• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচনৰ বাবে আপৰ কুচকাৱাজ আৰম্ভ : নগাঁৱত দলীয় কৰ্মীক সাজু হ’বলৈ আহ্বান ৰাষ্ট্ৰীয় নেতা ৰাজেশ শৰ্মাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 11, 2024 8:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টি চমুকৈ আপে এতিয়াৰ পৰাই ব্যাপক তৎপৰতা আৰম্ভ কৰিছে । ৰাষ্ট্ৰীয় নেতৃত্বৰ নিৰ্দেশ অনুসৰি ৰাজ্যজুৰি আপৰ সাংগঠনিক পুনৰগঠনৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে পঞ্চায়ত নিৰ্বাচনৰ যুঁজলৈ দলীয় কৰ্মী সকলক সাজু হ’বলৈ আহ্বান জনাইছে আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই ।

আজি নগাঁও জিলা আম আদমী পাৰ্টিৰ কাৰ্যালয়ত অনুষ্ঠিত কৰ্মকৰ্তা সন্মিলন তথা প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰি দলৰ ৰাষ্ট্ৰীয় নেতা গৰাকীয়ে কয়, ” অসমত বিজেপি আৰু কংগ্ৰেছৰ বিকল্প শক্তি হিচাপে আপৰ উত্থান হৈছে। দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ আৰ্হিত ২০২৬ চনৰ বিধান সভা নিৰ্বাচনত অসমতো এখন জনকল্যাণকামী চৰকাৰ গঠনৰ স্বাৰ্থত আমি কুচকাৱাজ আৰম্ভ কৰিছোঁ। সদ্যহতে পঞ্চায়ত নিৰ্বাচনলৈ দলীয় কৰ্মী সকলক আমি সাজু হ’বলৈ আহ্বান জনাইছোঁ। সম্প্ৰতি আমি দলৰ সদস্য ভৰ্তি অভিযানতো গুৰুত্ব আৰোপ কৰিছো। ”

Apply Now

আনহাতে, ৰাজ্যৰ ৫ টাকৈ বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত এতিয়াও চূড়ান্ত কৰা নাই আপে।

এই সন্দৰ্ভত দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই কয়,” অতি কম দিনৰ ভিতৰতে সংশ্লিষ্ট সমষ্টি সমূহৰ দলীয় কৰ্মকৰ্তা সকলৰ সৈতে পৰ্যালোচনা কৰি উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিষয়টো চূড়ান্ত কৰিব।” নগাঁৱত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাত অংশ গ্ৰহণ কৰে আপৰ আন এগৰাকী কেন্দ্ৰীয় নেতা কৰ্নেল ৰাহুল পানৱাৰে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আদৰ্শৰ ভিত্তিত অসমতো কামৰ ৰাজনীতি প্ৰতিষ্ঠা কৰিবলৈ দলীয় কৰ্মীসকলক আগবাঢ়ি যাবলৈ আহ্বান জনায় ৰাহুল পানৱাৰে । কাৰ্যসূচীত প্ৰায় ডেৰ শতাধিক কৰ্মকৰ্তাক সম্বোধন কৰে আপৰ জ্যেষ্ঠ নেতা ৰাজীৱ শইকীয়া, অনুৰূপা ডেকাৰজা আৰু চুমি বৰাই।

তেওঁলোকে নিৰ্বাচনৰ পূৰ্বে সদস্য ভৰ্তি অভিযান তৰান্বিত কৰাৰ লগতে বুথ পৰ্যায়ত কমিটি গঠন কৰিবলৈ দলীয় কৰ্মী সকলক পৰামৰ্শ দিয়ে। আনহাতে, মাজুলীৰ জেংৰাইমুখত আজি অনুষ্ঠিত হয় আপৰ মাজুলী জিলা কৰ্মকৰ্তা সন্মিলন। কাৰ্যসূচীত অংশগ্ৰহণ কৰে দলৰ নেতা অম্লানজ্যোতি হাতীবৰুৱা আৰু জাৰবম কুটুমে।

ইপিনে, গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত হয় আপৰ কামৰূপ মহানগৰ জিলাৰ কৰ্মকৰ্তা সন্মিলন। আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী আৰু ৰমেন বৰঠাকুৰে সাংগঠনিক পুনৰগঠনৰ উপৰি জিলাখনৰ বিভিন্ন অঞ্চলত দলৰ সভ্য ভৰ্তি অভিযানত কৰ্মী সকলক গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে যোৱা ৯ আগষ্টত উচ্চতম ন্যায়ালয়ে দিল্লীৰ তথাকথিত সুৰা কেলেংকাৰি গোচৰত আপৰ শীৰ্ষ নেতা তথা প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক জামিনত মুক্তি দিয়াৰ পাছৰ পৰাই দলৰ কৰ্মী সকলৰ মাজত ব্যাপক উৎসাহ – উদ্দীপনা পৰিলক্ষিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd