• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইজৰাইলৰ ৰকেট আক্ৰমণত বিধ্বস্ত লেবানন, মৃত্যু ৪৯২; হিজবুল্লাৰো প্ৰত্যুত্তৰ, আন এক ‘গাজা’ৰ সৃষ্টি!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 24, 2024 8:40 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাতে হাতে থকা পেজাৰ বিস্ফোৰণেৰে সূচনা হৈছিল এই আক্ৰমণৰ। পেজাৰৰ পিছত ৱাকি-টকিৰেও কেইবাটাও আক্ৰমণ সংঘটিত হয়। এইবাৰ ইজৰাইলৰ প্ৰত্যক্ষ ৰকেট আক্ৰমণ। ছিন্নভিন্ন হৈ পৰিছে লেবানন। বাতৰি অনুসৰি, সোমবাৰৰ এই ভয়াবহ আক্ৰমণত কমেও ৪৯২ জন লোক নিহত হয়। ইয়াৰ ভিতৰত আছে ৫ টি শিশুও। এই আক্ৰমণত প্ৰায় দুহেজাৰ লোক আহত হয়।

বিশ্বই যেন দেখা পাইছে আন এক গাজাৰ উত্থান। যোৱা সপ্তাহৰ পৰা লেবাননত সংঘটিত হৈ আহিছে সৰু-ডাঙৰ বিস্ফোৰণ। শুকুৰবাৰে সংঘটিত হোৱা ৰকেট আক্ৰমণতো ১০০ জন লোক নিহত হৈছিল। সোমবাৰে ই এক বৃহৎ ৰকেট আক্ৰমণলৈ ৰূপান্তৰিত হয়।

 ইতিমধ্যে ইজৰাইল-লেবানন সীমান্ত অঞ্চল প্ৰায় খালী হৈ পৰিছে। ঘৰৰ পৰা পলায়ন কৰিছে হাজাৰ হাজাৰ লোক। দুয়োখন দেশৰ সীমান্ত অঞ্চলত বসবাস কৰা লোকসকলে ঘৰৰ চাদত কেতিয়া আহি বোমা পৰে সেই আতংকৰ মাজতে নিজৰ সন্তান আৰু পৰিয়ালৰ সৈতে বাস কৰি আছে। পৰিস্থিতি ঠিক গাজাৰ দৰেই!

Apply Now

লগতে পঢ়কঃ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত নতুন দিল্লীত প্ৰতিবাদী কাৰ্যসূচী ছয় জনগোষ্ঠী ঐক্য মঞ্চৰ

দৰাচলতে ইজৰাইলৰ লেবাননত আক্ৰমণৰ কাৰণ হৈছে গাজা। ইজৰাইল আৰু পেলেষ্টাইন কৰ্তৃপক্ষৰ হামাছৰ মাজত প্ৰায় বছৰজোৰা যুদ্ধত গাজা আৰু ৱেষ্টবেংক মিলি বহু শিশুকে ধৰি হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে। এই যুদ্ধত লেবাননে আৰম্ভণিৰে পৰাই পেলেষ্টাইন আৰু হামাছক সমৰ্থন কৰি আহিছে। সেইবাবেই ইজৰাইলে লেবাননৰ ওপৰত ক্ষুব্ধ। লেবাননৰ সশস্ত্ৰ সংগঠন হিজবুল্লাক লক্ষ্য কৰি ধাৰাবাহিকভাৱে আক্ৰমণ চলাইছে। আক্ৰমণৰ সংখ্যাটো হাজাৰতকৈও অধিক।

আনহাতে, হিজবুল্লাই প্ৰত্যুত্তৰত ইজৰাইলৰ পাঁচটা স্থানত ৰকেট নিক্ষেপ কৰে। খবৰ অনুসৰি উপকূলীয় হাইফাত লেবাননৰ পৰা উৰি অহা ৰকেট দেখি চাইৰেন বাজিছিল। এদিন পূৰ্বে এই আক্ৰমণ সংঘটিত হৈছিল।

এই পৰিস্থিতিত ইজৰাইল আৰু লেবাননক আন্তঃৰাষ্ট্ৰীয় মহলে যুদ্ধবিৰতিৰ অনুৰোধ জনাইছে। লেবাননৰ প্ৰধানমন্ত্ৰী নাজিব মিকাটিয়ে ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপৰ দাবী কৰিছে। তেওঁ কয়, ইজৰাইলে লেবাননক শ্মশানলৈ ৰূপান্তৰিত কৰিব বিচাৰিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে অৱশ্যে নিৰাপত্তাৰ স্বাৰ্থত হিজবুল্লাহৰ পৰা মুক্তিৰ চেষ্টা চলাইছে বুলি কয়। হিজবুল্লাইও যুদ্ধৰ ঘোষণা কৰিছে।

লগতে পঢ়কঃ দবাত ভাৰতৰ ইতিহাস! প্রথমবাৰৰ বাবে দবা অলিম্পিয়াডত পুৰুষ আৰু মহিলা উভয় শাখাতে স্বৰ্ণ জয় ভাৰতৰ

এনে পৰিস্থিতিত আমেৰিকাই ইজৰাইলক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিছে। পেন্টাগনৰ মুখপাত্ৰ মেজৰ জেনেৰেল পেট ৰাইডাৰে কয় যে ইজৰাইলৰ সীমান্ত অঞ্চললৈ অতিৰিক্ত বাহিনী প্ৰেৰণ কৰা হৈছে। ইয়াৰ পূৰ্বে ইজৰাইললৈ যুদ্ধ জাহাজ, যুদ্ধ বিমান আৰু বায়ু প্ৰতিৰক্ষা প্ৰযুক্তি প্ৰেৰণ কৰা হৈছিল।

দক্ষিণ লেবাননৰ পৰা বেইৰুটৰ দিশে পলায়ন কৰিছে হাজাৰ হাজাৰ লোক। গৃহহীন লোকক ৰখাৰ বাবে স্থানীয় বিদ্যালয়সমূহত সাহায্য শিবিৰ মুকলি কৰা হৈছে। ইফালে ইউক্ৰেইনৰ সৈতে যুদ্ধত লিপ্ত ৰাছিয়াই ইজৰাইল আৰু হিজবুল্লাহক উত্তেজনা হ্ৰাস কৰিবলৈ আহ্বান জনাইছে। ক্ৰেমলিন কৰ্তৃপক্ষই দুয়োপক্ষক সংযম ৰক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে। ৰাছিয়াৰ মুখপাত্ৰগৰাকীয়ে কয় যে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। যিটো আমাৰ সকলোৰে বাবে চিন্তনীয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd