শেহতীয়াভাৱে ‘নেডা’ৰ সভাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কৰ্ণাটকৰ কংগ্ৰেছ-জেডি(এছ)ৰ মিত্ৰতাক Unholy alliance বোলা কথাষাৰৰ তীব্ৰ বিৰোধিতা কৰিছে অসম প্ৰদেশ কংগ্ৰেছে।
আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদ মেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি কয়— ‘যদি কৰ্ণাটকত কংগ্ৰেছ-জেডি(এছ)ৰ মিত্ৰতা unholy alliance হয়, তেতিয়াহ’লে জম্মু- কাশ্মীৰৰ বিজেপি- পিডিপিৰ মাজৰ মিত্ৰতাটো কি? পিডিপিয়ে কাশ্মীৰৰ বিচ্ছিন্নতাবাদী শক্তিক সমৰ্থন কৰে। তেনে দলৰ লগত বিজেপিয়ে কেনেকৈ মিত্ৰতা কৰিলে?
পিডিপিয়ে আফজল গুৰুৰ ফাঁচিৰ বিৰোধিতা কৰিছিল। মেহবুবা মুফতিয়ে কাশ্মীৰক ভাৰতৰ অবিচ্ছেদ্য অংগ বুলিয়ে ক’ব নিবিচাৰে’। বৰাই লগতে কয় যে অন্ধ্ৰ প্ৰদেশত টিডিপিৰ লগত বিজেপিৰ মিত্ৰতা কিয় ভংগ হ’ব লগা হ’ল, যদি তেওঁলোকৰ holy alliance আছিল।
আনহাতে ৰাজ্যখনৰ প্ৰসংগ উল্লেখ কৰি কংগ্ৰছৰ নেতাগৰাকীয়ে কয়— ‘অসমত অগপই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আছে। বিজেপিক মুকলিকৈ সমালোচনা কৰি আছে। তেওঁলোকে যিকোনো মুহুৰ্ততে বিজেপিৰ লগত মিত্ৰতা ভংগ কৰিম বুলি ধমকি দি আছে। এইবোৰ তেওঁলোকৰ holly alliance নেকি? ক্ষমতাৰ কাৰণে বিজেপিয়ে যিকোনো দলৰ লগতে মিত্ৰতা কৰিব পাৰে।
উল্লেখযোগ্য যে নেডাৰ প্ৰসংগ উত্থাপনেৰে তেওঁ কয়— মেঘালয়ত নেডাৰ চৰকাৰ থকাৰ পাছতো চাংমা কেবিনেটে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিলে। উত্তৰ-পূব নেডাৰ দখললৈ যোৱাৰ কথা সন্দৰ্ভত তেওঁ কয় যে পাহাৰীয়া ৰাজ্যসমূহে কেন্দ্ৰত যাৰ চৰকাৰ থাকে বিভিন্ন সুবিধা লাভৰ বাবে তেওঁলোকৰ লগত থাকিব বিচাৰে। বৰাই কটাক্ষ কৰি কয়, কংগ্ৰেছ-মুক্ত উত্তৰ-পূব নহয়, উত্তৰ-পূব বিজেপি-মুক্তহে হ’ব।
লগতে তেওঁ পেট্ৰল -ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰূদ্ধে কংগ্ৰেছে জাগৰণ সৃষ্টি কৰিব বুলিও প্ৰকাশ কৰে। ২০১৪ৰ নিৰ্বাচনৰ আগত মূল্যবৃদ্ধিক বিজেপিয়ে ইছ্যু হিচাপে লৈছিল, কিন্তু সেইবিলাক সকলো মিছা প্ৰমাণিত হ’ল।
আনহাতে ৰাজ্যত PNRDৰ পৰীক্ষাত হোৱা খেলিমেলিৰ CBI তদন্তৰ দাবী কৰাৰ লগতে এই পৰীক্ষা বাতিল কৰি পুনৰ অনুষ্ঠিত কৰাৰ দাবী জনায়। বৰাই কয় যে মন্ত্ৰী নৱ কুমাৰ দলে ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে। গ্ৰামোন্নয়ন মন্ত্ৰীয়ে পৰীক্ষাত খেলিমেলি হোৱা নাই বুলি কৈ থকাৰ পাছতো মুখ্য মন্ত্ৰীয়ে কিয় তদন্তৰ নিৰ্দেশ দিব লগা হ’ল? গ্ৰামোন্নয়ন মন্ত্ৰীৰ ওপৰত মুখ্য মন্ত্ৰীৰ বিশ্বাস নাই নেকি?
আনহাতে বন বিভাগৰ পৰীক্ষাত খেলিমেলি কৰা তামিলনাডুৰ প্ৰতিষ্ঠান এটাক পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়াৰ অৰ্থ কি বুলি প্ৰশ্ন কৰে বৰাই।