• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লৰ্ডছত ৩৯ অভাৰতে ৩০০ ৰান সংগ্ৰহ ব্ৰুকছ বাহিনীৰ; অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাত সমতা স্থাপন ইংলেণ্ডৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 28, 2024 10:22 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাঁচখন খেলৰ শৃংখলাৰ প্ৰথম ২ খন এদিনীয়া খেলত ঘৰুৱা খেলপথাৰত পৰাস্ত হয় ইংলেণ্ড। স্বাভাৱিকতে অষ্ট্ৰেলিয়াৰ ছিৰিজৰ জয় কেৱল সময়ৰ অপেক্ষা বুলি ভবা হৈছিল। তাৰ পৰাই ইংলেণ্ডে প্ৰত্যাৱৰ্তন কৰি এদিনীয়া শৃংখলা ২-২ ব্যৱধানত সমতা স্থাপন কৰে। একেৰাহে ২ খন মেচত জয়লাভ কৰাৰ পিছত ইংলেণ্ডে  শৃংখলাৰ পঞ্চম তথা অন্তিম এদিনীয়া মেচখন ফাইনেলত পৰিণত কৰিলে।

শুকুৰবাৰে লৰ্ডছত ইংলেণ্ডে আক্ৰমণাত্মক ক্ৰিকেট উপহাৰ দিয়ে। বৰ্ষাবিঘ্নিত  মেচখনত তাণ্ডৱ সৃষ্টি কৰি ডাঙৰ ইনিংছ গঢ়ে। পিছত অষ্ট্ৰেলিয়াক অনায়াসে  পৰাস্ত কৰি মেচখনত ডাঙৰ ব্যৱধানত জয়লাভ কৰে। মুঠতে শৃংখলাৰ চতুৰ্থখন এদিনীয়া মেচত হেৰী ব্ৰুকছ বাহিনীয়ে অষ্ট্ৰেলিয়াক দিশহাৰা কৰে।

বৰষুণৰ বাবে ৫০ অভাৰৰ মেচখন প্ৰতি ইনিংছত ৩৯ অভাৰলৈ হ্ৰাস পায়। ইংলেণ্ডে টছত পৰাস্ত হৈ লৰ্ডছত বেটিং কৰে। বেন ডাকেট, হেৰী ব্ৰুক আৰু লিয়াম লিভিংষ্টনে অৰ্ধশতক অৰ্জন কৰি ৩০০ ৰানৰ সীমা অতিক্ৰম কৰে। নিৰ্ধাৰিত ৩৯ অভাৰত ইংলেণ্ডে ৫ উইকেটৰ বিনিময়ত ৩১২ ৰান সংগ্ৰহ কৰে।

Apply Now

অ’পেনিং কৰিবলৈ নামি বেন ডাকেটে ৬২টা বলত ৬৩ ৰান সংগ্ৰহ কৰে। তেওঁ ৬টা চাৰি আৰু ১টা ছয় মাৰে। ৫৮টা বলত ৮৭ ৰানৰ আক্ৰমণাত্মক ইনিংছ খেলি হেৰী ব্ৰুক আউট হৈ যায়। তেওঁ ১১টা চাৰি আৰু ১টা ছয় মাৰে। লিয়াম লিভিংষ্টনে ২টা চাৰি আৰু ৬টা ছয়ৰ সহায়ত মাত্ৰ ২৫টা বলতে নিজৰ ব্যক্তিগত অৰ্ধশতক সম্পূৰ্ণ কৰে। লৰ্ডছত এইটোৱেই দ্ৰুততম অৰ্ধশতকৰ সৰ্বকালৰ অভিলেখ।

ইনিংছৰ শেষ অভাৰত লিভিংষ্টনে মিচেল ষ্টাৰ্কক ৪টা ছয় আৰু ১টা চাৰি ৰান মাৰে। অৰ্থাৎ সেই অভাৰত মুঠ ২৮ ৰান কৰে। শেষত লিয়ামে ২৭টা বলত ৬২ ৰানৰ বিস্ফোৰক ইনিংছ খেলি অপৰাজিত হৈ থাকে। তেওঁ মুঠ ৩টা চাৰি আৰু ৭টা ছয় মাৰে।

ইয়াৰ উপৰিও ফিল ছল্ট ২২, উইল জেকছে ১০, জেমী স্মিথ ৩৯ আৰু জেকব বেথেলে অপৰাজিত ১২ ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ হৈ এডাম জাম্পাই ২টা আৰু জোছ হেজলউড, মিচেল মাৰ্ছ আৰু গ্লেন মেক্সৱেলে ১টাকৈ উইকেট দখল কৰে।

প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই ২৪.৪ অভাৰত মাত্ৰ ১২৬ ৰান সংগ্ৰহ কৰি আউট হয়। অৰ্থাৎ ইংলেণ্ডে ১৮৬ ৰানৰ বৃহৎ ব্যৱধানত জয়লাভ কৰে। মিচেল মাৰ্ছে ২৮, ট্ৰেভিছ হেডে ৩৪, এলেক্স কেৰীয়ে ১৩ আৰু শ্বেন এবটে ১০ ৰান সংগ্ৰহ কৰে। সেইদৰে, ষ্টিভ স্মিথে ৫, জোছ ইংলিছে ৮, মাৰ্নাছ লাবুচনে ৪, গ্লেন মেক্সৱেল ২ আৰু মিচেল ষ্টাৰ্কে ৩ ৰান সংগ্ৰহ কৰে।

ইংলেণ্ডৰ হৈ মেথিউ পটছে ৩৮ ৰানত ৪ টা উইকেট দখল কৰে। ব্ৰাইডন কাৰ্ছে ৩৬ ৰানত ৩টা উইকেট দখল কৰে। জোফ্ৰা আৰ্চাৰে ৩৩ ৰানত ২ টা উইকেট দখল কৰে। ১১ ৰানত ১ টা উইকেট দখল কৰে আদিল ৰছিদে। হেৰী ব্ৰুক মেন অৱ দ্য মেচ হয়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

June 15, 2026 9:10 am
এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

June 15, 2026 8:16 am
৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

June 15, 2026 7:33 am

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

June 15, 2026 9:10 am
এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

June 15, 2026 8:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd