰ আৰু অপকাৰ সমূহ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 5, 2024 7:18 am
610
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহুতৰ মনত প্ৰশ্নৰ উদয় হয় – মাহেকীয়াৰ সময়ত যৌন সম্পৰ্ক স্থাপন কৰিব পাৰিনে? মাহেকীয়াৰ সময়ত যৌন সম্পৰ্ক গঢ়িলে কিবা সমস্যাৰ সৃষ্টি হ’ব পাৰে নেকি?

বহুতেই কয় মাহেকীয়াৰ সময়ত যৌন সম্পৰ্কত লিপ্ত হ’ব নালাগে। আমাৰ ধৰ্মীয় শাস্ত্ৰ সমূহ তথা পৰম্পৰাগত জীৱনশৈলীৰ ধাৰণা মতেও মহিলাৰ মাহেকীয়া তথা ঋতুস্ৰাৱৰ দিনকেইটাত যৌন কাৰ্যৰ পৰা বিৰত থাকিব লাগে।

Apply Now

কিন্তু কি কয় আধুনিক চিকিৎসা বিজ্ঞানে? সেয়া জানিবলৈ মন দি এই লেখাটো সম্পূৰ্ণকৈ পঢ়ক –

মাহেকীয়াৰ সময়ত মহিলা সকলৰ অসন্তুলিত হৰমনৰ বাবে মন আৰু স্বাস্থ্য সঘনাই পৰিৱৰ্তন হৈ থাকে। মাহেকীয়াৰ সময়ত কেতিয়াবা কিছুমান মহিলাই অতিমাত্ৰা কামভাব অনুভৱ কৰে আৰু কেতিয়াবা যৌনতাৰ প্ৰতি অনিহাও সৃষ্টি হয়। মাহেকীয়াৰ সময়ত মহিলাৰ যৌন মিলনৰ ইচ্ছা নিৰ্দিষ্ট অৱস্থাত নাথাকে। সেই সময়ত পুৰুষ সকল সাৱধান হোৱা উচিত। নাৰীৰ মনটো বুজিবলৈ চেষ্টা কৰা উচিত।

মাহেকীয়াৰ সময়ত যৌন মিলন কৰিব পাৰিনে?

যদিও বহুতেই কয় যে মাহেকীয়াৰ সময়ত যৌন মিলন কৰা উচিত নহয় তথাপি আধুনিক চিকিৎসা বিজ্ঞানৰ মতে নাৰী-পুৰুষৰ পৰস্পৰ ইচ্ছা থাকিলে যথোপযুক্ত সুৰক্ষা ব্যৱহাৰ কৰি যৌন মিলন উপভোগ কৰিব পৰা যায়। কিন্তু এই ক্ষেত্ৰত নাৰী-পুৰুষ উভয়ৰে ইচ্ছা আৰু সন্মতি অতি গুৰুত্বপূৰ্ণ।

মাহেকীয়াৰ সময়ত যৌন সম্ভোগ কৰাৰ সময়ত মনত ৰাখক এইকেইটা কথা –

১. ঋতুস্ৰাৱৰ সময়ত দুয়োৰে ইচ্ছা আৰু সন্মতি থাকিলেহে যৌন সম্পৰ্ক স্থাপন কৰা উচিত।

২. এই সময়ত যৌন সম্পৰ্ক স্থাপন কৰাৰ সময়ত ৰক্তস্ৰাৱ পৰিস্কাৰ কৰি ৰাখিবৰ বাবে বিচনাত এখন চাফা টাৱেল ব্যৱহাৰ কৰক।

৩. ঋতুস্ৰাৱৰ সময়ত যৌন সম্ভোগ কৰিলে শ্বাৱাৰৰ তলত কৰিব পাৰিলে ভাল। যাতে বৈ যোৱা তেজ থিতাতেই পৰিস্কাৰ হৈ যায়।

৪. মাহেকীয়াৰ সময়ত সংক্ৰমণৰ সম্ভাৱনা কম কৰিবলৈ আৰু গৰ্ভধাৰণ ৰোধ কৰিবলৈ কণ্ডম ব্যৱহাৰ কৰাতো নিতান্তই প্ৰয়োজনীয়।

৫. যৌন সম্পৰ্কৰ আগত আৰু পিছত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিব লাগে যাতে সংক্ৰমণৰ সম্ভাৱনা নাথাকে।

৬. যিকোনো অস্বাভাৱিকতা বা সমস্যা থাকিলে মাহেকীয়াৰ সময়ত যৌন সম্ভোগ কৰাৰ আগত চিকিৎসকৰ পৰামৰ্শ লোৱাতো জৰুৰী।

মাহেকীয়াৰ সময়ত যৌন সম্ভোগ কৰাৰ উপকাৰিতা –

১. ঋতুস্ৰাৱৰ সময়ত যৌন সম্পৰ্কই মহিলাৰ ক্ৰেম্প, মূৰৰ বিষ, কঁকালৰ বিষ আদি উপশম কৰাত সহায় কৰে।

২. ভাল অৰ্গেজমে মাহেকীয়া সময়ত মহিলাৰ মূড চুইং বা মানসিক অস্থিৰতা স্বাভাৱিক কৰিব পাৰে। লগতে মনটো আনন্দৰে ভৰাই তুলিব পাৰে।

৩. মাহেকীয়াৰ সময়ত কিছুমান পুৰুষে যৌন সম্পৰ্ক স্থাপন কৰি অধিক কামনা-বাসনা অনুভৱ কৰে। ই সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি কৰিব পাৰে।

৪. যৌন কাৰ্য্যকলাপ আৰু অৰ্গেজমৰ ফলত মহিলাৰ জৰায়ুৰ সংকোচন হ’ব পাৰে যিয়ে ঋতুস্ৰাৱৰ তেজ দ্ৰুতভাৱে বাহিৰ কৰাত সহায় কৰিব পাৰে, যাৰ ফলত মাহেকীয়াৰ সময় কম দিনলৈ হ্ৰাস পোৱাৰ সম্ভাৱনা থাকে।

৫. হৰম’নৰ পৰিৱৰ্তনৰ বাবে কিছুমান মহিলাৰ ক্ষেত্ৰত মাহেকীয়াৰ সময়ত কৰা যৌন সম্পৰ্কই লিবিড’ বৃদ্ধি কৰাত সহায় কৰে।

৬. ঋতুস্ৰাৱৰ তেজে প্ৰাকৃতিক লুব্ৰিকেণ্ট হিচাপে কাম কৰিব পাৰে, ই যৌন সম্পৰ্ক অধিক আৰামদায়ক কৰি তুলিব পাৰে।

মাহেকীয়াৰ সময়ত যৌন সম্পৰ্ক স্থাপন কৰাৰ অপকাৰিতা সমূহ –

১. মাহেকীয়াৰ সময়ত অসুৰক্ষিত যৌন সম্পৰ্কই সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰে।

২. ইয়াৰ উপৰিও অন্তৰ্নিহিত স্বাস্থ্যজনিত অৱস্থা বা দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা ব্যক্তিসকলৰ বিপদ অধিক হ’ব পাৰে।

৩. মাহেকীয়াৰ সময়ত স্ত্ৰীৰ মেজাজৰ দোলাচল বা খিংখিঙীয়া মনোভাবে যৌন ইচ্ছা আৰু আনন্দক প্ৰভাৱিত কৰিব পাৰে।

৪. ঋতুস্ৰাৱৰ সময়ত গৰ্ভাৱস্থাৰ সম্ভাৱনা কম যদিও অনাকাংক্ষিত গৰ্ভধাৰণ প্ৰতিৰোধৰ বাবে নিৰ্ভৰযোগ্য গৰ্ভনিৰোধক অতি গুৰুত্বপূৰ্ণ।

৫. কেতিয়াবা যৌন সম্ভোগৰ পিছত মহিলাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। যেনে জ্বলাপোৰা, পেট বিষ আদি সমস্যা তীব্ৰ হৈ উঠিব পাৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতাত অসমৰ সোণালী আৰম্ভণি : কস্তুৰী গগৈয়ে আজুৰি আনিলে প্ৰথমটোৰ সোণৰ পদক

ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতাত অসমৰ সোণালী আৰম্ভণি : কস্তুৰী গগৈয়ে আজুৰি আনিলে প্ৰথমটোৰ সোণৰ পদক

August 7, 2026 5:09 pm
বান সাহায্য সংগ্ৰহক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ তীব্ৰ সমালোচনা ডিৱাইএফআইৰ ; কেন্দ্ৰক হেঁচা দি বান সমস্যাৰ স্থায়ী সমাধানৰ দাবী

বান সাহায্য সংগ্ৰহক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ তীব্ৰ সমালোচনা ডিৱাইএফআইৰ ; কেন্দ্ৰক হেঁচা দি বান সমস্যাৰ স্থায়ী সমাধানৰ দাবী

August 7, 2026 4:12 pm
‘স্বাধীনতা সংগ্ৰামীয়ে গুলী খাইছিল, আৰু সাংসদ হৈ কণীলৈ ভয়?’ উচ্চতম ন্যায়ালয়ত খাৰিজ মহুৱা মৈত্ৰৰ আবেদন

‘স্বাধীনতা সংগ্ৰামীয়ে গুলী খাইছিল, আৰু সাংসদ হৈ কণীলৈ ভয়?’ উচ্চতম ন্যায়ালয়ত খাৰিজ মহুৱা মৈত্ৰৰ আবেদন

August 7, 2026 3:50 pm
বিদ্যালয়ত শ্ৰেণী আৰম্ভ হোৱাৰ পিছতে নিৰ্বিচাৰ গুলীচালনা; ৬জনৰ মৃত্যু, কমেও ১৫ জন আহত

বিদ্যালয়ত শ্ৰেণী আৰম্ভ হোৱাৰ পিছতে নিৰ্বিচাৰ গুলীচালনা; ৬জনৰ মৃত্যু, কমেও ১৫ জন আহত

August 7, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতাত অসমৰ সোণালী আৰম্ভণি : কস্তুৰী গগৈয়ে আজুৰি আনিলে প্ৰথমটোৰ সোণৰ পদক

ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতাত অসমৰ সোণালী আৰম্ভণি : কস্তুৰী গগৈয়ে আজুৰি আনিলে প্ৰথমটোৰ সোণৰ পদক

August 7, 2026 5:09 pm
বান সাহায্য সংগ্ৰহক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ তীব্ৰ সমালোচনা ডিৱাইএফআইৰ ; কেন্দ্ৰক হেঁচা দি বান সমস্যাৰ স্থায়ী সমাধানৰ দাবী

বান সাহায্য সংগ্ৰহক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ তীব্ৰ সমালোচনা ডিৱাইএফআইৰ ; কেন্দ্ৰক হেঁচা দি বান সমস্যাৰ স্থায়ী সমাধানৰ দাবী

August 7, 2026 4:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd