• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্ব শৰ্মাই ৰাজপাট পোৱাৰ পাছত কেনেকৈ আলাউদ্দিনৰ চাকি পালে পত্নী ৰিণিকিৰ প্ৰাইড ইষ্টে?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
August 31, 2024 9:10 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছতেই কঁপাল ফুলিল পত্নী ৰিণিকি ভূঞা শৰ্মাৰ মালিকীস্বত্ব থকা Pride East Entertainment ৰ! মন্ত্ৰী পিযুষ হাজৰিকা নেতৃত্বাধীন জনসংযোগ বিভাগৰ পৰা তিনিবছৰতে লাভ কৰিলে ২০ কোটিৰো অধিক টকাৰ চৰকাৰী বিজ্ঞাপনৰ নামত ধন!

যি বিজ্ঞাপনৰ ধন ২০১০ চনৰ পৰা ২০২১ চনলৈকে লাভ কৰিবলৈ সক্ষম হোৱা নাছিল শৰ্মা পত্নী পৰিচালন সঞ্চালক হৈ থকা Pride East Entertainment এ!  জানিলে আচৰিত হ’ব বা চকু কপালত উঠিব যে মুঠ ১১ বছৰতহে Pride East Entertainment এ লাভ কৰিছিল ১০,৪০,৪৯,৯৯৪ টকাৰ বিজ্ঞাপন!

এয়া আছিল ২০১০-২১ চনৰ সময়ৰ কথা! অৰ্থাৎ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ৰ কথা। কিন্তু ২০২১ চনৰ ১০ মে’ত ৰাজপাটত বহিল নিজকে দক্ষ আৰু প্ৰতাপী দেখুওৱা হিমন্ত বিশ্ব শৰ্মা। তাৰ পাছতে ভাগ্য উদয় হ’ল Pride East Entertainment ৰ। যেন লাভ কৰিলে আলাউদ্দিনৰ সেই বিশেষ চাকিগছি। জনসংযোগৰ পৰা ১০ বছৰে লাভ কৰা চৰকাৰী বিজ্ঞাপনৰ ধনৰ দুগুণ ধন লাভ কৰিলে মাত্ৰ ৩ বছৰতে!

Apply Now

সেইমতে, ২০২১০-২১ চনলৈকে লাভ কৰা ১০,৪০,৪৯,৯৯৪ টকাৰ বিপৰীতে  ২০২১-২৪ চনৰ ভিতৰত অৰ্থাৎ ৩ বছৰত Pride East এ লাভ কৰিলে ২০,১১২০৮৫০ টকা!

ইয়াৰে ২০২১-২২ বৰ্ষত চৰকাৰী বিজ্ঞাপনৰ নামত লাভ কৰিলে ৫,৫২,৪১,৯২৯ টকা! ২০২২-২৩ বৰ্ষত বিজ্ঞাপনৰ নামত লাভ কৰিলে ৩,৭৪,৯০,৯৩৭ টকা! শুনি আচৰিত হ’লেও এয়াই সত্য যে ২০২৩-২৪ বৰ্ষতে Pride East Entertainmentএ  লাভ কৰিলে ১০,০৪,৯৮,৩২৩ টকা!

বিধানসভাত লাহৰীঘাট সমষ্টিৰ বিধায়ক আচিফ মহম্মদ নাজাৰে কৰা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পিযুষ হাজৰিকাই তথ্য আৰু জনসংযোগ বিভাগে প্ৰদান কৰা তথ্যৰ পাছতেই পোহৰলৈ আহিল এই কথা। প্ৰশ্ন হৈছে, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টে চৰকাৰী বিজ্ঞাপন প্ৰচাৰৰ বাবদ লাভ কৰিলে নেকি ১১ বছৰৰ তুলনাত তিনি বছৰতে দুগুণ ধনৰাশি। অভাৱনীয় হাৰত তিনিটা বছৰত চৰকাৰী বিজ্ঞাপনৰ প্ৰচাৰৰ নামত বৃদ্ধি পোৱা এই ধনৰাশিৰ প্ৰসংগই কি সূচাইছে সেই প্ৰশ্নৰ উত্তৰ ৰাইজে সহজেই বুজি পাব।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

July 23, 2026 11:01 am
১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

July 23, 2026 10:32 am
আৰক্ষী জোৱানৰ নেমপ্লেট নাছিল কিয়? ব্যৱস্থা গ্ৰহণৰ দাবী জনালে বিজেপি বিধায়ক আনন্দ মিশ্ৰই!

আৰক্ষী জোৱানৰ নেমপ্লেট নাছিল কিয়? ব্যৱস্থা গ্ৰহণৰ দাবী জনালে বিজেপি বিধায়ক আনন্দ মিশ্ৰই!

July 23, 2026 10:17 am
প্ৰতিবাদ স্তব্দ কৰাৰ প্ৰয়াস! চৰকাৰে বন্ধ কৰি দিলে দিল্লীৰ ১৬টাকৈ মেট্ৰ’ ষ্টেচন

প্ৰতিবাদ স্তব্দ কৰাৰ প্ৰয়াস! চৰকাৰে বন্ধ কৰি দিলে দিল্লীৰ ১৬টাকৈ মেট্ৰ’ ষ্টেচন

July 23, 2026 9:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

July 23, 2026 11:01 am
১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

July 23, 2026 10:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd