• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

দেখা গৈছে যে যোৱা চাৰি বছৰত ২৬ জন লোকসভা সাংসদ, ৭ গৰাকী ৰাজ্যসভাৰ সাংসদ আৰু ৭৮ গৰাকী বিধায়কে দল সলনি কৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 26, 2026 9:52 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

133
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়া বিধানসভা নিৰ্বাচনত ক্ষমতাৰ পৰা উৎখাত হোৱাৰ পিছত পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ ২০ জন সাংসদে এন চি পি আইত যোগদান কৰে। মমতা বেনাৰ্জীৰ তৃণমূল প্ৰায় শক্তিহীন হৈ পৰিছে। দল হাৰিলে শাসক শিবিৰত যোগদানৰ ভিৰ ক্ৰমান্বয়ে বাঢ়িছে।দল বাগৰাৰ বিৰুদ্ধে আইন আছে যদিও কাৰ্যক্ষেত্ৰত ইয়াৰ প্ৰয়োগ অতি বিভ্ৰান্তিকৰ।

পশ্চিমবংগৰ শেহতীয়া এই ছবিখন সমগ্ৰ দেশতে চৰ্চাৰ বিষয় হৈ পৰিছে যদিও বাতৰি অনুসৰি এই প্ৰহসনৰ ৰাজনীতিত উত্তৰ-পূবৰ নাগালেণ্ড ৰাজ্যই পশ্চিমবংগ আৰু দেশৰ বাকী অংশক অতিক্ৰম কৰি গৈছে।

তথ্য অনুসৰি ২০২২ চনৰ পৰা ২০২৬ চনলৈ এই ৪ বছৰত দেশত নিৰ্বাচনত জয়ী হোৱাৰ পিছত ১১১ জন সাংসদ আৰু বিধায়কে দল সলনি কৰিছিল। যাৰ ভিতৰত নাগালেণ্ড দেশৰ ভিতৰতে শীৰ্ষত আছে।

Apply Now

এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (এডিআৰ) আৰু নেশ্যনেল ইলেকচন ৱাচৰ এক প্ৰতিবেদন অনুসৰি ২০২২ চনৰ পৰা ২০২৬ চনৰ ভিতৰত সংসদীয় বা ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছত মুঠ ১১১ জন সাংসদ আৰু বিধায়কে দল সলনি কৰিছিল। এই অধ্যয়নত উপ-নিৰ্বাচনো অন্তৰ্ভুক্ত কৰা হৈছিল।

দেখা গৈছে যে যোৱা চাৰি বছৰত ২৬ জন লোকসভা সাংসদ, ৭ গৰাকী ৰাজ্যসভাৰ সাংসদ আৰু ৭৮ গৰাকী বিধায়কে দল সলনি কৰিছে।

ৰাজ্যভিত্তিকভাৱে চালে এই তালিকাৰ শীৰ্ষত আছে নাগালেণ্ড। এই সময়ছোৱাত ৩২ গৰাকী বিধায়কে দল এৰিলে। ২৫ জনে তাতেই শাসকীয় দল ‘এন ডি পি পি’ এৰি ‘নগা পিপলছ ফ্ৰণ্ট’ (এন পি এফ)ত যোগদান কৰে। আৰু আন দলৰ পৰা ইয়াত মুঠ ৩২ জনে যোগদান কৰিছে।

এই তালিকাত দ্বিতীয় স্থানত আছে পশ্চিম বংগ। এ আৰ ডিৰ তথ্য অনুসৰি তৃণমূলৰ টিকটত নিৰ্বাচনত জয়লাভ কৰি ২০ জন সাংসদে একেলগে এন চি পি আইত যোগদান কৰে। ইমানবোৰ সাংসদে একেলগে দল সলনি কৰাৰ গোচৰ এতিয়া লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ সন্মুখত বিচাৰাধীন হৈ আছে।

 এই তালিকাত তৃতীয় স্থানত আছে তেলেংগানা। ইয়াত ৯ জন বিধায়কে বি আৰ এছ এৰি কংগ্ৰেছত যোগদান কৰিছে। ইয়াত ২০২৩ চনৰ বিধানসভা নিৰ্বাচনত বি আৰ এছক পৰাস্ত কৰি কংগ্ৰেছে জয়লাভ কৰিছিল।

চতুৰ্থ স্থানত আছে গোৱা। ইয়াত ৮ জন কংগ্ৰেছৰ সদস্যই বিজেপিত যোগদান কৰে। পঞ্জাৱত ৰাজ্যসভাৰ ৬ জন সাংসদ আৰু ২ জন বিধায়ক অৰ্থাৎ মুঠ ৮ জনে  দল সলনি কৰিছে। মহাৰাষ্ট্ৰত উদ্ধৱৰ শিৱসেনা এৰি ৬জনে শিণ্ডেৰ শিৱসেনাত যোগদান কৰিছে।

এটা দলৰ পৰা আন এটা দললৈ সৰ্বাধিক দলত যোগদান কৰাৰ ক্ষেত্ৰত এনডিপিপি শীৰ্ষত আছে। ইয়াৰ পৰা ২৫ জন বিধায়কে দল এৰিছে। দ্বিতীয় স্থানত (২০ জন) আছে তৃণমূল কংগ্ৰেছ। তৃতীয় স্থানত আছে (১৯ জন) কংগ্ৰেছ।

প্ৰতিবেদন অনুসৰি এই ৩টা দলৰ পৰা ৬৪ জন লোকে দল ত্যাগ কৰিছে। অৰ্থাৎ শতাংশত ৫৮ শতাংশ। এন পি এফত সৰ্বাধিক সংখ্যকে দল সলনি কৰিছে। ইয়াত মুঠ ৩২ জন জনপ্ৰতিনিধিয়ে যোগদান কৰিছে। দ্বিতীয় স্থানত বিজেপি (২৯ সদস্য), তৃতীয় স্থানত এনচিপিআই (২০ সদস্য)। এই তিনিটা দলত ৮১ জন জনপ্ৰতিনিধিয়ে  যোগদান কৰিছে। শতাংশ হিচাপত ৭৩ শতাংশ।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm
পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

October 17, 2026 4:46 pm
শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

October 17, 2026 3:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd