• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হোলোঙাপাৰ গিবন অভয়াৰণ্যত ৰে’ল লাইনৰ বৈদ্যুতিকৰণৰ বিৰুদ্ধে সৰৱ এছএফআই আৰু ডিৱাইএফআই

হোলোঙাপাৰ গিবন অভয়াৰণ্য আৰু ইয়াৰ কাষৰ সংবেদনশীল অঞ্চলসমূহত অন্তৰ্ভুক্ত ৰে'ল লাইনৰ বিদ্যুতিকৰণ বন্ধ কৰাৰ লগতে ৰে'ল লাইনৰ পথ সলনি কৰক : এছ এফ আই - ডি ৱাই এফ আই

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 31, 2024 3:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি এছ এফ আই আৰু ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে গুৱাহাটীৰ ৰাজ্যিক কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰে। সংবাদ মেলত উপস্থিত থাকে এছ এফ আইৰ ৰাজ্যিক সম্পাদক সংগীতা দাস, উপ – সভাপতি অংকুজ্যোতি বৰা, ডি ৱাই এফ আইৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাস আৰু যুটীয়া সম্পাদক নিৰংকুশ নাথ। সংবাদ মেলত নিম্ন বিষয় তুলি ধৰা হয়।

অসমৰ যোৰহাট জিলাস্থিত ভাৰতৰ অন্যতম চিৰসেউজ অৰণ্যৰ সংৰক্ষিত অঞ্চল – হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ প্ৰতি এটাৰ পিছত আন এটা ভাবুকি পোহৰলৈ আহিছে। বেদান্ত গ্ৰুপৰ দ্বাৰা সেই অঞ্চলত তেল খননৰ সম্ভাৱনা বিচাৰ কৰি থকাৰ বিষয়টো চৰ্চাত থকাৰ উপৰি দীৰ্ঘদিন ধৰি চলি থকা অন্য এক বিষয় হৈছে হোলোঙাপাৰ গিবন অভ্যয়াৰণ্যৰ মাজেৰে যোৱা ৰেল পথৰ বিদ্যুতিকৰণ।
ভাৰতৰ ছাত্ৰ ফেডাৰেচন ( এছ এফ আই) আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন ( ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে গভীৰ উদ্বেগেৰে লক্ষ্য কৰিছে যে অভয়াৰণ্যখনৰ মাজেৰে যোৱা ব্ৰড গজ ছিংগল ট্ৰেক ৰে’ল লাইনৰ বৈদ্যুতিকৰণৰ নামত ২৫০০০ ভল্টৰ বিদ্যুত পৰিবাহী তাঁৰ সংস্থাপনৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু কেৱল বিদ্যুৎ প্ৰবাহ কৰাৰ কামহে বাকী আছে। ই অভয়াৰণ্যৰ জীৱ জন্তুৰ বাবে বিপদঘন্টা হৈ পৰিব।

আমি এছ এফ আই আৰু ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে হোলোঙাপাৰ গিবন অভয়াৰণ্য আৰু ইয়াৰ কাষৰ সংবেদনশীল অঞ্চলসমূহত অন্তৰ্ভুক্ত ৰেইল লাইনৰ বিদ্যুতিকৰণ বন্ধ কৰাৰ লগতে ১.৬৫ কিঃমিঃ ৰ ৰে’ল লাইনৰ পথচোৱা সলনি কৰাৰ দাবী জনাইছোঁ। যোৰহাট জিলাৰ প্ৰায় ২১ বৰ্গকিলোমিটাৰজুৰি থকা‌ এই অভয়াৰণ্যখন হৈছে ৯০টা দুষ্প্ৰাপ্য হলৌ বান্দৰকে ধৰি আৰু ছয়বিধ দুষ্প্ৰাপ্য প্ৰজাতিৰ বান্দৰৰ আবাসস্থল। প্ৰায় ৪১ বিধ ভিন্ন প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণীৰ আৱাসভূমি,এতিয়ালৈকে দুই শতাধিক পখী আৰু দুই শতাধিক পখিলা এই অভয়াৰণ্যৰ পৰা নথীভুক্ত কৰা হৈছে, ৯৫ বিধ ভিন্ন প্ৰজাতিৰ মকৰাৰ আৱাসভূমি এই অভয়াৰণ্য ৬ বিধ ভিন্ন প্ৰজাতিৰ বন্য ৰেচম এই অভয়াৰণ্যত নথীভুক্ত হৈছে,দুই শতাধিকৰো বেছি গছ-লতা, তৰু-তৃণ এই অভয়াৰণ্যৰ গৌৰৱ, ১৩৮ বিধ ভিন্ন প্ৰজাতিৰ কাঠফুলা এই অভয়াৰণ্যৰ গৌৰৱ, ১৫ বিধ ভিন্ন প্ৰজাতিৰ পৰুৱা এই অভয়াৰণ্যৰ গৌৰৱ। ইতিমধ্যে যোৱা বছৰ ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়াই “Artificial Canopy Bridge Design to facilitate Western Hoolock Gibbon (Hoolock hoolock) crossing over Mariani-Dibrugarh broad gauge single track Railway Line in Hollongapar Gibbon Sanctuary, Assam” শীৰ্ষক এক কাৰিকৰী প্ৰতিবেদন (“Technical Report: TR No./2023/07 MAY 2023″) প্ৰকাশ কৰিছিল। ইয়াত মূলতঃ হলৌ বান্দৰসমূহ ৰে’ল লাইন পাৰ হোৱাৰ বাবে কি ধৰণৰ কৃত্ৰিম ব্যৱস্থা তৈয়াৰ কৰিব পাৰি, সেয়া আলোচনা হৈছিল। সেই প্ৰতিবেদনত ৰে’ল লাইনৰ বিদ্যুতিকৰণৰ ফলত বন্য প্ৰাণী বিদ্যুৎস্পৃষ্ট হোৱাৰ অতিৰিক্ত বিপদ সম্পৰ্কে সকীয়াই দি বিদ্যুতিকৰণৰ দিশে আগুৱাই যাওঁতে গভীৰভাৱে চিন্তা কৰাৰ প্ৰয়োজন বুলি কোৱাৰ লগতে ৰেল লাইনৰ পথচোৱা সলনিৰ পৰামৰ্শ বিশেষভাৱে উল্লেখ কৰিছিল। প্ৰতিবেদনত “ৰে’লৱে বিভাগে দীৰ্ঘম্যাদী চিন্তাৰে আগবাঢ়ি তেওঁলোকৰ সংৰক্ষণ নীতি তুলি ধৰিব লাগিব আৰু সেয়ে হোলোঙাপাৰ গিবন অভয়াৰণ্য আৰু ইয়াৰ পৰিৱেশগতভাৱে সংবেদনশীল অঞ্চল (Eco Sensitive Zone)ৰ পৰা আঁতৰাই কাষৰীয়া ৰাজহ আৰু অ-বনভূমিৰ মাজেৰে বৰ্তমানৰ ৰে’ল লাইনক পুনৰায় নিৰ্ধাৰণ কৰাৰ সকলো সম্ভাৱনা অন্বেষণ কৰিব লাগিব” বুলি স্পষ্টকৈ উল্লেখ কৰিছিল।

কিন্তু পৰিতাপৰ বিষয় যে ৰে’ল লাইনৰ দিশ পুনৰ নিৰ্ধাৰণ হোৱা দূৰৰে কথা ৰে’ল লাইনৰ বিদ্যুতিকৰণৰ কামহে সম্পূৰ্ণ কৰাৰ লগতে জীৱকুলৰ আৱাসস্থলীৰ মাজেৰে ২৫০০০ ভল্টৰ বিদ্যুত পৰিবাহী তাঁৰ সংযোগ কৰা হ’ল। বিদ্যুৎ প্ৰৱাহ আৰম্ভ হ’লেই জীৱকুলৰ বিনাশ ত্বৰান্বিত হ’ব আৰু গিবন অভয়াৰণ্যৰ ঐতিহ্যক ধ্বংস কৰি পেলাব।

ৰে’ল লাইনৰ বিদ্যুতিকৰণৰ বিষয়টোৰ চৰ্চাৰ আগতেই বনাঞ্চলৰ মাজেৰে চিংগল ট্ৰেক ৰে’ল লাইন থকাৰ বাবে ৰে’লৰ খুন্দাত জীৱকুলৰ মৃত্যু হোৱাৰ ঘটনাৰ অভয়াৰণ্যখন দুটা ভাগত বিভক্ত হোৱাৰ ফলত উপৰি হলৌ বান্দৰৰ বিভিন্ন গোটবোৰৰ মাজত সংযোগ ব্যাহত হৈছে আৰু প্ৰজনন সম্পৰ্কীয় সমস্যাই হলৌ বান্দৰৰ প্ৰজাতিটোকে মৃত্যুৰ মুখলৈ তিলতিলকৈ ঠেলি দিছিল। হলৌ বান্দৰসমূহে ৰেল লাইন পাৰ হ’ব পৰাকৈ কিছুমান “কৃত্ৰিম কেনোপি” নিৰ্মাণ কৰা হৈছে যদিও স্থানীয় লোক অনুসৰি সেয়া বান্দৰসমূহে ব্যৱহাৰ নকৰে। এতিয়া বিদ্যুতিকৰণে হোলোঙাপাৰ গিবন অভয়াৰণ্যত পোৱা ভাৰতৰ একমাত্ৰ বানৰ জাতীয় (ape) আৰু গিবন প্ৰজাতিটোৰ কফিনত শেষ গজাল মাৰিবলৈ আগবাঢ়িছে।

এছ এফ আই আৰু ডি ৱাই এফ আইৰ যোৰহাট জিলা কমিটিয়ে ইতিমধ্যে জিলা উপায়ুক্ত, জিলা বন বিষয়া, বন মন্ত্ৰী, মুখ্যমন্ত্ৰী, বিধায়ক ৰূপজ্যোতি কুৰ্মী, উত্তৰ – পূব সীমান্ত ৰে’ল সীমান্তৰ মহাপ্ৰবন্ধক, তিনিচুকীয়া ডিভিজনলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছিল কিন্তু এতিয়ালৈ এই সম্পৰ্কত কোনো কাৰ্যকৰী ঘোষণা আমি শুনিবলৈ পোৱা নাই। তাৰোপৰি বিষয়টো জনসাধাৰণৰ মাজলৈ নিয়াৰ বাবে সংগঠন দুটাই ব্যাপক চহী সংগ্ৰহ অভিযান চলাই আছে। এই বিষয়টো সম্পৰ্কত যোৰহাটৰ সাংসদ গৌৰৱকো সাক্ষাৎ কৰি স্মাৰক-পত্ৰ প্ৰদান কৰা হৈছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm
লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

September 13, 2025 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd