স্বচ্ছ আৰু নিকা নিযুক্তি নিশ্চিত কৰা, কৃষি ব্যৱস্থাৰ ব্যাপক উন্নয়ন আৰু উদ্যোগীকৰণৰ জৰিয়তে নতুন সংস্থাপনৰ পথ মুকলি কৰা, ঠিকাভিত্তিক শিক্ষকসহ সকলো ঠিক শ্ৰমিকৰ চাকৰি নিয়মীয়া কৰাৰ দাবীত আজি ৰাজ্যজোৰা প্ৰতিবাদ সাব্যস্ত কৰে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইয়ে।
২২,৬০০ পদত হ’বলগীয়া নিযুক্তি প্ৰক্ৰিয়া অভাৰলেপিং মুক্ত কৰা। স্বচ্ছ আৰু নিকা নিযুক্তি নিশ্চিত কৰিবলৈ প্ৰাপ্ত নম্বৰসহ আৰু কাট অৱ নম্বৰ প্ৰকাশেৰে ফলাফল ঘোষণা কৰা। মৌখিক সাক্ষাৎকাৰ নামত বৈষম্য দূৰ কৰা দাবী উত্থাপন কৰা হয় আজিৰ প্ৰতিবাদী কাৰ্যসূচীত। বিদ্যালয়সমূহত খালী থকা প্ৰায় ৩৪ হাজাৰি শিক্ষকৰ পদ পূৰণ কৰা আৰু ৰাজহুৱা শিক্ষা ৰক্ষাৰ দাবী উত্থাপনে কৰে ডি ৱাই এফ আইয়ে।
শিক্ষা বিভাগৰ প্ৰাথমিক, উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খালী পদৰ বাবে প্ৰকাশ কৰা বিজ্ঞাপন অনুসৰি শীঘ্ৰে নিযুক্তিৰ দাবী উত্থাপন কৰে যুৱ সংগঠনটোৱে। ৰাজ্যৰ ভয়াবহ নিবনুৱা সমস্যাৰ প্ৰতি দৃষ্টিগোচৰ কৰি ডি ৱাই এফ আইয়ে কৃষি ব্যৱস্থাৰ ব্যাপক উন্নয়ন আৰু উদ্যোগীকৰণৰ জৰিয়তে নতুন সংস্থাপন সৃষ্টিৰ দাবী উত্থাপন কৰে। আনহাতে কম্পিউটাৰ শিক্ষক আৰু ঠিকাভিত্তিক শিক্ষকৰ চাকৰি বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ ক্ষেত্ৰত চৰকাৰে কৰি অহা অন্যায় আৰু বৈষম্যক কঠোৰ ভাষাৰে সমালোচনা কৰি চাকৰি নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰে।
বি টি এ ডিসহ বাকী থকা সকলো ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিকীকৰণ কৰা, টিউটৰসকলক শিক্ষকৰ মৰ্যাদা দিয়াৰ দাবী জনায় আজিৰ কাৰ্যসূচীত। শিক্ষাৰ উপৰি এন এইছ এমৰ ঠিকাভিত্তিক চিকিৎসক-চিকিৎসা কৰ্মী, বিদ্যুত, পৌৰসভা, পঞ্চায়ত আদি বিভাগত কৰ্মৰত অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি স্থায়ী কৰাৰ দাবী জনোৱা হয়। বেচৰকাৰী খণ্ডত কৰ্মৰত কৰ্মচাৰীৰ চাকৰি নিৰাপত্তা আৰু ন্যূনতম বেতন নিশ্চিত কৰাৰ লগতে বহিঃৰাজ্যত কৰ্মৰ সন্ধানত যোৱা যুৱক-যুৱতীৰ পঞ্জীয়নৰ ব্যৱস্থা কৰাৰো দাবী কৰা হয়।
আজি আন্দোলনৰ মাজেৰে ৰাজ্যখনত দ্ৰুত গতিত বৃদ্ধি পোৱা নাৰী ধৰ্ষণ আৰু নিৰ্যাতন ৰোধ কৰাত ব্যৰ্থ হোৱা ৰাজ্য চৰকাৰক গৰিহণা জনাই নাৰীৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী কৰা হয়। অসম চৰকাৰে আদানী গোষ্ঠীৰ সুবিধা কৰিবলৈ গৈ জাপি দিয়া স্মাৰ্ট মিটাৰ বাতিল কৰিবলৈও আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ মাজেৰে দাবী কৰা হয়। ৰাজ্যৰ নিযুক্তি সংক্ৰান্তীয় এই জ্বলন্ত সমস্যাসমূহ শীঘ্ৰে সমাধান কৰাৰ দাবী জনাই প্ৰতিবাদী কাৰ্যসূচীৰে মাজেৰে ডি ৱাই এফ আইৰ পক্ষৰ পৰা মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। বৰপেটা জিলাৰ পুৰণি বাছ অৱস্থানৰ পৰা সমদল কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ ডেৰ শতাধিক যুৱক-যুৱতীয়ে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে। একেদৰে চিৰাং জিলাৰ বিজনীত, নলবাৰী জিলাৰ টিহুত, কামৰূপ জিলাৰ ৰঙিয়াত, তামুলপুৰ জিলাৰ গোৰেশ্বৰত, বিশ্বনাথ জিলাৰ বিশ্বনাথ চাৰিআলিত, ধেমাজি জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত, যোৰহাট জিলাৰ মৰিয়নি, ডিব্ৰুগড় জিলাৰ চাবুৱা আৰু নগাঁও জিলাৰ নগাঁও উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰা হয়।
আজিৰ কাৰ্যসূচীত বৰপেটাত ৰাজ্যিক সভাপতি ৰুস্তম আলী, ৰাজ্যিক সম্পাদকমণ্ডলীৰ সদস্য তথা বৰপেটা জিলা কমিটিৰ সভাপতি কাৰ্তি বড়ো, বিজনীত ৰাজ্যিক সদস্য শুভাংকৰ ঘোষ, নলবাৰীত ৰাজ্যিক সম্পাদকমণ্ডলীৰ সদস্য কুলজিত কলিতা, কামৰূপ জিলাত ৰাজ্যিক উপসভাপতি আব্দুল বাছেদ, তামুলপুৰ জিলাত ৰাজ্যিক সম্পাদকমণ্ডলীৰ সদস্য দিলীপ দাস, বিশ্বনাথ জিলাত ৰাজ্যিক সদস্য স্নেহাংকৰ চক্ৰৱৰ্তী, ধেমাজিত ৰাজ্যিক সদস্য চক্ৰধৰ ভৰালী, যোৰহাটত ৰাজ্যিক সদস্য নোমল চাউৰা, শিৱসাগৰ জিলাৰ চিত্ৰজিৎ গোহাঁই, চাবুৱাত গোবিন পৰ্জা, ধ্ৰুৱ গোহাঁই আৰু নগাঁৱত ৰাজ্যিক সম্পাদকমণ্ডলীৰ সদস্য জিতু হাজৰিকা উপস্থিত থাকে।