• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মটক ৰজা সৰ্বানন্দ সিংহ দিৱসৰ প্ৰস্তুতি সম্পন্ন : মুখ্য মন্ত্ৰী সোণোৱালক প্ৰদান কৰিব স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 22, 2018 8:18 am
Chief Minister Sarbananda Sonowal

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঐতিহাসিক মটক ৰাজ্যৰ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২১৩ সংখ্যক মৃত্যু তিথি উপলক্ষে ২৪ৰ পৰা ২৭ মে’লৈ তিনিচুকীয়াৰ পদুমণিস্থিত মৈদামস্থলীত বৰ্ণাঢ্য কাৰ্যসূচীৰে সৰ্বানন্দ সিংহ দিৱস উদযাপন কৰা হ’ব। ইতিমধ্যে দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠা বুলি সোমবাৰে এক সংবাদমেল যোগে আয়োজকে জানিবলৈ দিয়ে।

উল্লেখ্য যে এই দিৱসৰ লগত সংগতি ৰাখি অহা ২৭ মে’ত মুখ্য মন্ত্ৰীক স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা প্ৰদান কৰা হ’ব। বঁটা প্ৰদান কৰিব সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন,  সদৌ অসম মটক মহিলা পৰিষদে।

Apply Now

২৪ মে’ অৰ্থাৎ দিৱসৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ধৰ্মধ্বজা উত্তোলন কৰাৰ পাছত মটক জনগোষ্ঠীৰ আটাইকেইটা সংগঠনৰে পতাকা উত্তোলন কৰিব। ইয়াৰ পাছতে তিনিচুকীয়াৰ তিনিকোণীয়া পুখুৰীৰ পাৰত অৱস্থিত নামঘৰত ভাগৱত পাঠ কৰাৰ লগতে পুখুৰীৰ মাজত থকা ৰজাৰ মূৰ্তিত মাল্যাৰ্পণ কৰিব। ইয়াৰ সমান্তৰালভাৱে আইটিআই খেলপথাৰৰ মূল মণ্ডপত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

ইফালে দ্বিতীয় দিনা ২৫ মে’ত এক মননশীল বিষয়ৰ ওপৰত অনুষ্ঠিত হ’ব আলোচনা-চক্ৰ। ‘মটক যুৱক-যুৱতীসকলৰ শিক্ষাৰ পথ নিৰ্ধাৰণ আৰু কৰ্মসংস্থাপনৰ লগতে আধ্যাত্মিক জ্ঞানৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোচনা, এই বিষয়ত জনগোষ্ঠীয় সংগঠনসমূহৰ কৰণীয়’, শীৰ্ষক আলোচনা-চক্ৰত দুগৰাকী কেৰিয়াৰ কাউন্সিলাৰৰ লগতে বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকিব।

আনহাতে, মটক জনগোষ্ঠীৰ হেৰাই যাব ধৰা লোকগীত, লোকনৃত্য, লোকাচাৰ আদিৰ প্ৰদৰ্শন কৰা হ’ব বুলিও সংবাদমেলত জানিবলৈ দিয়ে। ইয়াৰ উপৰি মটক ৰজা সৰ্বানন্দ সিংহই ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হৈছে।

২৬ মে’ত অসমৰ সকলো জাতি-জনগোষ্ঠীৰ সংগঠনৰ জনগোষ্ঠীয় সন্মিলন অনুষ্ঠিত হ’ব। ২৭ মে’ৰ পুৱা ন-পুখুৰীৰ পৰা বৰগুৰি অনুষ্ঠানস্থলীলৈ সাংস্কৃতিক শোভাযাত্ৰা উলিয়াব। ইয়াৰ পাছতে অনুষ্ঠিত হ’ব মুকলি সভা। আৰু এই মুকলি সভাতে মুখ্যমন্ত্ৰী সোণোৱালক স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটাৰে সন্মান প্ৰদান কৰা হ’ব।

এই অনুষ্ঠানতে সমাজলৈ আগবঢ়োৱা অনৱদ্য অৱদানৰ বাবে আন কেইবাগৰাকী বিশিষ্ট ব্যক্তিকো সম্বৰ্ধনা জ্ঞাপন কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd