• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আমুলে তিৰুপতি মন্দিৰত যোগান ধৰিছিল নেকি ঘিউৰ? বিতৰ্কৰ মাজতে স্পষ্টীকৰণ দুগ্ধজাত সামগ্ৰী উৎপাদক সংস্থাটোৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 21, 2024 1:52 pm
6.6k
VIEWS
Share on FacebookShare on Twitter

তিৰুপতি মন্দিৰৰ প্ৰসাদী লাড্ডুক লৈ ব্যাপক চৰ্চা। লেবৰ ৰিপৰ্ট অনুসৰি লাড়ুত গৰুৰ চৰ্বি আৰু মাছৰ তেল পোৱা গৈছে! সকলো সমস্যাৰ মূলতে আছে মন্দিৰত ঘিউ যোগান ধৰা কোম্পানীটো। কাৰণ লাডুত মিহলি কৰা সকলো বস্তু ঘিউৰ জৰিয়তে প্ৰস্তুত কৰা হয়। অভিযোগৰ আঙুলি ঘিউ যোগানকাৰী কোম্পানীটোৰ ফালে। এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াতো উৰাবাতৰি বিয়পি পৰিছে। শুনা গ’ল যে আমুলৰ তিৰুমালা ট্ৰাষ্টৰ সৈতেও চুক্তি আছে। অৱশ্যে অমুলে এই অভিযোগ অস্বীকাৰ কৰে।

আমুলৰ বক্তব্যত স্পষ্ট কৰি দিয়া হৈছে, “তিৰুমালা তিৰুপতি দেৱস্থানলৈ আমি কেতিয়াও ঘিউ যোগান ধৰা নাই। একে সময়তে আপোনালোকক জনাব বিচাৰিছো যে আমুলৰ ঘিউ কেৱল উচ্চমানৰ গাখীৰৰ চৰ্বিৰ পৰা তৈয়াৰ কৰা হয়। আমাৰ ডেইৰীত উৎপাদিত ঘিউ এফ এছ এছ এ আইৰ দ্বাৰা বহু পদক্ষেপ পৰীক্ষা কৰা হয়।আমুল ঘিউ ৫০ বছৰতকৈও অধিক সময় ধৰি ভাৰতৰ আটাইতকৈ বিশ্বাসযোগ্য ঘিউ। এইদৰেই আমি আমাৰ জনসাধাৰণৰ আস্থা বজাই ৰাখিব বিচাৰো।”

উল্লেখযোগ্য যে কৰ্ণাটকৰ বিখ্যাত গাখীৰ আৰু গাখীৰৰ সামগ্ৰীৰ কোম্পানী নন্দিনীয়ে দীৰ্ঘদিন ধৰি তিৰুপতি মন্দিৰত ঘিউ যোগান ধৰি আহিছে। যোৱা বছৰ বিখ্যাত নন্দিনী ব্ৰেণ্ডৰ ঘিউৰ লাডু বনোৱা বন্ধ কৰি দিয়া হৈছিল। তেতিয়াই এই সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন হৈছিল। বিগত বৰ্ষৰ আগষ্ট মাহত তিৰুপতি বালাজী মন্দিৰত আৰু নন্দিনী ব্ৰেণ্ডৰ ঘিউ যোগান ধৰা নহ’ব বুলি খবৰ ওলাইছিল। কৰ্ণাটক মিল্ক ফেডাৰেচনৰ অধ্যক্ষই অৱগত কৰে যে তেওঁলোকৰ বাবে লাডুৰ বাবে ঘিউ যোগান ধৰাটো সম্ভৱ নহ’ব।

তেতিয়াই ঘিউ যোগানৰ বাবে নিবিদা আহ্বান কৰা হৈছিল। প্ৰসংগক্ৰমে প্ৰতি বছৰে ৫ লাখ কেজি ঘিউ ক্ৰয় কৰে মন্দিৰে। প্ৰতিদিনে মন্দিৰত ৩.৫ লাখ লাড়ু তৈয়াৰ কৰা হয়। প্ৰতিটোৰ দাম ৪০ টকালৈ নামি যায়। ইয়াৰ উপৰিও দৈনিক ৪০০-৫০০ কেজি ঘিউ, ৭৫০ কেজি কাজু, ৫০০ কিচমিচ, ২০০ কেজি ইলাচিৰ প্ৰয়োজন হয়। যদিও প্ৰতি ৬ মাহৰ মূৰে মূৰে নিবিদা মাতিছিল, তথাপিও ১৫ বছৰ ধৰি নন্দিনী ঘিউৰে লাড়ু তৈয়াৰ কৰা হৈছিল। কিন্তু দাম বৃদ্ধি হোৱাৰ কাৰণ উল্লেখ কৰি জগনমোহন ৰেড্ডী নেতৃত্বাধীন চৰকাৰে ইয়াৰ ব্যৱহাৰ বন্ধ কৰাৰ সিদ্ধান্ত লয়। তাৰ পিছত ঘিউৰ যোগান আন কেইবাটাও কোম্পানীলৈ হস্তান্তৰ কৰা হয়। অভিযোগসমূহ সেই কোম্পানীসমূহৰ প্ৰতি নিৰ্দেশিত। এই পৰিবেশতেই ছচিয়েল মিডিয়াত আমুলৰ নাম বিয়পি পৰিল। কিন্তু আমুলে জনাইছিল যে তেওঁলোকে কেতিয়াও তিৰুপতি মন্দিৰলৈ লাড়ু যোগান ধৰা নাছিল।

Recent News

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd