• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 12, 2026 4:00 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লীত চলি থকা প্ৰতিবাদৰ কৌশল সলনি কৰিছে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে। কেৱল নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদ সীমাবদ্ধ নাৰাখি এইবাৰ আন্দোলনটোক এক বৃহত্তৰ গণতান্ত্ৰিক আন্দোলনৰ ৰূপ দিয়াৰ প্ৰস্তুতি চলাইছে বিৰোধী দলসমূহে। এই প্ৰতিবাদত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক, ছাত্ৰ-ছাত্ৰী, যুৱ প্ৰজন্ম, অধিবক্তা আৰু নাগৰিক সমাজৰ সংগঠনসমূহক চামিল হ’বলৈ আহ্বান জনোৱা হৈছে।

বিৰোধী মিত্ৰজোঁটৰ পৰিকল্পনা অনুসৰি, সোমবাৰে মধ্য দিল্লীৰ বৰাখাম্বা ৰোডৰ পৰা উচ্চতম ন্যায়ালয়লৈ প্ৰায় তিনি কিলোমিটাৰজোৰা পদযাত্ৰা উলিওৱাৰ পৰিকল্পনা কৰা হৈছে। ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন (এছআইআৰ) প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত আৰম্ভ হোৱা এই প্ৰতিবাদে এতিয়া এক নতুন ৰূপ ল’বলৈ আগবাঢ়িছে।

Apply Now

যোৱা দুদিন ধৰি দিল্লীত প্ৰতিবাদত অংশগ্ৰহণ কৰা বিভিন্ন গোটৰ লোকৰ মতামত আৰু প্ৰতিক্ৰিয়া বিবেচনা কৰিয়েই প্ৰতিবাদৰ ধৰণ সলনি কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি সূত্ৰৰ খবৰ। বিৰোধী শিবিৰৰ মতে, আন্দোলনটো কেৱল ৰাজনৈতিক দলসমূহৰ প্ৰতিবাদ হিচাপে পৰিচিত হৈ থাকিলে সমাজৰ বৃহত্তৰ অংশক ইয়াৰ সৈতে জড়িত কৰাটো কঠিন হ’ব পাৰে।

সোমবাৰে প্ৰতিবাদকাৰীসকল ৰাজপথলৈ ওলোৱাৰ পূৰ্বে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে এটা ভিডিঅ’ বাৰ্তা প্ৰকাশ কৰি নাগৰিক সমাজৰ সংগঠন আৰু সাধাৰণ ৰাইজক এই প্ৰতিবাদত যোগ দিবলৈ আহ্বান জনায়। গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত সকলো শ্ৰেণীৰ লোকক একত্ৰিত কৰাৰ লক্ষ্যৰে বিৰোধী শিবিৰে এই নতুন কৌশল গ্ৰহণ কৰিছে।

এই কৌশলৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ হৈছে দলীয় পতাকাৰ পৰিৱৰ্তে জাতীয় পতাকা লৈ প্ৰতিবাদত অংশগ্ৰহণ কৰা। সূত্ৰ অনুসৰি, কংগ্ৰেছে মিত্ৰজোঁটৰ সকলো দলৰ নেতা-কৰ্মীক জাতীয় পতাকা লৈ ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনাইছে। ইয়াৰ জৰিয়তে আন্দোলনটোক কোনো এটা ৰাজনৈতিক দলৰ কাৰ্যসূচী হিচাপে নহয়, বৰং গণতন্ত্ৰ ৰক্ষাৰ এক উমৈহতীয়া নাগৰিক আন্দোলন হিচাপে তুলি ধৰিব বিচৰা হৈছে।

কংগ্ৰেছৰ আশংকা, প্ৰতিবাদটো কেৱল বিৰোধী দলৰ কাৰ্যসূচী হিচাপে চিহ্নিত হ’লে নতুন প্ৰজন্ম, অলাভজনক সংস্থা, অধিবক্তা আৰু ছাত্ৰ সংগঠনসমূহে ইয়াৰ পৰা আঁতৰি থাকিব পাৰে। অথচ মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে ইয়াৰ পূৰ্বে হোৱা প্ৰতিবাদসমূহত এই গোটসমূহৰ লোকেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। সেইবাবেই ৰাজনৈতিক পৰিচয়ৰ সীমা অতিক্ৰম কৰি অধিক লোকক আন্দোলনৰ সৈতে জড়িত কৰাত গুৰুত্ব দিছে বিৰোধী নেতৃত্বই।

যোৱা সপ্তাহত দিল্লীত বিৰোধী মিত্ৰজোঁটৰ প্ৰতিবাদৰ সময়ত কংগ্ৰেছৰ দলীয় পতাকাৰ আধিক্যক লৈ মিত্ৰজোঁটৰ আন দলসমূহৰ মাজত মতানৈক্য সৃষ্টি হোৱা বুলিও খবৰ প্ৰকাশ পাইছিল। ইয়াৰ উপৰি, বিগত কেইদিনৰ প্ৰতিবাদী কাৰ্যসূচীত মিত্ৰজোঁটৰ কেইবাগৰাকীও শীৰ্ষ নেতাৰ অনুপস্থিতিয়ে বিৰোধী ঐক্যক লৈ প্ৰশ্নৰ সৃষ্টি কৰিছিল। এনে পৰিস্থিতিত জাতীয় পতাকাক আগস্থান দি সকলো দল আৰু সংগঠনক একেখন মঞ্চলৈ অনাৰ চেষ্টা চলোৱা হৈছে।

এইবাৰৰ ‘চলো দিল্লী’ কাৰ্যসূচীত তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টি আৰু বাওঁপন্থী দলসমূহৰ সমৰ্থকসকলকো অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। লগতে গণতন্ত্ৰৰ দাবীত উলিওৱা পদযাত্ৰাত অধিবক্তা আৰু বিভিন্ন সামাজিক সংগঠনৰ লোককো আমন্ত্ৰণ জনোৱা হৈছে।

ইফালে, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ককৰোচ জনতা পাৰ্টি’ (চিজেপি)-য়েও প্ৰতিবাদৰ আহ্বান জনাই আহিছে। বিৰোধী শিবিৰে এই প্ৰতিবাদী কাৰ্যসূচীসমূহৰ মাজত সমন্বয় গঢ়ি তুলি আন্দোলনটোক অধিক ব্যাপক ৰূপ দিব বিচাৰিছে। বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত গণতান্ত্ৰিক অধিকাৰ আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতাক লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়াক একত্ৰিত কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ বাবে এতিয়া প্ৰত্যাহ্বান কেৱল জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী উত্থাপন কৰাই নহয়, বৰং আন্দোলনটোক দলীয় ৰাজনীতিৰ পৰিসৰৰ বাহিৰলৈ লৈ গৈ সাধাৰণ জনতাৰ মাজত বিস্তাৰিত কৰাও। জাতীয় পতাকাৰ তলত সকলো শ্ৰেণীৰ লোকক একত্ৰিত কৰাৰ এই নতুন কৌশলে দিল্লীৰ প্ৰতিবাদক কিমানদূৰ গণ-আন্দোলনৰ ৰূপ দিব পাৰে, সেয়া এতিয়া লক্ষণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

October 12, 2026 4:00 pm
যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

October 12, 2026 3:00 pm
দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

October 12, 2026 2:59 pm
উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

October 12, 2026 1:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

October 12, 2026 4:00 pm
যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

October 12, 2026 3:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd