শৰীৰ সুস্থ কৰি ৰাখিবলৈ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ চিকিৎসকে নিয়মিতভাৱে ভিটামিন চি সেৱন কৰিবলৈ পৰামৰ্শ দিয়ে। কৰোনাৰ সময়তটো অধিক সংখ্যক লোকক ভিটামিন চি সমৃদ্ধ খাদ্য খাবলৈ কোৱা হৈছিল। কিন্তু দৈনন্দিন খাদ্যৰ পৰা শৰীৰত প্ৰৱেশ কৰা ভিটামিন চি আৰু পৰিপূৰক (ছাপ্লিমেন্ট) গ্ৰহণ কৰাটো একে নহয়। পৰিপূৰক খাদ্য ইচ্ছামতে সেৱন কৰিব নোৱাৰি।
যিকোনো ভিটামিন বা পৰিপূৰক কেতিয়া, কেনেকৈ আৰু কিমান গ্ৰহণ কৰিব লাগে তাৰ নিয়ম আছে। কেৱল চিকিৎসকেহে সেয়া ক’ব পাৰে। সেই মাত্ৰা অতিক্ৰম কৰিলে বিভিন্ন পাৰ্শ্বক্ৰিয়া হ’ব। কিছুমান গৱেষণাই দাবী কৰা অনুসৰি ভিটামিন চিৰ পৰিপূৰক অত্যধিক সেৱনে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।
এছিয়ান ইনষ্টিটিউট অৱ নেফ্ৰ’লজিৰ চিকিৎসক বি বিজয় কিৰণে এই সন্দৰ্ভত এক পৰীক্ষা কৰি কয় যে ভাৰতৰ দৰে দেশত এগৰাকী প্ৰাপ্তবয়স্ক মহিলাক দিনটোত ৭৫ মিলিগ্ৰাম ভিটামিন চি বা এস্ক’ৰবিক এচিডৰ প্ৰয়োজন হয়, আনহাতে প্ৰাপ্তবয়স্ক পুৰুষক ৯০ মিলিগ্ৰাম ভিটামিন চিৰ প্ৰয়োজন হয়। প্ৰতিদিনে ২০০০ মিলিগ্ৰাম পৰ্যন্ত ভিটামিন চি সেৱন কৰাটো নিৰাপদ, কিন্তু ইয়াতকৈ বেছি নহয়।
এটা নেমুত প্ৰায় ৬০ মিলিগ্ৰাম ভিটামিন চি থাকে। অৱশ্যে আন বহু খাদ্যত ইয়াতকৈ বেছি পৰিমাণে ভিটামিন চি থাকে। কিন্তু পৰিপূৰক খাদ্যত ভিটামিন চিৰ মাত্ৰা অধিক থাকে। গতিকে চিকিৎসকৰ পৰা পৰিপূৰক ঔষধৰ মাত্ৰা জানি লব লাগে। যিহেতু ভিটামিন চি তেজত দ্ৰৱীভূত নহয়, সেয়েহে অতিৰিক্ত ভিটামিন চি শৰীৰত প্ৰৱেশ কৰি ভাঙি গৈ অক্সালেটৰ সৃষ্টি কৰে। এই অক্সালেট ক্ৰিষ্টেলৰ আকাৰত বৃক্কত জমা হৈ থাকিব। অধিক পৰিমাণে ভিটামিন চি খালে পাচনতন্ত্ৰৰ সমস্যাও হ’ব পাৰে।
এই সন্দৰ্ভত আন এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ মতে পৰিপূৰক খাদ্য গ্ৰহণ কৰাতকৈ ফল-মূল খাই শৰীৰৰ ভিটামিন চিৰ প্ৰয়োজনীয়তা পূৰণ কৰাটো বহুত নিৰাপদ। যদি আপোনাৰ প্ৰতিদিনে পাটিলেবু বা আমলখি খোৱাৰ অভ্যাস আছে, তেন্তে ই শৰীৰৰ বাবে অতি উপকাৰী। খাদ্যত কেপচিকাম ৰাখক। অমিতাতো ভিটামিন চি প্ৰচুৰ পৰিমাণে থাকে। চিকিৎসকৰ মতে এক কাপ বন্ধাকবিত প্ৰায় ৮০ মিলিগ্ৰাম ভিটামিন চি থাকে। ফুলকবি আৰু বিট খালেও প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায়। এক কাপ কটা ব্ৰকলিত ৮১.২ মিলিগ্ৰাম ভিটামিন চি, এটা সৰু পকা অমিতাত ৯৫.৬ মিলিগ্ৰাম, এটা মধুৰিআমত প্ৰায় ৩৭৫ মিলিগ্ৰাম, আৰু এটা গোটা কমলাত ৫১ মিলিগ্ৰাম থাকে। গতিকে সুষম খাদ্যৰ দ্বাৰাই শৰীৰৰ ভিটামিনৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা যায়।