• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

ওঁঠৰ স্বাভাৱিক গুলপীয়া আভা সলনি হৈ হালধীয়া, ক'লা বা নীলা হ'বলৈ ধৰিলে সেয়া আওকাণ কৰাটো অতি বিপজ্জনক হ'ব পাৰে, কিয়নো ই হিম'গ্ল'বিনৰ অভাৱৰ পৰা আৰম্ভ কৰি যকৃতৰ ৰোগলৈকে বিভিন্ন সমস্যাৰ ইংগিত দিয়ে

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 23, 2026 7:49 am
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাধাৰণতে ওঁঠৰ ক’লা দাগ প্ৰসাধন সামগ্ৰীৰে ঢাকি ৰখা হয় যদিও ইয়াৰ আকস্মিক ৰং পৰিৱৰ্তনে শৰীৰত বাহ লৈ থকা কোনো গুৰুতৰ ৰোগৰ ইংগিত বহন কৰিব পাৰে। চিকিৎসা বিজ্ঞানৰ পৰ্যবেক্ষণ অনুসৰি, ওঁঠৰ স্বাভাৱিক গুলপীয়া আভা সলনি হৈ হালধীয়া, ক’লা বা নীলা হ’বলৈ ধৰিলে সেয়া আওকাণ কৰাটো বিপজ্জনক হ’ব পাৰে। ধুমপান নকৰা ব্যক্তি এগৰাকীৰ ক্ষেত্ৰতো যদি ওঁঠৰ ৰঙৰ এনে অস্বাভাৱিক পৰিৱৰ্তন দেখা যায়, তেন্তে ইয়াৰ দ্বাৰা শৰীৰৰ বিভিন্ন জটিল ৰোগৰ উপস্থিতি সহজতেই চিনাক্ত কৰিব পৰা যায়।

 

Apply Now

ওঁঠৰ স্বাভাৱিক গুলপীয়া ৰঙ হেৰুৱাই অতিৰিক্তভাৱে শেঁতা বা বগা পৰিলে ই শৰীৰত হিম’গ্ল’বিনৰ মাৰাত্মক ঘাটি হোৱাটো সূচায়। শৰীৰত আইৰণৰ অভাৱ হ’লে বা ৰক্ত সঞ্চালন সঠিকভাৱে নহ’লে ওঁঠৰ সূক্ষ্ম ৰক্তনলীবোৰত পৰ্যাপ্ত তেজ নাপায়, যাৰ ফলত ওঁঠ শেঁতা পৰে। ইয়াৰ উপৰি ৰক্তচাপ হ্ৰাস পালে বা ভিটামিন বি-১২ৰ অভাৱ হ’লেও ওঁঠৰ ৰং শেঁতা পৰিব পাৰে। আনহাতে, ওঁঠৰ ৰং হঠাৎ নীলা বা বেঙুনীয়া হোৱাটো তেজত অক্সিজেনৰ ঘাটি হোৱাৰ লক্ষণ হ’ব পাৰে। দীৰ্ঘদিন ধৰি হাঁপানী, চিঅ’পিডি বা নিউম’নিয়াৰ দৰে শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভুগি থকা লোকৰ ক্ষেত্ৰতো এনে সমস্যা দেখা যায়। তদুপৰি জন্মগতভাৱে হৃদযন্ত্ৰৰ ৰোগ থাকিলেও ওঁঠৰ ৰং নীলা হ’ব পাৰে।

 

লিপষ্টিক ব্যৱহাৰ নকৰাকৈয়ে ওঁঠ অস্বাভাৱিকভাৱে গাঢ় ৰঙা দেখা গ’লে সেয়া যকৃতৰ ৰোগৰ লক্ষণ হ’ব পাৰে। বহু সময়ত প্ৰসাধন সামগ্ৰীৰ পৰা হোৱা এলাৰ্জিৰ ফলতো ওঁঠৰ কোষত প্ৰদাহৰ সৃষ্টি হয়, যাৰ বাবে ওঁঠ ফুলি ৰঙা পৰাৰ লগতে জ্বলা-পোৰা কৰিব পাৰে। আনহাতে, ওঁঠ বা ইয়াৰ আশে-পাশে থকা ছালত হালধীয়া ভাব ফুটি উঠিলে ই জণ্ডিচৰ লক্ষণ হ’ব পাৰে। পিত্তাশয়ত পাথৰ জমা হ’লে, যকৃতত কোনো সংক্ৰমণ ঘটিলে বা যকৃতত ক্ষত সৃষ্টি হ’লেও ওঁঠৰ ৰং হালধীয়া হ’ব পাৰে। একেদৰে অতিৰিক্ত ধুমপান, অত্যাধিক চাহ-কফি পান বা ম্যাদ উকলি যোৱা লিপষ্টিকৰ ব্যৱহাৰৰ ফলত ওঁঠত মেলানিন জমা হৈ ক’লা দাগ পৰাটো এক সাধাৰণ সমস্যা যদিও শৰীৰত হৰম’নৰ ভাৰসাম্যহীনতা হ’লেও ওঁঠত ক’লা ছাব পৰিব পাৰে।

 

ইয়াৰ লগতে ওঁঠৰ ৰং যদি বিবৰ্ণ বা ধূসৰ বৰণীয়া দেখা যায়, তেন্তে সেয়া বিপাকীয় ক্ৰিয়াজনিত ত্ৰুটিৰ কাৰণে হ’ব পাৰে। শৰীৰত কোষ্ঠকাঠিন্য বা দীৰ্ঘদিনীয়া এচিডিটিৰ সমস্যা থাকিলেও ওঁঠৰ ৰঙৰ এনে অস্বাভাৱিক পৰিৱৰ্তন ঘটিব পাৰে। সামগ্ৰিকভাৱে, ওঁঠৰ ৰঙৰ পৰিৱৰ্তনে শৰীৰৰ আভ্যন্তৰীণ স্বাস্থ্যৰ অৱস্থা প্ৰতিফলিত কৰে, সেয়েহে এনে পৰিৱৰ্তন দেখা দিলে ইয়াক আওকাণ নকৰি সঠিক সময়ত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো আৱশ্যক।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am
ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am
চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

October 15, 2026 7:38 am
দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am
ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd