বিমানত উঠিবলৈ সাজু হৈ আছিল এজন যাত্ৰী। কিন্তু তাৰ আগতে এটা সমস্যাৰ সৃষ্টি হ’ল। হঠাৎ তেওঁৰ হৃদৰোগ ধৰা পৰিল। ইয়াৰ পাছত তেওঁ চেতনা হেৰুৱাই বিমানবন্দৰৰ ভিতৰত পৰিল। কৰ্তব্যৰত চি আই এছ এফৰ কনিষ্টবল এজনে হঠাতে পৰি থকা এজন যাত্ৰীক দেখি লৰালৰিকৈ আহিল। যাত্ৰীজন হৃদযন্ত্ৰ বন্ধ হৈ থকা বুলি গম পাই তেওঁ কাৰ্ডিঅ’পালমোনাৰী ৰিচাইচিটেচন (চিপিআৰ) আৰম্ভ কৰে। ইয়াৰ পাছতে তেওঁক সচেতন হোৱাৰ লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয়।
যোৱা ২০ আগষ্টত দিল্লী বিমানবন্দৰৰ টাৰ্মিনেল ২ত সংঘটিত হৈছিল এই ঘটনা। বিমানবন্দৰৰ সূত্ৰ অনুসৰি সেইদিনা নিশা প্ৰায় ১১ বজাত সংঘটিত হয় এই ঘটনা। দিল্লীৰ পৰা শ্ৰীনগৰ অভিমুখী বিমানবন্দৰত উপস্থিত হয় আৰ্ছিদ আয়ুব নামৰ এজন যাত্ৰী। সময়মতে বিমানবন্দৰ পালেহি। সেই সময়ত হঠাৎ আয়ুবে চেতনা হেৰুৱাই পেলালে। কেইহাতমান দূৰত আছিল চি আই এছ এফৰ দুজন জোৱান। এনেদৰে খোজকাঢ়ি যোৱা যাত্ৰী এজনক দেখি তালৈ আহিছিল। যাত্ৰীসকলো স্তম্ভিত হৈ পৰিল। কি হ’ল চাবলৈ কৌতুহলী। সেইসমূহক আঁতৰোৱাৰ পাছত চিআইএছএফৰ এজন জোৱানে আয়ুবক চিকিৎসা কৰিবলৈ আৰম্ভ কৰিলে। চিপিআৰেৰে তেওঁক পুনৰুজ্জীৱিত কৰিবলৈ চেষ্টা কৰিছিল।
যেতিয়া আয়ুবে চেতনা লাভ কৰে তেতিয়া তেওঁক ছফদাৰজং হাস্পতালত ভৰ্তি কৰা হয়। বিমানবন্দৰৰ সূত্ৰৰ পৰা জানিব পৰা মতে, চিআইএছএফৰ জোৱানৰ প্ৰচেষ্টাত যাত্ৰীগৰাকী বাচি যায়। যাত্ৰীজন হাৰ্ট এটেকত আক্ৰান্ত হৈছিল। এজন বিষয়াই লগতে কয় যে চিআইএছএফৰ জোৱানজনে যদি সময়মতে চিপিআৰ নিদিলেহেঁতেন তেন্তে যাত্ৰীজনৰ জীৱন ৰক্ষা নহ’লহেঁতেন।