• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এছডিআৰএফ আৰু এনডিআৰএফৰ পৰা বানপীড়িত গুজৰাট, মণিপুৰ আৰু ত্ৰিপুৰালৈ ৬৭৫ কোটি টকাৰ অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 1, 2024 6:30 pm
134
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি (এছডিআৰএফ)ৰ পৰা কেন্দ্ৰীয় অংশীদাৰিত্ব হিচাপে গুজৰাটলৈ ৬০০ কোটি, মণিপুৰলৈ ৫০ কোটি আৰু ত্ৰিপুৰালৈ ২৫ কোটি টকা আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজি (এনডিআৰএফ)ৰ পৰা অগ্ৰিম ধন মুকলি কৰিবলৈ অনুমোদন জনাইছে। চলিত বৰ্ষৰ দক্ষিণ-পশ্চিম মৌচুমীৰ ফলত প্ৰবল বৃষ্টিপাত, বানপানী আৰু ভূমিস্খলনৰ ফলত এই ৰাজ্যসমূহ ক্ষতিগ্ৰস্ত হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত কেন্দ্ৰীয় চৰকাৰে বানপীড়িত ৰাজ্যসমূহক সম্ভৱপৰ সকলো সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি হিচাপে এই অনুদান মুকলি কৰি দিয়া বুলি জানিবলৈ দিছে কেন্দ্ৰীয় চৰকাৰে।

উল্লেখ্য যে, চলিত বৰ্ষত অসম, মিজোৰাম, কেৰালা, ত্ৰিপুৰা, নাগালেণ্ড, গুজৰাট, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা আৰু মণিপুৰ অতিমাত্ৰা বৃষ্টিপাত, বানপানী আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হয়। এই সকলো ৰাজ্যৰ ক্ষয়ক্ষতিৰ মূল্যায়ন কৰিবলৈ আন্তঃমন্ত্ৰালয়ৰ কেন্দ্ৰীয় দল (আইএমচিটি)ৰ প্ৰতিনিধিক প্ৰেৰণ কৰা হৈছে। বাকী ৰাজ্যসমূহলৈ অতিৰিক্ত আৰ্থিক সাহায্যৰ সিদ্ধান্ত আইএমচিটিৰ প্ৰতিবেদন লাভ কৰাৰ পিছত লোৱা হ’ব বুলি জানিবলৈ দিছে কেন্দ্ৰই।

তদুপৰি, শেহতীয়াকৈ বিহাৰ আৰু পশ্চিমবংগও বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে আৰু ৰাজ্যসমূহৰ ক্ষয়ক্ষতি স্বচক্ষে মূল্যায়ন কৰাৰ বাবে এই ৰাজ্যসমূহলৈ শীঘ্ৰে আইএমচিটিৰ দল প্ৰেৰণ কৰা হ’ব।

চলিত বৰ্ষত কেন্দ্ৰীয় চৰকাৰে এছডিআৰএফৰ অধীনত ২১খন ৰাজ্যলৈ ৯০৪৪.৮০ কোটি টকা আৰু এনডিআৰএফৰ অধীনত ১৫খন ৰাজ্যলৈ ৪৫২৮.৬৬ কোটি টকাৰ লগতে ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ অধীনত ১১খন ৰাজ্যলৈ ১৩৮৫.৪৫ কোটি টকা মুকলি কৰিছে। আৰ্থিক সাহায্যৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে বানপীড়িত ৰাজ্যসমূহলৈ প্ৰয়োজনীয় এনডিআৰএফ দল, সেনাৰ দল আৰু বায়ুসেনাৰ দলকে ধৰি প্ৰয়োজনীয় সহায় আগবঢ়াইছে।

Recent News

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd