• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমত ছাত্ৰীক ‘নীলা ছবি’ দেখুৱাই যৌন নিৰ্যাতন! অভিযুক্ত প্ৰধান শিক্ষক, চৰকাৰী বিদ্যালয় ভাঙি অগ্নিসংযোগ ৰাইজৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 18, 2024 4:09 pm
322
VIEWS
Share on FacebookShare on Twitter

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে যৌন নিৰ্যাতন, ধৰ্ষণৰ দৰে ঘটনাৰ খবৰ। দিনক দিনে যেন বাঢ়ি গৈ আছে। এইবাৰ বিদ্যালয়ত এনে এক ঘটনা সংঘটিত হ’ল যিয়ে সকলোকে ভয় খুৱাব। অসমৰ এগৰাকী স্কুলীয়া ছোৱালীক জোৰকৈ পৰ্ণগ্ৰাফী দেখুৱাবলৈ অভিযোগ উত্থাপন হৈছে। আৰু ইয়াৰ বাবেই বিদ্যালয়খন ভাঙি জুই লগাই দিয়া হয়। এই ঘটনাৰ অভিযুক্ত বিদ্যালয়খনৰ প্ৰধান শিক্ষক।

অসমৰ কৰিমগঞ্জ জিলাৰ এখন চৰকাৰী বিদ্যালয়ত এনে ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি সেই বিদ্যালয়ৰ প্ৰধান শিক্ষকে এগৰাকী ছাত্ৰক জোৰকৈ পৰ্ণগ্ৰাফী দেখুৱাবলৈ চেষ্টা কৰিছিল। এই খবৰ পোহৰলৈ অহাৰ পাছতে বাকী ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে বিদ্যালয়খনলৈ গৈ ভাঙি লণ্ডভণ্ড কৰি জুই লগাই দিয়ে। অৱশ্যে আৰক্ষীয়ে আটক কৰিব নোৱাৰিলে অভিযুক্তক। জানিব পৰা মতে শিক্ষকজন পলায়ন কৰিছে। ছোৱালীজনীৰ পিতৃ-মাতৃয়ে অৱশ্যে দাবী কৰিছে যে কেৱল পৰ্ণগ্ৰাফীহে দেখুওৱা হোৱা নাছিল, তেওঁলোকৰ কন্যাক যৌন নিৰ্যাতনো কৰা হৈছিল।

ছাত্ৰীগৰাকীৰ পৰিয়ালে আৰক্ষীক জনোৱা মতে, বিগত কিছুদিন ধৰি এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে। তেওঁলোকে কিবা সন্দেহ কৰিছিল যদিও ছোৱালীজনীয়ে ভয়ত একো কোৱা নাছিল। অৱশেষত শনিবাৰে পোহৰলৈ আহে এই ঘটনা। ইয়াৰ পাছতে বাকী থকা ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে বিদ্যালয়খন ভাঙি জুই লগাই দিয়ে। শিক্ষকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তাৰ পাছত আৰক্ষীয়ে শিক্ষকজনৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰে। তেওঁৰ সন্ধান আৰম্ভ কৰা হৈছে।

অভিভাৱকসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত বিদ্যালয়খনত উপস্থিত আছিল প্ৰধান শিক্ষকগৰাকী। বহু লোকে তেওঁক আক্ৰমণ কৰিছিল। কিন্তু কেনেবাকৈ নিজকে বচাই তাৰ পৰা পলায়ন কৰে। ইফালে, বিদ্যালয়খনত ভাঙি-ছিঙি জুই লগোৱাৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে। তেওঁৰ মতে, চৰকাৰী সম্পত্তি ধ্বংস কৰা সকলক ৰেহাই দিয়া নহ’ব।

Recent News

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

অসমক বহিৰাগত বৃহৎ বণিয়াৰ উপনিৱেশত পৰিণত কৰিছে হিমন্ত বিশ্ব শৰ্মাই : অজিত কুমাৰ ভূঞা

অসমক বহিৰাগত বৃহৎ বণিয়াৰ উপনিৱেশত পৰিণত কৰিছে হিমন্ত বিশ্ব শৰ্মাই : অজিত কুমাৰ ভূঞা

৩ আগষ্টত অনুষ্ঠিত হ’ব NEET PG পৰীক্ষা; উচ্চতম ন্যায়ালয়ে দিলে অনুমতি

৩ আগষ্টত অনুষ্ঠিত হ’ব NEET PG পৰীক্ষা; উচ্চতম ন্যায়ালয়ে দিলে অনুমতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd