• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৮ সংখ্যক তিৰোভাৱ তিথি; ভক্তিৰসত বিলীন ভকত-বৈষ্ণৱ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 24, 2024 8:42 am
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুক্তিত নিস্পৃহ যিটো, সেহি ভকতক নমো
ৰসময় মাগোহো ভকতি।
সমস্ত মস্তক মণি নিজ ভকতৰ বশ্য,
ভজো হেন দেৱ যদুপতি॥

আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৮ সংখ্যক তিৰোভাৱ তিথি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰিয় শিষ্য শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত ৰাজ্যৰ প্ৰতিখন সত্ৰ-নামঘৰৰ লগতে ৰাজ্যবাসীয়ে আজি মহাপুৰুষগৰাকীক শ্রদ্ধাৰে সোঁৱৰিছে। মহাপুৰুষগৰাকীৰ তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সত্ৰ-নামঘৰসমূহ। সেইদৰে, ভক্তিৰসত বিলীন হৈ পৰিছে ভকত-বৈষ্ণৱ।

Apply Now

অসমীয়া সমাজ জীৱনত গুৰু শিষ্যৰ সম্বন্ধক এক নতুন মাত্রা প্রদান কৰি ‘গুৰু শিষ্যৰ মণিকাঞ্চন’ সংযোগৰ ঐতিহাসিক গাথাৰে অনাদি কাললৈ খ্যাতি ৰাখি থৈ যোৱা মহাপুৰুষজনাৰ জীৱন আছিল সাধনা আৰু সৃষ্টি এক অপূৰ্ব সমাহাৰ।

১৪৮৯ চনত নাৰায়ণপুৰত জন্ম গ্ৰহণ কৰা গুৰুজনাই ১৫৯৬ চনত কোচবিহাৰৰ ভেলা সত্ৰত জীৱন নাটৰ সামৰণি মাৰে। ১৪৯৮ খৃঃ জেঠ মাহৰ কৃষ্ণা প্রতিপদ তিথিত লখিমপুৰ লেতেকুপুখুৰীৰ হৰিসিং বৰাৰ ঘৰত মাধৱদেৱৰ জন্ম হয়। মাধৱদেৱৰ পিতৃৰ নাম গোবিন্দগিৰি আৰু মাতৃৰ নাম আছিল মনোৰমা আই।

শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ গুৰুসেৱা আছিল ত্যাগৰ মহিমাৰে উদ্ভাসিত। গুৰুজনাৰ ছত্ৰ-ছায়াতে থাকি মাধৱে মানৱ-সেৱাৰ নিমিত্তে গোটেই জীৱন একশৰণ নামধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে উছৰ্গা কৰিছিল।

মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ অপূৰ্ব সৃষ্টি আছিল ‘নামঘোষা’ আৰু ‘ভক্তিৰত্নাৱলী’। মাধৱদেৱে প্রথম আসোঁৱাৰী ৰাগৰ ‘ৰে মন সেবহু হৰিকহু চৰণ’ নামৰ বৰগীত ৰচনা কৰিছিল। মাধৱদেৱৰ জীৱনৰ কালজয়ী সৃষ্টি হ’ল-নামঘোষা। নামঘোষাত এহেজাৰটা ঘোষা থকাৰ বাবে ইয়াক হেজাৰী ঘোষা বুলিও কোৱা হয়।

মহাপুৰুষগৰাকীয়ে তেওঁৰ জীৱন কালত একাধিক বৰগীত, ভটিমা, ঝুমুৰা আদি ৰচনা কৰিছিল। কথাগুৰু চৰিতৰ মতে মাধৱদেৱে ১৯১ টা বৰগীত ৰচনা কৰিছিল।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগ পোৱাৰ আগতে মহাপুৰুষ মাধৱদেৱ শাক্ত ধৰ্মী লোক আছিল। এবাৰ মাকৰ অসুখ হোৱাত তেওঁ দেৱীৰ আগত মাক সুস্থ হৈ উঠিলে দুটা ছাগলী বলি দিম বুলি প্ৰতিজ্ঞা কৰিছিল। কিন্তু সকলো মনস্থ কৰিও ভনীজোঁৱায়েকৰ কথামতে মাধৱদেৱে শ্ৰীমন্ত শংকৰদেৱৰ ওচৰলৈ গৈ বলি বিধানকলৈ যুক্তি-তৰ্কত লিপ্ত হয়। শেষত শংকৰদেৱৰ যুক্তিৰ ওচৰত হাৰ মানি তেওঁ শংকৰদেৱে প্ৰৱৰ্তন কৰা একশৰণ ধৰ্মত দীক্ষা লয়। শংকৰ-মাধৱৰ এই মিলনক মণি-কাঞ্চন সংযোগ বুলি জনা যায়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

June 15, 2026 4:21 pm
শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

June 15, 2026 4:03 pm
স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm
তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

June 15, 2026 4:21 pm
শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

June 15, 2026 4:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd