• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

স্বচ্ছ-নিকা নিযুক্তি নিশ্চিত কৰা, নতুন সংস্থাপন সৃষ্টি কৰা,স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত ৰাজ্যজুৰি ডিৱাইএফআইৰ প্ৰতিবাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 10, 2024 9:11 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বচ্ছ আৰু নিকা নিযুক্তি নিশ্চিত কৰা, কৃষি ব্যৱস্থাৰ ব্যাপক উন্নয়ন আৰু উদ্যোগীকৰণৰ জৰিয়তে নতুন সংস্থাপনৰ পথ মুকলি কৰা, ঠিকাভিত্তিক শিক্ষকসহ সকলো ঠিক শ্ৰমিকৰ চাকৰি নিয়মীয়া কৰাৰ দাবীত আজি ৰাজ্যজোৰা প্ৰতিবাদ সাব্যস্ত কৰে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইয়ে।

২২,৬০০ পদত হ’বলগীয়া নিযুক্তি প্ৰক্ৰিয়া অভাৰলেপিং মুক্ত কৰা। স্বচ্ছ আৰু নিকা নিযুক্তি নিশ্চিত কৰিবলৈ প্ৰাপ্ত নম্বৰসহ আৰু কাট অৱ নম্বৰ প্ৰকাশেৰে ফলাফল ঘোষণা কৰা। মৌখিক সাক্ষাৎকাৰ নামত বৈষম্য দূৰ কৰা দাবী উত্থাপন কৰা হয় আজিৰ প্ৰতিবাদী কাৰ্যসূচীত। বিদ্যালয়সমূহত খালী থকা প্ৰায় ৩৪ হাজাৰি শিক্ষকৰ পদ পূৰণ কৰা আৰু ৰাজহুৱা শিক্ষা ৰক্ষাৰ দাবী উত্থাপনে কৰে ডি ৱাই এফ আইয়ে।

শিক্ষা বিভাগৰ প্ৰাথমিক, উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খালী পদৰ বাবে প্ৰকাশ কৰা বিজ্ঞাপন অনুসৰি শীঘ্ৰে নিযুক্তিৰ দাবী উত্থাপন কৰে যুৱ সংগঠনটোৱে। ৰাজ্যৰ ভয়াবহ নিবনুৱা সমস্যাৰ প্ৰতি দৃষ্টিগোচৰ কৰি ডি ৱাই এফ আইয়ে কৃষি ব্যৱস্থাৰ ব্যাপক উন্নয়ন আৰু উদ্যোগীকৰণৰ জৰিয়তে নতুন সংস্থাপন সৃষ্টিৰ দাবী উত্থাপন কৰে।  আনহাতে কম্পিউটাৰ শিক্ষক আৰু ঠিকাভিত্তিক শিক্ষকৰ চাকৰি বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ ক্ষেত্ৰত চৰকাৰে কৰি অহা অন্যায় আৰু বৈষম্যক কঠোৰ ভাষাৰে সমালোচনা কৰি চাকৰি নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰে।

Apply Now

বি টি এ ডিসহ বাকী থকা সকলো ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিকীকৰণ কৰা, টিউটৰসকলক শিক্ষকৰ মৰ্যাদা দিয়াৰ দাবী জনায় আজিৰ কাৰ্যসূচীত। শিক্ষাৰ উপৰি এন এইছ এমৰ ঠিকাভিত্তিক চিকিৎসক-চিকিৎসা কৰ্মী, বিদ্যুত, পৌৰসভা, পঞ্চায়ত আদি বিভাগত কৰ্মৰত অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি স্থায়ী কৰাৰ দাবী জনোৱা হয়। বেচৰকাৰী খণ্ডত কৰ্মৰত কৰ্মচাৰীৰ চাকৰি নিৰাপত্তা আৰু ন্যূনতম বেতন নিশ্চিত কৰাৰ লগতে বহিঃৰাজ্যত কৰ্মৰ সন্ধানত যোৱা যুৱক-যুৱতীৰ পঞ্জীয়নৰ ব্যৱস্থা কৰাৰো দাবী কৰা হয়।

আজি আন্দোলনৰ মাজেৰে ৰাজ্যখনত দ্ৰুত গতিত বৃদ্ধি পোৱা নাৰী ধৰ্ষণ আৰু নিৰ্যাতন ৰোধ কৰাত ব্যৰ্থ হোৱা ৰাজ্য চৰকাৰক গৰিহণা জনাই নাৰীৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী কৰা হয়। অসম চৰকাৰে আদানী গোষ্ঠীৰ সুবিধা কৰিবলৈ গৈ জাপি দিয়া স্মাৰ্ট মিটাৰ বাতিল কৰিবলৈও আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ মাজেৰে দাবী কৰা হয়। ৰাজ্যৰ নিযুক্তি সংক্ৰান্তীয় এই জ্বলন্ত সমস্যাসমূহ শীঘ্ৰে সমাধান কৰাৰ দাবী জনাই  প্ৰতিবাদী কাৰ্যসূচীৰে মাজেৰে ডি ৱাই এফ আইৰ পক্ষৰ পৰা মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ  কৰা হয়। বৰপেটা জিলাৰ পুৰণি বাছ অৱস্থানৰ পৰা সমদল কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ ডেৰ শতাধিক যুৱক-যুৱতীয়ে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে। একেদৰে চিৰাং জিলাৰ বিজনীত, নলবাৰী জিলাৰ টিহুত, কামৰূপ জিলাৰ ৰঙিয়াত, তামুলপুৰ জিলাৰ গোৰেশ্বৰত, বিশ্বনাথ জিলাৰ বিশ্বনাথ চাৰিআলিত, ধেমাজি জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত, যোৰহাট জিলাৰ মৰিয়নি, ডিব্ৰুগড় জিলাৰ চাবুৱা আৰু নগাঁও জিলাৰ নগাঁও উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি  উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰা হয়।

আজিৰ কাৰ্যসূচীত বৰপেটাত ৰাজ্যিক সভাপতি ৰুস্তম আলী, ৰাজ্যিক সম্পাদকমণ্ডলীৰ সদস্য তথা বৰপেটা জিলা কমিটিৰ সভাপতি কাৰ্তি বড়ো, বিজনীত ৰাজ্যিক সদস্য শুভাংকৰ ঘোষ, নলবাৰীত ৰাজ্যিক সম্পাদকমণ্ডলীৰ সদস্য কুলজিত কলিতা, কামৰূপ জিলাত ৰাজ্যিক উপসভাপতি আব্দুল বাছেদ, তামুলপুৰ জিলাত ৰাজ্যিক সম্পাদকমণ্ডলীৰ সদস্য দিলীপ দাস, বিশ্বনাথ জিলাত ৰাজ্যিক সদস্য স্নেহাংকৰ চক্ৰৱৰ্তী, ধেমাজিত ৰাজ্যিক সদস্য চক্ৰধৰ ভৰালী, যোৰহাটত ৰাজ্যিক সদস্য নোমল চাউৰা, শিৱসাগৰ জিলাৰ চিত্ৰজিৎ গোহাঁই, চাবুৱাত গোবিন পৰ্জা, ধ্ৰুৱ গোহাঁই আৰু নগাঁৱত ৰাজ্যিক সম্পাদকমণ্ডলীৰ সদস্য জিতু হাজৰিকা উপস্থিত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd