ৰাজধানী দিল্লীৰ ৰাজনৈতিক আৰু নাগৰিক আন্দোলনৰ মানচিত্ৰত এক ঐতিহাসিক পৰিৱৰ্তন আনিবলৈ লৈছে কেন্দ্ৰই। এতিয়াৰে পৰা দিল্লীৰ দীৰ্ঘদিনীয়া প্ৰতিবাদৰ কেন্দ্ৰস্থল ‘যন্তৰ মন্তৰ’ক আৰু আনুষ্ঠানিকভাৱে অনুমোদিত বা প্ৰতিবাদৰ বাবে নিৰ্দিষ্ট স্থান হিচাপে গণ্য কৰা নহ’ব। নতুনকৈ সংশোধিত নিৰ্দেশিকাত দিল্লীৰ মাজমজিয়াত প্ৰতিবাদ আৰু সমাৱেশৰ বাবে সম্পূৰ্ণ নতুন তিনিটা স্থানৰ নাম ঘোষণা কৰিছে দিল্লী আৰক্ষীয়ে।
দিল্লী আৰক্ষীৰ গাইডলাইন অনুসৰি এতিয়াৰ পৰা কেৱল ৰামলীলা ময়দান, বুৰাৰী ময়দান আৰু পূব দিল্লীৰ চিবিডি গ্ৰাউণ্ডকে প্ৰতিবাদৰ বাবে একমাত্ৰ নিৰ্দিষ্ট স্থান হিচাপে চিনাক্ত কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গঠন কৰা এখন উচ্চ পৰ্যায়ৰ কমিটীৰ নিৰ্দিষ্ট পৰামৰ্শৰ ভিত্তিত এই বৃহৎ সিদ্ধান্ত লোৱা হৈছে বুলি প্ৰশাসনে জানিবলৈ দিয়ে।
দিল্লী আৰক্ষীৰ এই শেহতীয়া গাইডলাইন পূৰ্বৰ ষ্টেণ্ডিং অৰ্ডাৰৰ আংশিক সংশোধন। বৰ্তমানৰ এই নিৰ্দেশত ২০২২ চনৰ ২৮ এপ্ৰিলত ৰাজধানীত প্ৰতিবাদস্থলী সন্দৰ্ভত জাৰি কৰা গাইডলাইন আংশিকভাৱে সলনি কৰা হৈছে।
কেৱল সেয়াই নহয়, আৰক্ষী কৰ্তৃপক্ষই কৈছে যে এই নতুনকৈ ঘোষিত এই তিনিটা স্থানত অনাগত দিনত কেনেকৈ আৰু কি নিয়মৰ অধীনত সভা বা প্ৰতিবাদৰ আয়োজন কৰা হ’ব তাৰ বাবে পৃথক পৃথক ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছ অ’ পি) আৰু বিশদ নিৰ্দেশনাৱলী প্ৰকাশ কৰা হ’ব।
ৰাজনৈতিক মহলৰ মতে, ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া আৰু অন্যান্য ৰাজনৈতিক বিষয়ক লৈ সমগ্ৰ দিল্লীত বিৰোধী দলসমূহে আন্দোলন আৰু প্ৰতিবাদ তীব্ৰতৰ কৰি তোলাৰ সময়তে প্ৰতিবাদৰ স্থানৰ এই পৰিৱৰ্তন ঘটিছে।
এই পৰিৱৰ্তনে ৰাজধানী দিল্লীত প্ৰতিবাদী সংস্কৃতিৰ দীৰ্ঘদিনীয়া প্ৰথাত ডাঙৰ পৰিৱৰ্তন আনিবলৈ গৈ আছে। কাৰণ বিগত কেইটামান দশক ধৰি ৰাজনৈতিক দল, বিভিন্ন সামাজিক সংগঠন, অধিকাৰ কৰ্মী আৰু বিভিন্ন গোটে প্ৰশাসনৰ আগত দাবী উত্থাপন কৰাৰ মূল স্থান হিচাপে যন্তৰ মন্তৰক বাছি লৈছে। মধ্য দিল্লীৰ ঠিক মাজমজিয়াত অৱস্থিত যন্তৰ মন্তৰ। ফলত এই ঠাইখন ৰাজনৈতিক চাপ সৃষ্টি আৰু জনসচেতনতা বৃদ্ধিৰ বাবে অতি জনপ্ৰিয় আৰু উল্লেখযোগ্য স্থান আছিল, যিটো এতিয়া চৰকাৰী অনুমোদনৰ বাহিৰলৈ গৈছে।
যোৱা ১০ অক্টোবৰত ‘ককৰোচ জনতা পাৰ্টি’ৰ আন্দোলনৰ সাক্ষী হৈ পৰিছিল। চিজেপিৰ প্ৰতিনিধি আশুতোষ ৰাংকা আৰু সৌৰভ দাস আজি সংসদ ষ্ট্ৰীট থানাত উপস্থিত হৈ যন্তৰ মন্তৰত আন এক শান্তিপূৰ্ণ আন্দোলনৰ অনুমতি বিচাৰিছিল। লগতে দিল্লী আৰক্ষীক ২৪ ঘণ্টীয়া কঠোৰ আল্টিমেটাম প্ৰদান কৰে। এই নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি আৰক্ষীয়ে সন্তোষজনক সঁহাৰি নিদিয়ে তেন্তে দলে নিজেই পৰৱৰ্তী কাৰ্যসূচী ঘোষণা কৰিব বুলি কয়।
আজি থানা চৌহদৰ পৰা ওলাই আহি আশুতোষ ৰাংকাই সংবাদ মাধ্যমৰ আগত স্পষ্ট ভাষাত কয়, “যন্তৰ মন্তৰ হৈছে প্ৰতিবাদৰ বাবে নিৰ্ধাৰিত চৰকাৰী স্থান। আমি ইয়ালৈ আহিছো শান্তিপূৰ্ণ প্ৰতিবাদৰ বাবে এটা দিন নিৰ্ধাৰণ কৰিবলৈ।” তেওঁ আৰু অধিক ক্ষোভ প্ৰকাশ কৰি কয়, “তেন্তে আমি ক’ত গৈ প্ৰতিবাদ কৰিম?”
এতিয়া গৃহ মন্ত্ৰালয়ৰ পৰামৰ্শ অনুযায়ী যন্তৰ মন্তৰ প্ৰতিবাদস্থলীৰ তালিকাত নথকাৰ বাবে চিজেপিয়ে পৰৱৰ্তী পদক্ষেপৰ ওপৰত পুনৰ চিন্তা কৰিব লাগিব।
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ কমিটীৰ পৰামৰ্শ অনুসৰি ২০২২ চনৰ এপ্ৰিল মাহৰ পুৰণি গাইডলাইনত এই পৰিৱৰ্তন অনা হৈছে, যিয়ে অনাগত দিনত ৰাজধানীত যিকোনো ৰাজনৈতিক বা নাগৰিক আন্দোলনৰ ৰূপৰেখা সম্পূৰ্ণৰূপে সলনি কৰিব পাৰে বুলি বিশেষজ্ঞসকলে ধাৰণা কৰে।





