এইবোৰ দৃশ্য চাওক। দেখিছে গুৱাহাটীৰ মানুহৰ কি বিলৈ হৈছিল? ৰাতিপুৱা অফিচলৈ গৈ মই দুপৰীয়া দুই বজাত ভাত খাবলৈ ঘৰলৈ আহোঁ।ভাত খাই উঠি অলপ জিৰণি লৈ আকৌ অফিচলৈ যাওঁ।কালি ভাত খাই জিৰণি লোৱাৰ সময়তে আবেলি প্ৰায় ২:৪৫ কি ৩মান বজাত বৰষুণ পৰিবলৈ আৰম্ভ কৰিছিল।ক্ৰমে বৰষুণ ঘন হৈ আহিছিল। বাৰান্দাৰে দেখিছিলোঁ বেলতলা বশিষ্ঠ পথৰ, বশিষ্ঠৰ ফালৰ পৰা দিশপুৰ লাষ্টগেট অভিমুখে অহা গাড়ীবোৰৰ গতি মন্থৰ হৈ আহিছে। এটা সময়ত দেখিলোঁ গাড়ীবোৰ ৰাস্তাত ৰৈ গ’ল।অফিচলৈ ঘূৰি যোৱাটো মোৰ কাৰণে অসম্ভৱ হৈ পৰিল। ইতিমধ্যে খবৰ আহিছিল বাংলাদেশত শ্বেখ হাচিনা চৰকাৰৰ পতন হৈছে। হাচিনা উৰা জাহাজেৰে তেওঁৰ দেশৰ পৰা পলাই আহি দিল্লীৰ ওচৰৰ কোনো এটা বায়ুসেনাৰ চাউনিত অৱতৰণ কৰিছে। বাংলাদেশৰ পৰিস্থিতি আৰু গুৱাহাটীৰ বানপানীয়ে কালি সন্ধিয়া মোকে নহয় বোধহয় সৰহসংখ্যককে ব্যস্ত কৰি ৰাখিছিল।
সামাজিক মাধ্যমত খবৰবোৰ আহিছিল- ক’ত কোন পানীৰ মাজত কিমান ঘন্টা আৱদ্ধ হৈ আছিল।স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু অফিচ-কাছাৰীৰ লোক পাঁচ-ছয় ঘন্টা ৰাস্তাত পানীৰ মাজত আবদ্ধ হৈ আছিল। পৰিয়ালৰ লোকে তেওঁলোকক বাৰে বাৰে ফোন কৰি উদ্বিগ্ন সময় কটাইছিল। বহুতেই নিজৰ গাড়ী ৰাস্তাৰ এচুকত এৰি খোজকাঢ়ি ঘৰমুৱা হৈছিল।চিনাকি মানুহৰ ভিতৰতে অনুৰাধা শৰ্মা পূজাৰী পাঁচ ঘন্টা তেওঁৰ ঘৰৰ ওচৰৰ ছয়মাইল উৰণীয়া সেঁতুত আৱদ্ধ হৈ থকাৰ খবৰ পাইছিলোঁ।মোৰ ভতিজা এজন ছয় ঘন্টা কমাৰ্চ কলেজৰ ওচৰত আৱদ্ধ হৈ আছিল। পৰী হিলৈদাৰী হেনো সাত ঘন্টাৰ মূৰত ঘৰ পাইছিল গৈ।আমাৰ ওচৰতে থকা কেথেৰিন আৰেঙে আহি ঘৰ সোমাইছিল দুপৰ নিশা বাৰ বজাত।কিমানেই ঘৰলৈ যোৱাৰ কথা বাদ দি হোটেলতে বা নিজৰ অফিছতে নিশাটো কটাই পুৱাহে ঘৰমুৱা হৈছিল।জয়দীপ বৰুৱাই কৃষ্ণকান্ত বিশ্ববিদ্যালয়ৰ পৰা পাঞ্জাবাৰীলৈ যাব নোৱাৰি ছয়মাইলৰ হোটেলত নিশা কটাইছিল৷ আৰু কাৰোবাক যদি জৰুৰী চিকিৎসাৰ প্ৰয়োজন হৈছিল তেওঁলোকৰ কথা ভাবকচোন। আবেলি বিমান ধৰিবলগা লোক সকলৰ কথা ভাবক।
কি এক বিভীষিকাৰ সন্মুখীন হৈছিল গুৱাহাটীবাসী কালি সন্ধিয়া! গুৱাহাটীৰ ইতিহাসত কালিৰ দিনটো এটা ক’লা দিন হিচাপে চিৰস্মৰণীয় হৈ ৰ’ব।নে এতিয়াৰে পৰা মাজে মাজে বাৰিষা আমি সঘনাই এনে ক’লা দিনৰ সন্মুখীন হ’ম?
কিয় গুৱাহাটীত কালি এই অৱস্থাৰ সৃষ্টি হ’ল? ইয়াৰ বাবে কোন দায়ী? তাৰ আগেয়ে, অইন এটা কথালৈ মই আপোনালোকৰ মনোযোগ আকৰ্ষণ কৰিব বিচাৰিছোঁ।কালি সন্ধিয়া গুৱাহাটীত যে ইমানখন হ’ল আপোনালোকে ক’ৰবাত প্ৰশাসনৰ, চৰকাৰৰ কিবা অস্তিত্ব উপলব্ধি কৰিলেনে? কোনোবাই কিবা কোৱা শুনিলেনে? গুৱাহাটীৰ মন্ত্ৰীয়ে কিবা ক’লেনে? বহুবল্কী মুখ্যমন্ত্ৰীয়ে কালি কিবা কৈছিলনে? আজিকালি হেনো সদায় তেওঁ ফেইচবুক লাইভ কৰি নিশা কিবা-কিবি বকে। বকে নকয় কি ক’ম? কোনো কামৰ মানুহে, তাকো মুখ্যমন্ত্ৰীৰ পদত থকা এজনে সদায় ফেইচবুক লাইভ কৰিবলৈ সময় পায় কেনেকৈ? কিন্তু কালি হেনো তেওঁ ফেইচবুক লাইভ নকৰিলে? কিয় নকৰিলে? কালিহে কৰিব লাগিছিল।
মানুহৰ বিপদত মাত এষাৰ দিয়াটোহে নিয়ম। বিমানত বিয়া খাই ফুৰা মানুহজনে বিমানত উঠি গুৱাহাটীৰ ৰাইজৰ কালি সন্ধিয়া কি বিলাই বিপত্তি হৈছিল নাচালে কিয়? জৰুৰী চিকিৎসা সেৱাৰ বাবে বা বিমান বা ৰেল যাত্ৰীৰ বাবে হেলিকপ্তাৰ সেৱা কিয় প্ৰবৰ্তন নকৰিলে? যেতিয়া চৰকাৰৰ আটাইতকৈ বেছি প্ৰয়োজন হয় তেতিয়াই চৰকাৰে টুপাই বুৰ মাৰে।নীৰৱ নিস্তব্ধ হৈ পৰে।কালি কোনোবাই কিবা এষাৰ কৈছিলনে? নাই। এতিয়া আহিল দায়-দায়িত্বৰ কথা।গুৱাহাটীত কালি কিয় এনে অৱস্থাৰ সৃষ্টি হ’ল সেইটো জানিবলৈ আমাক কোনো বিশেষজ্ঞ বা পৰিবেশ বিজ্ঞানীৰ প্ৰয়োজননে? নে সাধাৰণ জ্ঞান থকা যিকোনো মানুহে ইয়াৰ ব্যাখ্যা কৰিব পাৰে? গুৱাহাটীৰ কালিৰ অৱস্থাটোৰ কাৰণ বিশ্লেষণ কৰিবলৈ কোনো বিশেষজ্ঞৰ প্ৰয়োজন নাই।
গুৱাহাটীৰ এই অৱস্থাৰ বাবে মূলতঃ দায়ী চৰকাৰ।গুৱাহাটীৰ সমস্যা গুৱাহাটীতে নাই। গুৱাহাটীখনৰ এটা চৌপাশ আছে।চৌপাশে গুৱাহাটী যেনেকৈ প্ৰভাবিত কৰে গুৱাহাটীয়েও তাৰ চৌপাশ প্ৰভাৱিত কৰে।গুৱাহাটীৰ চৌপাশৰ পাহাৰ পৰ্বত, নদ-নদী,বিল, নিজৰা যদি জীয়াই নাথাকে গুৱাহাটী কেনেকৈ জীয়াই থাকিব? গুৱাহাটীৰ প্ৰথম দাবীদাৰ কোন? গুৱাহাটীখন কাৰ? ইয়াৰ পাহাৰ,পৰ্বত,নদ-নদী, পুখুৰী আৰু বিল, নিজৰাৰ নহয়নে? তেওঁলোকক চেপি খুন্দি আনি আমি মানুহে যদি সকলোতে আধিপত্য বিস্তাৰ কৰিবলৈ যাওঁ তেওঁলোকে তাৰ প্ৰতিবাদ নকৰিবনে? প্ৰকৃতিৰ পৰম সুহৃদ কোন? ৰ’দ বৰষুণ,বায়ু আৰু বন্যপ্ৰাণী। মানুহে যেতিয়া প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰে ৰ’দ-বৰষুণ, বায়ু বতাহ, বন্যপ্ৰাণীৰ সহায়ত প্ৰকৃতিয়ে তাৰ প্ৰতিশোধ লয়।এনেয়ে পৌৰাণিক কালত মানুহে প্ৰকৃতিক ভগৱান জ্ঞান কৰি পূজা কৰা নাছিল।
এতিয়া আমি প্ৰকৃতিক বশ কৰিব আহিছোঁ।কোনে প্ৰকৃতি দখল কৰিছে? সাধাৰণ মানুহেও কৰিছে। কিন্তু আচল দখলদাৰ হৈছে মন্ত্ৰী, বিধায়ক আৰু ধনাঢ্য ব্যক্তিসকল।এতিয়া পাহাৰ, নদ-নদী, বিল, জলাশয় সকলো তেওঁলোকৰ কব্জাত।আৰু চাৰিওফালে কমিচনৰাজ কেন্দ্ৰিক উলম্ব উন্নয়ন।গতিকে মানুহ প্ৰকৃতিৰ ৰোষত নপৰিব কিয়? আৰু প্ৰকৃতিয়ে ধনী দুখীয়া নাচায়। এফালৰ পৰা সকলোকে মৈয়াই মহতীয়াই যায়। প্ৰকৃতিক প্ৰকৃতিৰ জাগা নিদিলে পৰিস্থিতি আৰু ভয়াবহ হ’ব।আৰু এটা কথা। চৰকাৰৰ লগতে আমি নাগৰিক সকলো কিন্তু কম জগৰীয়া নহয়।আমি চৰকাৰৰ অনিয়ম, অনীতি দেখিও মাত নামাতোঁ। প্ৰতিবাদ নকৰোঁ। এইটোৱে আমাৰ জগৰ। এনেকৈ থাকিলে আমাৰ সকলোৰে সৰ্বনাশ হ’ব।




