সাম্প্ৰতিক সময়ত ২৫ৰ পৰা ৫০ বছৰ বয়সৰ লোকসকলৰ মাজত অন্ত্ৰাশয় বা বাৱেল (Bowel) কৰ্কট ৰোগৰ আশংকা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। ব্ৰিটেইনৰ ‘কেন্সাৰ ৰিচাৰ্চ ইউকে’ৰ শেহতীয়া এক গৱেষণাত পোহৰলৈ আহিছে যে অস্বাস্থ্যকৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ অনিয়মৰ বাবেই যুৱচামৰ মাজত পাকস্থলী, অন্ত্ৰ আৰু অগ্ন্যাশয়ৰ কৰ্কট ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰিছে। সাধাৰণতে গেছ বা এচিডিটিৰ দৰে সমস্যা বুলি আওকাণ কৰা লক্ষণসমূহেই পৰৱৰ্তী সময়ত জীৱনঘাতী কৰ্কট ৰোগলৈ ৰূপান্তৰিত হোৱাৰ তথ্য গৱেষকসকলে সদৰী কৰিছে।
২৫ৰ পৰা ৫০ বছৰ বয়সৰ প্ৰায় আঢ়ৈ লাখ লোকৰ ওপৰত চলোৱা এই সমীক্ষাত দেখা গৈছে যে ২০০৭ চনৰ পৰা ২০১৭ চনৰ ভিতৰত ব্ৰিটেইন আৰু ভাৰতকে ধৰি বিশ্বৰ প্ৰায় ৫০খন দেশত অন্ত্ৰৰ কৰ্কট ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। গৱেষকসকলৰ মতে, অন্ত্ৰত আৰম্ভ হোৱা এই কৰ্কট ৰোগ অতি কম সময়ৰ ভিতৰতে পাকস্থলী আৰু অগ্ন্যাশয়লৈ বিয়পি পৰে। এই ৰোগৰ প্ৰাথমিক লক্ষণসমূহ অতি অস্পষ্ট হোৱাৰ বাবে বহু সময়ত ৰোগীয়ে অত্যধিক এচিডিটি বা ঘনাই জণ্ডিচত আক্ৰান্ত হোৱা বুলিহে ধাৰণা কৰে।
জীৱনশৈলীৰ অস্বাভাৱিক পৰিৱৰ্তনেই এই ৰোগ বৃদ্ধিৰ ঘাই কাৰণ হিচাপে চিহ্নিত হৈছে। অনিয়মিত খাদ্যাভ্যাস, অত্যধিক পৰিমাণে প্ৰক্ৰিয়াজাত আৰু জাংক ফুড গ্ৰহণ, শাৰীৰিক শ্ৰমহীনতা, দীৰ্ঘ সময় ধৰি বহি কাম কৰা, টোপনিৰ অভাৱ আৰু মানসিক চাপৰ ফলত পাচনতন্ত্ৰত প্ৰদাহৰ সৃষ্টি হয়। ইয়াৰ ফলত অন্ত্ৰত থকা উপকাৰী বেক্টেৰিয়াসমূহ ধ্বংস হৈ ক্ষতিকাৰক বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধি পায়, যিয়ে পৰৱৰ্তী সময়ত কোষৰ অনিয়ন্ত্ৰিত আৰু অস্বাভাৱিক বিভাজন ঘটাই কৰ্কট ৰোগৰ সৃষ্টি কৰে। ইয়াৰোপৰি মেদবহুলতা, ধূমপান, মদ্যপানৰ লগতে হেলিক’বেক্টাৰ পাইল’ৰি আৰু হেপাটাইটিছ বি তথা চি-ৰ দৰে সংক্ৰমণকো লিভাৰ, পাকস্থলী আৰু অন্ত্ৰৰ কৰ্কট ৰোগৰ কাৰণ হিচাপে উল্লেখ কৰা হৈছে।
শেহতীয়াকৈ ওজন কমোৱাৰ স্বাৰ্থত বহুলোকে গ্ৰিলড (Grilled) বা জুইত সেকা খাদ্য গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু গৱেষকসকলে সতৰ্ক কৰি দিছে যে চিকেন কাবাব, তন্দুৰী বা গ্ৰিলড চিকেনৰ দৰে খাদ্যত নিমখৰ মাত্ৰা অধিক থাকে আৰু উচ্চ উষ্ণতাত ৰান্ধিলে মাংসৰ পুষ্টিগুণো নষ্ট হয়। অধিক উষ্ণতাত মাংস ৰান্ধিলে তাত থকা এমিন’ এচিড আৰু চেনিৰ বিক্ৰিয়া ঘটি ‘হেটাৰ’চাইক্লিক এমিনছ’ (HCA) নামৰ এবিধ ৰাসায়নিক পদাৰ্থৰ সৃষ্টি হয়, যিয়ে কৰ্কট ৰোগৰ আশংকা বহু পৰিমাণে বৃদ্ধি কৰে।
সাধাৰণতে অন্ত্ৰৰ কৰ্কট ৰোগৰ প্ৰাথমিক লক্ষণসমূহ গেছ বা এচিডিটিৰ দৰেই হোৱাৰ বাবে ৰোগীয়ে ইয়াক গুৰুত্ব নিদিয়ে আৰু ৰোগটোৱে তৃতীয় বা চতুৰ্থ পৰ্যায় পোৱাৰ পাছতহে ধৰা পৰে। সেয়েহে চিকিৎসকসকলে পৰামৰ্শ দিছে যে সঘনাই পেটৰ বিষ হোৱা, বুকুজ্বলা, অস্বাভাৱিকভাৱে ওজন হ্ৰাস পোৱা, টোপনি নহা, ভোক নলগা বা মলৰ সৈতে তেজ ওলোৱা আদি লক্ষণসমূহ কেতিয়াও আওকাণ কৰিব নালাগে। সময়মতে ৰোগ নিৰ্ণয় হ’লে চিকিৎসকৰ কাষ চাপি উপযুক্ত চিকিৎসাৰ জৰিয়তে এই ভয়াবহ কৰ্কট ৰোগক পৰাস্ত কৰি সুস্থ জীৱন যাপন কৰা সম্ভৱ।





