• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘স্বাধীনতাৰ গুৰুত্ব মনত পেলাবলৈ অতীতলৈ চাওক’- জৰুৰীকালীন অৱ্স্থাক সোঁৱৰি মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়

নৰ্থ ইষ্ট নাও,গুৱাহাটী by নৰ্থ ইষ্ট নাও,গুৱাহাটী
August 16, 2024 10:19 am
152
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে বৃহস্পতিবাৰে বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতি আৰু ভাৰতৰ জৰুৰীকালীন সময়ৰ কথা উল্লেখ কৰি, স্বাধীনতা কিমান মূল্যৱান সেই কথা মনত পেলাবলৈ অতীতৰ কাহিনীবোৰৰ ওপৰত গুৰুত্ব দিয়াৰ সন্দৰ্ভত আলোকপাত কৰে।

উচ্চতম ন্যায়ালয়ত স্বাধীনতা দিৱস উদযাপনৰ সময়ত ভাষণ দি চিজেআইয়ে কয় যে ১৯৫০ চনত আমি স্বাধীনতাৰ অনিশ্চয়তাক বাছি লৈছিলো, আৰু আজি ধৰক বাংলাদেশত যি হৈ আছে, সেয়া আমাৰ বাবে স্বাধীনতা কিমান বহুমূলীয়া তাৰ স্পষ্ট সোঁৱৰণী।

চিজেআই চন্দ্ৰচূড়ে লগতে কয় “বেছিভাগ যুৱ অধিবক্তাই স্বাধীনতাৰ পাছৰ প্ৰজন্ম। মই নিজেও স্বাধীনতাৰ পাছৰ প্ৰজন্মৰ, কিন্তু বহুতেই জৰুৰীকালীন উত্তৰ প্ৰজন্মৰ। সেয়ে স্বাধীনতাক স্বাভাৱিক বুলি লোৱাটো অতি সহজ, স্বাধীনতাক সহজভাৱে লোৱাটো সহজ। কিন্তু স্বাধীনতা কিমান মূল্যৱান, আৰু স্বাধীনতা ৰক্ষাৰ ক্ষেত্ৰত আমি বিচাৰক আৰু অধিবক্তা হিচাপে কিমান গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰোঁ, সেই কথা সোঁৱৰাই দিবলৈ আমি অতীতৰ কাহিনীবোৰৰ ওপৰত গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ”।

চি জে আইৰ মতে, ১৯৪৭ চনত যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰিছিল, তেতিয়া ইয়াৰ দ্বাৰা বিশ্ব শক্তিৰ টেকটনিক পৰিৱৰ্তন ঘটিছিল।

চিজেআই চন্দ্ৰচূড়ে আৰু লগতে কয়, “আমাৰ সংবিধানে ন্যায়, স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্ববোধৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আলোচনামূলক গণতন্ত্ৰৰ ৰাজত্বৰ সূচনা কৰিছিল। আৰু এই লক্ষ্যসমূহ পূৰণ কৰিবলৈ সংবিধানে গণতান্ত্ৰিক প্ৰতিষ্ঠানৰ এক জটিল ধাৰা বোৱাইছিল।”

চন্দ্ৰচূড়ে আঙুলিয়াই দিয়ে যে, আধুনিক ন্যায়পালিকাৰ বাবে এক সুলভ আৰু সৰ্বাংগীন আন্তঃগাঁথনিৰ প্ৰয়োজন, অধিবক্তাৰ সহজতা আৰু আদালতে তেওঁলোকক সহজ আৰু দক্ষতাৰে কাম কৰাত সহায় কৰাই নহয়, তেওঁলোকে ন্যায়পালিকাৰ প্ৰতি দায়িত্ববোধ অনুভৱ কৰিবলৈও অনুমতি দিয়ে।

যোৱা ছমাহত শীৰ্ষ ন্যায়ালয়ে গ্ৰহণ কৰা বহু আন্তঃগাঁথনিগত পদক্ষেপৰ বিষয়ে কোৱাৰ সময়ত চিজেআইয়ে কয় যে “উচ্চতম ন্যায়ালয়ে উকীলৰ ব্লকলৈ ফাইবাৰ অপটিক্স ইণ্টাৰনেট সম্প্ৰসাৰণ কৰিছে, মূল ভৱনৰ পূব শাখাত পৰামৰ্শ কক্ষ সৃষ্টি কৰিছে, উকীলৰ বাবে কুবিকল নিৰ্মাণ কৰিছে।যিসকলে চেম্বাৰ আবণ্টনৰ বাবে অপেক্ষা তালিকাভুক্ত হৈছে, বহু সুবিধা কেন্দ্ৰ স্থাপন কৰিছে আৰু উচ্চতম ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যনৰ (এছচিবিএ) কাৰ্যালয় সংস্কাৰ কৰিছে।”

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd