• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পোৱালি উৎপাদন বন্ধেৰে বজাৰত কুকুৰাৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰিব বিচৰা ব্যৱসায়িক গোষ্ঠীৰ বিৰুদ্ধে চৰকাৰৰ তদন্ত ঘোষণা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 22, 2018 7:48 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত ব্ৰইলাৰ আৰু ক্ৰইলাৰ কুকুৰা যোগান ধৰা এটা আগশাৰীৰ সংস্থাই মে মাহত কৃত্ৰিম পদ্ধতিৰে কণী উমনি দিয়া প্ৰক্ৰিয়াটো বন্ধ ঘোষণা কৰি ৰাজ্যত কুকুৰাৰ বজাৰত সাম্ভাব্য কৃত্ৰিম নাটনিৰ সৃষ্টি কৰিব বিচৰা কাৰ্যৰ এক তদন্ত কৰিছে অসম পশুধন আৰু হাঁহ-কুকুৰা নিগম বা Assam Livestock and Poultry Corporation (ALPCO)-এ।

উল্লেখ্য যে, ইষ্টাৰ্ন ইণ্ডিয়া প’লট্ৰি ডেভেলপমেণ্ট ফ’ৰাম নামৰ সংস্থাটোৱে ১৬ মে’ত এক জাননী জাৰি কৰি তেওঁলোকৰ অধীনত থকা সকলো ফাৰ্মক ২৬ মে’ৰ মাজনিশাৰ পৰা ২ জুন পৰ্যন্ত কৃত্ৰিম পদ্ধতিৰে কণী উমনি দিয়া প্ৰক্ৰিয়া বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছিল। সংস্থাটোৱে লগতে উক্ত দিনকেইটাত উমনিৰ বাবে ৰখা কণীৰ বিক্ৰী কৰা আৰু ৰে’ল বা পথপৰিবহণ ব্যৱস্থাৰে বাহিৰৰ পৰা আমদানি কৰাও বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছিল।

Apply Now

ইষ্টাৰ্ন ইণ্ডিয়া প’লট্ৰি ডেভেলপমেন্ট ফ’ৰামে এই নিৰ্দেশটো থকা জাননীখনত উল্লেখ কৰিছিল যে কণী উমনি দিয়া প্ৰক্ৰিয়া বন্ধ ৰখাৰ ফলত জুন মাহৰ ১৭ তাৰিখৰ পৰা ২৩ তাৰিখলৈ বজাৰত এদিনীয়া কুকুৰা পোৱালি উপলব্ধ নহ’ব। নক’লেও হ’ব যে ইয়াৰ জৰিয়তে বজাৰত কুকুৰাৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত ব্যৱসায়িক গোষ্ঠীটোৱে এক কুটিল চক্ৰান্ত কৰিছে।

Poultry-2-300x184

ব্যৱসায়িক গোষ্ঠীটোৰ এনে এক পক্ষীয় সিদ্ধান্তৰ বিষয়ে ALPCOৰ অধ্যক্ষ মনোজ শইকীয়াই সোমবোৰে নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়া মতে ইতিমধ্যে নিগমে ইষ্টাৰ্ন ইণ্ডিয়া প’লট্ৰি ডেভেলপমেন্ট ফ’ৰামে কণী উমনি দিয়া প্ৰক্ৰিয়া বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা বিষয়ত আলোচনা কৰি শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ দ্বাৰা এক তদন্ত কৰাৰ নিৰ্দেশ দিছে।

‘‘ফ’ৰামৰ এই সিদ্ধান্তৰ বিষয়ে আমি জানিব পাৰিছো। কিন্তু এইদৰে কণী উমনি দিয়া বন্ধ ৰখাৰ সিদ্ধান্ত সম্পৰ্কে আমাৰ লগত কোনো আলোচনা কৰা নাই।’’ তেওঁ লগতে কয় যে কুকুৰা উৎপাদনৰ লগত জড়িত কোনো লোকে এনেদৰে বজাৰত কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি গ্ৰাহকক সমস্যাত পেলাব নোৱাৰে।

প্ৰাপ্ত তথ্যমতে, যোৱা ১৩ মে’ত গুৱাহাটীৰ ‘লিলি হোটেলত’ ইষ্টাৰ্ন ইণ্ডিয়া প’লট্ৰি ডেভেলপমেণ্ট ফ’ৰামৰ কেইবাগৰাকীও অসমৰ বাহিৰৰ সদস্যই কণী উমনি দিয়া বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণৰ বাবে এক সভা অনুষ্ঠিত কৰে।

আশ্চৰ্যজনকভাৱে এই বিষয়টো সন্দৰ্ভত অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালক ডাঃ অনুপ কুমাৰ দাসৰ সৈতে যোগাযোগ কৰাত তেওঁ পশুপালন বিভাগৰ আয়ুক্ত সচিব মুক্তি গগৈৰ পৰাহে এই বিষয়ে অৱগত হোৱা বুলি জানিবলৈ দিয়ে।

তেওঁ কয়, ‘‘ইষ্টাৰ্ন ইণ্ডিয়া প’লট্ৰি ডেভেলপমেণ্ট ফ’ৰামে কি কাৰণে এই সিদ্ধান্ত লৈছে আমি এই বিষয়ত একেবাৰে অৱগত নহয়, গতিকে বিষয়টো সন্দৰ্ভত এতিয়াই কোনো মন্তব্য কৰিব নোৱাৰিম।’’ এই বিষয়ত ফ’ৰামৰ সৈতে আলোচনা কৰি এক সিদ্ধান্তত লোৱা হ’ব বুলিও তেওঁ লগতে জানিবলৈ দিয়ে।

অতি আশ্চৰ্যজনকভাৱে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালকে এই জাননী প্ৰকাশ পোৱাৰ ১২০ ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো ইষ্টাৰ্ন ইণ্ডিয়া প’লট্ৰি ডেভেলপমেণ্ট ফ’ৰামৰ সৈতে এই বিষয়ে আলোচনা কৰিবলৈ সময় উলিয়াব পৰা নাই।

Notice-213x300
ইষ্টাৰ্ন ইণ্ডিয়া প’লট্ৰি ডেভেলপমেণ্ট ফ’ৰাম নামৰ ব্যৱসায়িক গোষ্ঠীটোৱে নিৰ্দেশনা সহ জাৰি কৰা জাননীখন।

বোধহয় সঞ্চালকজনে এই কথাটো মন কৰা নাই যে এইদৰে ব্যৱসায়ী গোষ্ঠীটোৱে এক পক্ষীয়ভাৱে উৎপাদন প্ৰক্ৰিয়া বন্ধ কৰি প্ৰতিযোগিতামূলক ব্যৱসায় আইন বা Competition Act of 2002 উলংঘা কৰিছে, যিটো এটা শাস্তিযোগ্য অপৰাধ। আইনখনৰ মতে, ইয়াত জড়িত থকা আৰু ইয়াত সমৰ্থন কৰা সকলকো এই অপৰাধৰ অংশীদাৰ হিচাপে বিবেচনা কৰা হয়।

আনহাতে, পশুপালন বিভাগৰ আয়ুক্ত সচিব মুক্তি গগৈৰ সৈতে যোগাযোগ কৰাত তেওঁ কয় যে তেওঁ ইষ্টাৰ্ন ইণ্ডিয়া প’লট্ৰি ডেভেলপমেণ্ট ফ’ৰামৰ সভাপতি ডঃ এ কে ভাগৱতীৰ সৈতে কথা পাতিছে আৰু কৃত্ৰিমভাৱে কণী উমনি দিয়া বন্ধ ৰখা কাৰ্যৰ পৰা কোনো অসুবিধা নহয় বুলি জানিব পাৰিছে।

গগৈয়ে জানিবলৈ দিয়া মতে ইষ্টাৰ্ন ইণ্ডিয়া প’লট্ৰি ডেভেলপমেণ্ট ফ’ৰামৰ শীৰ্ষ পৰ্যায়ৰ বিষয়ববীয়াই এইদৰে কণী উমনি দিয়া বন্ধ ৰখাৰ ফলত বজাৰত কুকুৰাৰ মূল্যবৃদ্ধি নহয় বুলি প্ৰতিশ্ৰুতি দিছে। তেওঁ কয়, ‘‘ইয়াৰ ফলত যদি বজাৰত কুকুৰাৰ অস্বভাৱিক মূল্যবৃদ্ধি ঘটে তেতিয়া ফ’ৰামৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’’

গগৈয়ে লগতে কয়, ‘‘ভাগৱতীয়ে কুকুৰা উৎপাদক সংস্থাটোৰ সুৰক্ষাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিছে।’’ গগৈয়ে লগতে জনায় যে গৰমৰ দিনকেইটাত নতুনকৈ জন্ম হোৱা কুকুৰাবোৰৰ বেছিভাগ মৃত্যুমুখত পৰে। গতিকে ফ’ৰামে সেই দিনকেইটাত কুকুৰা উৎপাদন নকৰাৰ সিদ্ধান্ত লৈছে। মন কৰিব লগীয়া কথাটো হ’ল ডঃ এ কে ভাগৱতী অসম কৃষি বিশ্ববিদ্যালয়ৰ এজন মীন বিজ্ঞানী আছিল।

ইপিনে, ইষ্টাৰ্ন ইণ্ডিয়া প’লট্ৰি ডেভেলপমেণ্ট ফ’ৰামৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ বি আৰ দাসে নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়া মতে ২৬ মে’ৰ পৰা ২ জুনলৈ কণী উমনি দিয়া প্ৰক্ৰিয়া বন্ধ ৰখাৰ আঁচনিখনৰ ক্ষেত্ৰত কোনো সালসলনি কৰা নহয়। তেওঁ কয়, ‘‘আমাৰ সভাপতি (ভাগৱতী)এ অসম চৰকাৰৰ লগত এইবিষয়ত সম্পূৰ্ণ যোগাযোগ অৱ্যাহত ৰাখিছে’।’’

উল্লেখযোগ্য যে যোৱা ১8 মে’ত এটা অনুসন্ধানমূলক বাতৰিৰ জৰিয়তে নৰ্থ-ইষ্ট নাও-এ উপৰোক্ত ব্যৱসায়িক গোষ্ঠীটোৰ এই চক্ৰান্তৰ কথা পোহৰলৈ আনিছিল। তাৰ পিছতে চৰকাৰে এই তদন্ত ঘোষণা কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd