• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৰ্থইষ্ট নাও আছুতীয়া: মন্ত্ৰী পীযুষৰ বিভাগত অৰাজকতা; লখিমপুৰ শাখা চৰকাৰী ছপাশাল স্থাপনৰ নামত হোজা-নিৰক্ষৰ ব্যক্তিক প্ৰতাৰণা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 31, 2024 12:46 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ মুদ্ৰণ আৰু লেখন সামগ্ৰী সঞ্চালকালয়ৰ অধীনত লখিমপুৰ শাখা চৰকাৰী ছপাশাল স্থাপনৰ নামত চৰম নৈৰাজ্যৰ কথা পোহৰলৈ আহিছে। আনকি এটা পৰিয়ালে দান দিয়া মাটিৰ পৰিৱৰ্তে তেওঁৰেই আন পট্টাৰ মূল্যৱান মাটিত শাখা ছপাশালটো নিৰ্মাণৰ দৰে গুৰুতৰ অভিযোগো উঠিছে।

লখিমপুৰ জিলাৰ কদম মৌজাৰ বগীনদী থানাৰ অন্তৰ্গত বালিজান গাঁৱৰ এজন দৰিদ্ৰ সীমাৰেখাৰ তলৰ নিবনুৱা যুৱক দীপজ্যোতি চুতীয়াই যোৱাবছৰ নৱেম্বৰত লখিমপুৰ জিলাৰ উপাযুক্তলৈ ন্যায় বিচাৰি এখন পত্ৰ লিখিছিল।

পত্ৰখনত তেওঁ লিখিছিল, ‘’মোৰ দেউতা শ্ৰী পোনাৰাম চুতীয়া এজন নিৰক্ষৰ আৰু অতি হোজা লোক। যোৱা ইং ১৭ আগষ্ট ২০১৬ বৰ্ষত তেওঁ লখিমপুৰ শাখা চৰকাৰী ছপাশাল স্থাপনৰ কাৰণে কদম মৌজাৰ অন্তৰ্গত নাহৰবাৰী ৰেভিনিউ মেপৰ নিজা নামত থকা ১ বিঘা ২ লেচা (ম্যাদী পট্টা নং ৮৩ আৰু দাগ নং ১৩৭ আৰু ১৩৮) মাটি দান দিছিল। কিন্তু, উক্ত ছপাশালটো বলপূৰ্বকভাৱে মোৰ নিজা মাটি অন্য বালিজান মেপৰ ২৮ নংম্যাদী পট্টাৰ ৩ নং দাগতহে স্থাপন কৰিলে।‘’

Apply Now

দীপজ্যোতিয়ে লগতে উপায়ুক্তক অৱগত কৰি লিখে, ‘’উক্ত দুয়োটা মাটিৰ স্থান মোৰ নিজা দখলদাৰী আৰু দানসূত্ৰে দিয়া মাটিৰ বিনিময়ত মোৰ এটি চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে সেই সময়ৰ সঞ্চালক মহোদয়ে উপস্থিত হৈ মৌখিক প্রতিশ্ৰুতি প্রদান কৰিছিল আৰু মোৰ দেউতাই মাটি দান দিয়াৰ সময়ত মই কৰ্মসূত্ৰে বাহিৰত কৰ্তব্যৰত হৈ আছিলো। গতিকে, দেউতাৰ নিৰক্ষতাৰ সুযোগ লৈ দান দিয়া মাটিত চৰকাৰী ছপাশালটো স্থাপন নকৰি মোৰ নিজা মাটি ৰাষ্ট্ৰীয় ঘাইপথৰ পথৰ দাঁতিত থকা মূল্যবান মাটিত স্থাপন কৰিলে।‘’

উপায়ুক্তলৈ আবেদন জনাই দীপজ্যোতিয়ে পত্ৰখনত লিখিছে, ‘’মোৰ দেউতাই উক্ত ছপাশালটোৰ স্থাপনৰ বাবে চুক্তিবদ্ধ কৰা পট্টা নং ৮৩ আৰু দাগ নং ১৩৭ আৰু ১৩৮ ত স্থাপন নকৰি বৰ্তমানে স্থাপন কৰা পট্টা নং ২৮ আৰু দান নং ৩ ৰ পৰা পূৰ্বতে চুক্তিবদ্ধ কৰা ঠাইলৈ স্থানান্তৰ কৰাৰ নিৰ্দেশৰ বিহীত ব্যৱস্থা গ্ৰহণ কৰি দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা পৰিয়ালটোৰ মহৎ উপকাৰ সাধন কৰে যেন।‘’

এতিয়া কথা হ’ল ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ কৰা লখিমপুৰ শাখা চৰকাৰী ছপাশালটো পুনৰ স্থানান্তৰ কৰা সম্ভৱ হ’বনে? ভুক্তভোগী পৰিয়ালটোৱে ন্যায় পাবনে?

ইপিনে, লখিমপুৰ শাখা চৰকাৰী ছপাশালটো স্থাপন কৰা পিছত তাত কাম আৰম্ভ কৰাৰ অচিলাৰে কমিছনৰ অংকত কোটি টকাৰ ছপা মেচিনো ক্ৰয় কৰা হয়। লগতে তাত ৰখীয়া হিচাপে চকীদাৰ ৰাখি স্থাপনাটোত পহৰাৰ ব্যৱস্থা কৰা হৈছে। কিন্তু কাম আৰম্ভ কৰিব নোৱাৰাত এই কোটিটকীয়া স্থাপনাটো এতিয়া চৰকাৰৰ বগাহাতীত পৰিণত হৈছে।

জানিব পৰা মতে, বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাৰ অধীনত মুদ্ৰণ আৰু লেখন সামগ্ৰী সঞ্চালকালয়ৰ উৰ্ধতন বিষয়াসকলে মইমতালি প্ৰদৰ্শন কৰি যধেমধে ৰাজকোষৰ ধন ব্যয় কৰি স্বেচ্ছাচাৰিতা দেখুৱাই আহিছে। লখিমপুৰ শাখা চৰকাৰী ছপাশালটো আৰম্ভ কৰাটো নিশ্চয়তা নোহোৱাৰ পিছতো মোটা অংকৰ কমিছনৰ বিনিময়ত কোটি টকাৰ ছপা মেচিন-সামগ্ৰী ক্ৰয় কৰি পেলাই ৰখাত স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে।

সূত্ৰসমূহৰ মতে এই সকলোবোৰ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাৰ আশীৰ্বাদতে সম্ভৱ হৈছে। এতিয়া বিভাগৰ এনে মইমতালি তথা স্বেচ্ছাচাৰিতাৰ বাবেই  লখিমপুৰ শাখা চৰকাৰী ছপাশালটো ভালুকৰ সাঙীত পৰিণত হৈছে।

আনহাতে, বিভাগৰ অৰাজকতাৰ বাবে মাটি দান কৰা সাধাৰণ হোজা পৰিয়ালটোৱে ন্যায়ৰ অপেক্ষাত দিন কটাইছে।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd