• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাছিনাই দেশ এৰি গ’লেও বন্ধ হোৱা নাই হিংসা; অস্থিৰ বাংলাদেশত এদিনতে মৃত্যু ১৩৫জনৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 6, 2024 9:37 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিংসাত অস্থিৰ বাংলাদেশ। সেনাৰ হেঁচাত প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে শ্বেখ হাছিনাই! যদিও তেওঁ দেশ এৰি গুচি গ’ল, তথাপিও  অশান্তি বন্ধ হোৱা নাই দেশখনত। ইয়াৰ মাজতে ঢাকাকে ধৰি বাংলাদেশৰ বিভিন্ন প্ৰান্তত কমেও শতাধিক লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত উপজিলা পৰিষদৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় পৰিষদৰ দুজন অধ্যক্ষও আছে। মাজনিশালৈকে চলি থকা অশান্তিৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে।

জানিব পৰা মতে, সোমবাৰে গোটেই দিনটোৰ হিংসাৰ ফলত ৩৭টা মৃতদেহ ঢাকা চিকিৎসা মহাবিদ্যালয়লৈ অনা হয়। চানখানপুৰ, যাত্ৰাবাৰীকে ধৰি বিভিন্ন অঞ্চলৰ পৰা ঢাকা মেডিকেলত অনা হয় মৃতদেহ। তিনিজন অচিনাক্ত ব্যক্তিৰ মৃতদেহো উদ্ধাৰ কৰা হৈছে। মুঠতে মৃত্যু হোৱা লোকৰ সংখ্যা ১৩৫ জন বুলি জানিব পৰা গৈছে।

আৰম্ভ হৈছিল ছাত্ৰ আন্দোলন হিচাপে। অৱশেষত ই এক বিশৃংখল সংঘৰ্ষলৈ পৰিণত হ’ল। সোমবাৰে হেঁচাত পৰি পদত্যাগ কৰি বাংলাদেশ ত্যাগ কৰে শ্বেখ হাছিনাই। কিন্তু এতিয়াও বাংলাদেশলৈ শান্তি ঘূৰি অহা নাই। ইয়াৰ বিপৰীতে প্ৰতিবাদকাৰীৰ হিংসাৰ বাবে মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে।

Apply Now

লগতে পঢ়কঃ প্ৰাণৰ মমতাত দেশ এৰি পলায়ন শ্বেখ হাছিনাৰ; ঢাকা ত্যাগ কৰি ভাৰতৰ ত্ৰিপুৰাত উপস্থিত হাছিনা

ইফালে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে দেশত শান্তিৰ বাবে আহ্বান জনায়। অৱশ্যে কালি বিয়লিৰ পৰা বিভিন্ন জিলাত আৱামী লীগৰ নেতাসকলৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে। বহু ঠাইত আৱামী লীগৰ নেতা আৰু তেওঁলোকৰ আত্মীয়ক নৃশংসভাৱে হত্যা কৰা হৈছে।

বাংলাদেশৰ কাকতত সোমবাৰে বাংলাদেশত সংঘটিত সংঘৰ্ষত ১০৯ জন লোক নিহত হোৱাৰ বাতৰি প্ৰকাশ কৰিছে। ৰাজধানী ঢাকাৰ কমেও ১৩খন থানাত কালি আক্ৰমণ সংঘটিত হয়। বাংলাদেশৰ দুখন কাৰাগাৰত লণ্ডভণ্ড কৰাৰ লগতে অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছে।

ইফালে এই অশান্ত পৰিবেশৰ মাজতে বাংলাদেশৰ বিভিন্ন সংখ্যালঘু বসতি অঞ্চলত আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে। পিছত ৰাতি কমাণ্ডাৰসকলৰ ফোন নম্বৰ সেনাই মুকলি কৰি দিয়ে। যদি হিন্দুৰ ওপৰত আক্ৰমণ হয় তেন্তে সেই নম্বৰবোৰত ফোন কৰিবলৈ কোৱা হয়। বাংলাদেশৰ বিভিন্ন মন্দিৰৰ নিৰাপত্তাৰ দায়িত্ব লৈছে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ এটা দলে।

লগতে পঢ়কঃ হাছিনা বাংলাদেশ এৰি যোৱাৰ লগে লগে মুকলি কৰি দিয়া হ’ল খালেদা জিয়াক

জানিব পৰা মতে, কালি হিংসাত্মক ঘটনা অব্যাহত থকাৰ পাছৰে পৰা ২১ জুলাইৰ পৰা বাংলাদেশত মুঠ মৃতকৰ সংখ্যা ৪৪০ অতিক্ৰম কৰিছে। প্ৰথম অৱস্থাত এই মৃতকৰ মাজত আন্দোলনকাৰীৰ সংখ্যা বেছি আছিল। কিন্তু কালিৰে পৰা ‘প্ৰতিশোধ’ৰ নামত আৱামী লীগৰ নেতা-কৰ্মী আৰু আৰক্ষীক নিৰ্বিচাৰে আক্ৰমণ কৰা হৈছে। কালি দুপৰীয়াৰ ভিতৰত বাংলাদেশৰ সেনাধ্যক্ষৰ শান্তি ঘূৰাই অনাৰ অনুৰোধৰ পিছত যেন আৰু অধিক হিংসাত্মক কাৰ্য্যৰ বাবে ‘লাইচেন্স’ লাভ কৰিলে এক শ্ৰেণীৰ প্ৰতিবাদকাৰীয়ে।

ইফালে কালি বাংলাদেশ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা আৱামী লীগৰ সাংসদ মাছৰাফে বিন মোৰ্তাজাৰ ঘৰত জুই লগাই দিয়া হয়। লগতে কালি দেশ এৰি যোৱা কেইবাজনো আৱামী লীগৰ নেতা-মন্ত্ৰীৰ ঘৰতো আক্ৰমণ কৰা হয়। আনহাতে, আৱামী লীগৰ বিভিন্ন মধ্যম পৰ্যায়ৰ নেতাৰ ঘৰতো আক্রমণ কৰা হয়৷ অভিযোগ উত্থাপন হৈছে যে কেইবাজনো উপজিলাৰ প্ৰধানক হত্যা কৰা হৈছে।

এই সকলোবোৰৰ মাজতে বাংলাদেশৰ বৈষম্য বিৰোধী ছাত্র আন্দোলনৰ সমন্বয়কসকলে সেনাই সমর্থন কৰা কোনো চৰকাৰক মানি নলয় বুলি জনায়৷ সংবাদমেলত টাণ্ডাই দাবী কৰে যে বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনে ২৪ ঘন্টাৰ ভিতৰত অন্তৱৰ্তীকালীন ৰাষ্ট্ৰীয় চৰকাৰৰ ৰূপৰেখা দাঙি ধৰিব।

লগতে পঢ়কঃ কৃত্ৰিম বানত বিপৰ্যস্ত গুৱাহাটী! আজি বন্ধ থাকিব মহানগৰীৰ সকলো শিক্ষা প্ৰতিষ্ঠান

ইফালে বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনে সংখ্যালঘু আৰু সাংবাদিকৰ ওপৰত কৰা আক্ৰমণক গৰিহণা দিয়ে। কিন্তু ইয়াৰ মাজতে বাংলাদেশৰ বহু ঠাইত জাতিৰ জনক বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱা হয়। তেওঁৰ স্মৃতি সংগ্ৰহালয়ত জুই লগাই দিয়া হয় য’ত ১৯৭৫ চনৰ ১৫ আগষ্টত তেওঁক হত্যা কৰা হৈছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd