ঘৰতে হওক বা বাহিৰতে হওক, একে ঠাইতে বহি টকাৰ লেনদেন কৰাটো এতিয়া ভাতৰ লগত পানী খোৱাৰ দৰে হৈ পৰিছে। তাৰ একমাত্ৰ কাৰণ হ’ল ইউপিআই (ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ)ৰ দ্বাৰা সহজ কৰি তোলা অনলাইন পেমেণ্টৰ সুবিধা। সকলো কাম ফোনৰ পৰা এটা ক্লিকতে হয়। এইবাৰ ঋণৰ ক্ষেত্ৰতো এই সুবিধা উপলব্ধ হ’ব। তাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে বিভিন্ন প্ৰযুক্তি আনিবলৈ গৈ আছে। এই সন্দৰ্ভত ৰাজ্যপাল শক্তিকান্ত দাসে সবিশেষ দাঙি ধৰিছে।
UPI ৰ আৰ্হিতে এইবাৰ আহিবলৈ গৈ আছে ULI । ইয়াৰ সম্পূৰ্ণ নাম ‘ইউনিফাইড লেণ্ডিং ইন্টাৰফেচ’। আৰ বি আইৰ ৰাজ্যপাল শক্তিকান্ত দাসে কয় যে এই প্ৰযুক্তিৰ জৰিয়তে ঋণ প্ৰদান প্ৰক্ৰিয়া সহজ হৈ পৰিব। মূলতঃ কৃষি খণ্ড, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে ঋণ প্ৰদানৰ ব্যৱস্থা সহজ কৰি তোলাৰ বাবে আৰ বি আইয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে। ইউ পি আইৰ জৰিয়তে বেংক একাউণ্টলৈ ধন লেনদেনৰ দৰে ঋণৰ ক্ষেত্ৰতো একেধৰণৰ সুবিধা প্ৰদান কৰিবলৈ ওলাইছে।
লগতে পঢ়কঃ দেশৰ ৫০ শতাংশ ভোটাৰৰ আৰু ভৰসা নাই মোডীৰ ওপৰত! চাঞ্চল্যকৰ তথ্য সমীক্ষাত
ইউএলআইয়ে অনলাইন নগদ লেনদেনৰ বাবে ইউপিআইয়ে যিদৰে কাম কৰে, সেইদৰেই কাম কৰিব। এপ আকাৰৰ এই প্ৰযুক্তি আচলতে হ’ব ডিজিটেল তথ্য ভাণ্ডাৰ। লগতে ভূমি সম্পৰ্কীয় বিভিন্ন তথ্যও থাকিব। ঋণদাতা আৰু ঋণ লোৱা দুয়ো পক্ষই এয়া দেখিব।
এক কথাত সাধাৰণ মানুহে ঋণ সম্পৰ্কীয় সকলো তথ্য এটা ক্লিকতে পাব। অৱশ্যে অহা কেইমাহমানৰ ভিতৰত এই প্ৰযুক্তি নাহে। আৰ বি আইয়ে কয় যে এই প্ৰকল্পৰ কাম এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আছে। দেশজুৰি মুকলি কৰিবলৈ এতিয়াও কিছু সময় লাগিব।
এতিয়া কোনোবাই ঋণ ল’বলৈ গ’লে বহু সময় খৰচ হয়। এই এপটোৰ ধাৰণাটো হ’ল কম সময়ৰ ভিতৰতে গোটেই প্ৰক্ৰিয়াটো বনাবলৈ চেষ্টা কৰা। ৰিজাৰ্ভ বেংকে ইউপিআইৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰি ঋণ দিয়াৰ সমগ্ৰ বিষয়টো এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত বান্ধি ৰাখিব বিচাৰিছে। যাতে ঋণদাতা আৰু ঋণ লোৱা দুয়োপক্ষই লাভৱান হয়।
লগতে পঢ়কঃ ভাঙি পৰিল যোৱা বছৰ প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰা ছত্ৰপতি শিৱাজীৰ ৩৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি
আৰ বি আইৰ গৱৰ্ণৰে অনুভৱ কৰে যে ইউ পি আইয়ে যেনেকৈ বিত্তীয় লেনদেন সৰল কৰি তুলিছে, ইউ এল আইয়েও ঋণৰ বিষয়টোও সহজ কৰি তুলিব।