• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীৰ নতুন মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনা; ১১ বছৰৰ পাছত দিল্লীৰ দায়িত্ব চম্ভালিব এগৰাকী মহিলা নেত্ৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 17, 2024 12:15 pm
দিল্লীৰ নতুন মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনা।

দিল্লীৰ নতুন মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ’ব আপ নেতা আতিশী মাৰ্লেনা। আপ বিধায়িনী দলৰ বৈঠকত তেওঁৰ নাম অনুমোদন কৰা হয়। বৈঠকত অৰবিন্দ কেজৰিৱালে আতিশীৰ নাম প্ৰস্তাৱ কৰে। সকলো বিধায়কে থিয় হৈ সেই প্ৰস্তাৱক সমৰ্থন জনায়। আতিশী হ’ব দিল্লীৰ তৃতীয় মহিলা মুখ্যমন্ত্ৰী। ইয়াৰ পূৰ্বে সুষমা স্বৰাজ আৰু শীলা দীক্ষিত এই পদত অধিষ্ঠিত আছিল।

দিল্লীৰ আবকাৰী নীতিত সংঘটিত হোৱা কথিত কেলেংকাৰীক লৈ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল আৰু প্রাক্তন উপ-মুখ্যমন্ত্রী মনীষ ছিছ’দিয়াক গ্ৰেপ্তাৰ কৰাৰ পাছত আতিশী বাতৰিৰ শিৰোনাম দখল কৰিছিল৷ মনীষ ছিছ’দিয়া আৰু সত্যেন্দ্ৰ জৈনে পদত্যাগ কৰাৰ পিছত অৰবিন্দ কেজৰিৱালে আতিশী আৰু সৌৰভ ভৰদ্বাজক ২০২৩ চনৰ ৯ মাৰ্চত কেবিনেট মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে।

বৰ্তমানৰ চৰকাৰত আতিশীৰ হাতত শিক্ষা, পানী, বিত্ত, পি ডব্লিউ ডি, বিদ্যুৎ, আইনকে ধৰি মুঠ ১৪টা মন্ত্ৰালয় আছে। ইমানবোৰ বিভাগৰ দায়িত্বত থকা অতীশীয়েই একমাত্ৰ মন্ত্ৰী।

এনে পৰিস্থিতিত অৰবিন্দ কেজৰিৱালৰ পদত্যাগৰ ঘোষণাৰ পিছতে মুখ্যমন্ত্ৰী পদৰ দৌৰত আতিশীৰ নাম আগবাঢ়ি আছিল। আতিশীক অৰবিন্দ কেজৰিৱালৰ অন্যতম বিশ্বাসযোগ্য মন্ত্ৰী হিচাপে গণ্য কৰা হয়। কিয়নো মুখ্যমন্ত্রী জেলত থকাৰ সময়ত যেতিয়া ১৫ আগষ্টত পতাকা উত্তোলনৰ সুযোগ আহিছিল, তেতিয়া অৰবিন্দ কেজৰিৱালে জেলৰ পৰা দিল্লী চৰকাৰৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত ত্ৰিৰংগ উত্তোলন কৰিবলৈ তেওঁৰ হৈ আতিশীৰ নাম প্ৰেৰণ কৰিছিল।

আম আদমী পাৰ্টি আৰম্ভ হোৱাৰ সময়তে আতিশীয়ে যোগদান কৰিছিল। ২০১৩ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে দলৰ ইস্তাহাৰৰ খচৰা প্ৰস্তুত সমিতিৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্য হিচাপে পৰিগণিত হোৱাৰ লগতে দল গঠন আৰু নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আতিশীয়ে। পিছত আম আদমী পাৰ্টিৰ বিষয়বোৰ দাঙি ধৰিবলৈ আতিশীয়ে মুখপাত্ৰ হিচাপে দায়িত্ব গ্ৰহণ কৰে। তদানীন্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াৰ উপদেষ্টা হিচাপেও কাম কৰা আতিশীয়ে ছিছদিয়া জেললৈ যোৱাৰ পাছত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্বও লৈছিল।

আতিশীৰ জন্ম হৈছিল দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক বিজয় কুমাৰ সিং আৰু তৃপ্ত ৱাহীৰ ঘৰত। আতিশীয়ে নতুন দিল্লীৰ স্প্ৰিংডেল স্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল, ছেইণ্ট ষ্টিফেনছ কলেজত ইতিহাস অধ্যয়ন কৰিছিল আৰু চেভেনিং বৃত্তি লৈ অক্সফৰ্ড বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। কেইবছৰমান পিছত তেওঁ অক্সফৰ্ডৰ পৰা শৈক্ষিক গৱেষণাত ৰোডছ স্কোলাৰ হিচাপে দ্বিতীয় স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

মধ্যপ্ৰদেশৰ এখন সৰু গাঁৱত আতিশীয়ে ৭ বছৰ কটায়, য’ত জৈৱিক কৃষি আৰু প্ৰগতিশীল শিক্ষা ব্যৱস্থাৰ লগত জড়িত হৈ পৰে আৰু লগতে কেইবাটাও বেচৰকাৰী সংস্থাৰ সৈতেও কাম কৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm
ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

September 16, 2025 4:10 pm
শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

September 16, 2025 3:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd