• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুনৰ ৭৫০ কোটি টকাৰ ঋণ ৰাজ্য চৰকাৰৰ ! ঋণ লোৱাৰ ক্ষেত্রত ৰেকৰ্ড গঢ়িলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে – পুনম গগৈ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 1, 2024 9:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“ঋণৰ ওপৰতে ঋণ লৈ ৰাজ্যখনক অৰ্থনৈতিকভাবে নিশকতীয়া কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ! ৰাজ্যৰ বিৰোধী দল, অৰাজনৈতিক সংগঠন তথা বৌদ্ধিক মহলৰ সমালোচনাৰ পাছতো অব্যাহত আছে চৰকাৰখনৰ ঋণৰ ওপৰত ঋণ লোৱাৰ প্ৰক্ৰিয়া । যেন ঋণৰ ওপৰতে বৰ্তি আছে চৰকাৰখন । প্রতি মাহেই হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যোৱা ১৭ ছেপ্টেম্বৰত ৫০০ কোটি টকা আৰু ২৪ ছেপ্টেম্বৰত ২৫০ কোটি টকাৰ ঋণ লোৱাৰ পিছত পুনৰ আজি অৰ্থাৎ ১ অক্টোবৰ তাৰিখে ৭৫০ কোটি টকাৰ ঋণ লোৱাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ।

চৰকাৰে মাথোঁ হিতাধিকাৰী সৃষ্টিৰ জৰিয়তে ভোট বেংক সুৰক্ষিত কৰাৰ লক্ষ্যতেই এইদৰে ৰাজ্যবাসীৰ মূৰত বৃহৎ ঋণৰ বোজা জাপি দিছে। ইয়াৰ বাবদ ৰাজ্য চৰকাৰে বছৰি ৭ হাজাৰৰ পৰা ৮ হাজাৰ কোটি টকালৈ সুদ ভৰিব লগা হৈছে। ” সংবাদমেলত আপৰ নেত্ৰী গৰাকীয়ে কয়,” ৰাজ্য চৰকাৰে চলিত বিত্তীয় বৰ্ষৰ ৮ এপ্ৰিলত এহাজাৰ কোটি আৰু ৩০ এপ্ৰিলত এহাজাৰ কোটি টকাৰ ঋণ লৈছিল। তাৰ পিছত ২৮ মে’ত পুনৰ এহাজাৰ কোটি টকাৰ ঋণ লৈছিল । প্ৰতি মাহে এনেদৰে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ ফলত অসমৰ ঋণৰ বোজাই ১ লাখ ৫৫ হাজাৰ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে। চৰকাৰৰ এই পৰিকল্পনা বিহীন অৰ্থনৈতিক নীতিয়ে ৰাজ্যবাসীক সংকটৰ মুখলৈ ঠেলি দিছে ।”

শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁট চৰকাৰে ঋণ লৈ চৰকাৰ চলোৱা নীতিৰ বিৰুদ্ধে সৰৱ আপৰ ৰাজ্যিক মুখপাত্ৰ পুনম গগৈৰ মতে,” মাহে মাহে চৰকাৰখনে লোৱা ঋণৰ ধন কোনো উৎপাদনশীল কামত ব্যয় কৰা হোৱা নাই। মাথোঁ হিতাধিকাৰী সৃষ্টিৰ বাবে আঁচনিৰ নামতে চৰকাৰখনে ঋণৰ ধন ব্যয় কৰি আহিছে । এইদৰে হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ আঁচনি ৰূপায়ন কৰাৰ নামত পুঁজিৰ ওপৰত লুণ্ঠন চলাইছে হাত দীঘল মহলে।” সংবাদমেলত পুনম গগৈয়ে অভিযোগ উত্থাপন কৰে, ” বৰ্তমান ৰাজ্য চৰকাৰে ঋণ গ্ৰহণৰ ক্ষেত্ৰত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে।

২০০১ৰ পৰা ২০১৬ চনলৈকে শাসনত থকা প্ৰয়াত তৰুণ গগৈ চৰকাৰৰ আমোলত অসমৰ ঋণৰ পৰিমাণ আছিল মুঠ ৪১,৯৬৪ কোটি টকা । আনহাতে, ২০১৬ চনত শাসনভাৰ লোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকাল অৰ্থাৎ ২০১৬ চনৰ পৰা ২০২১ চনলৈ বিজেপি চৰকাৰে ঋণ লৈছিল ৬৬,০২০.৬৫ কোটি টকাৰ। সোণোৱাল চৰকাৰে বছৰি গড়ে ১৩,২০৪.১৩ কোটি টকাৰ ঋণ লৈছিল। কিন্তু মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই ঋণ লোৱাৰ ক্ষেত্ৰত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে । যাৰ ফলত এতিয়া প্ৰতি মাহেই ৰাজ্যবাসীৰ মূৰৰ ওপৰত থকা ঋণৰ বোজা অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰিছে ।

২০২১ চনৰ পৰা ২০২৩ চনলৈকে দুটা বিত্তীয় বৰ্ষতে ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ঋণৰ পৰিমাণ হ’লগৈ ৪৩,০৫০.৫৭ কোটি টকা। বৰ্তমানৰ চৰকাৰে বছৰি গড়ে ২১,৫২৫.২৮৫ কোটি টকাৰ ঋণ লৈ ঋণত পোত যোৱা পূৰ্বৰ চৰকাৰৰ ৰেকৰ্ড ভংগ কৰে। ” মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এনে অদূৰদৰ্শী নীতি সন্দৰ্ভত আপৰ নেত্ৰী পুনম গগৈৰ প্ৰশ্ন, ” মাহে মাহে হাজাৰ হাজাৰ কোটি টকা ধাৰ লোৱা চৰকাৰে ধাৰ পৰিশোধ কৰিব কেতিয়া? ঋণৰ ধন কোনো উৎপাদনমুখী আঁচনিত ব্যয় নকৰি মাথোঁ সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থত হিতাধিকাৰী সৃষ্টিৰ নামত ব্যয় কৰাৰ ফলতে বৰ্তমানলৈকে চৰকাৰে ঋণ পৰিশোধ কৰিব পৰা নাই। ধাৰত পোত যোৱা চৰকাৰে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ তথা মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰতো ব্যৰ্থ হৈছে। আন্তঃগাঁথনি নিৰ্মানৰ নামতো বিজেপি চৰকাৰে বৃহৎ পৰিমাণৰ ঋণ লৈছে, কিন্তু তাৰ কিমান সদব্যৱহাৰ কৰিলে সেই তথ্য অৱগত কৰা নাই। এই কথা মনত ৰখা উচিত যে মাথোঁ চহৰে – নগৰে উৰণীয়া সেতু নিৰ্মাণ কৰা আৰু হিতাধিকাৰী সৃষ্টি কৰি উৎপাদনশীল কৰ্ম বাধাগ্ৰস্ত কৰাৰ জৰিয়তে ৰাজ্যৰ অৰ্থনৈতিক বিকাশ সম্ভৱ নহয়। ”

আম আদমী পাৰ্টিৰ মুখপাত্ৰ পুনম গগৈয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এনে ধৃষ্টতা পৰিহাৰ কৰি ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত উৎপাদনমুখী আৰ্থিক নীতি গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায়। দিল্লী আৰু পঞ্জাৱত আম আদমী পাৰ্টিৰ চৰকাৰে যিদৰে সকলো নাগৰিকৰ বাবেই চৰকাৰী উন্নয়নমূলক আঁচনি উপলব্ধ কৰিছে, সকলো স্তৰৰ নাগৰিকেই চৰকাৰী আঁচনিৰ দ্বাৰায় সমানে উপকৃত হৈছে তেনেদৰে অসমতো জনকল্যাণকামী আঁচনি গ্ৰহণ কৰিবলৈ আপৰ মুখপাত্ৰ গৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়। আনহাতে এন আৰ চি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্যৰ বিৰোধিতা কৰি সংবাদমেলত পুনম গগৈয়ে কয়, “নিজ ৰাজ্যৰ উন্নয়নত বিফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত গৈ সমগ্ৰ দেশৰ বাবেই এন আৰ চি ৰূপায়নৰ কথা কৈছে। অসমত ১৬০০ কোটি টকা ব্যয় কৰি এন আৰ চি প্ৰস্তুত কৰাৰ পিচতো চৰকাৰে কিয় কাৰ্যকৰী কৰিব পৰা নাই?”

সংবাদমেলত আপৰ ছাত্ৰ সংগঠন চি ৱাই এছ এছৰ আহ্বায়ক দিব্যজ্যোতি কুলীয়ে অলপতে গুৱাহাটী বিশ্ববিদ্যালয়ত সূত্ৰপাত হোৱা হিংসাত্মক ঘটনাৰ এক নিৰপেক্ষ তদন্তৰ দাবী কৰে। ছাত্ৰ নেতা গৰাকীয়ে কয়,” বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত নিশা ২ বজালৈকে সুৰাৰ আড্ডা, মাৰপিট চলা ঘটনাই ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনৰ প্ৰশাসনিক ব্যৰ্থতা উদঙাই দিছে। বৰ্তমান চৰকাৰৰ আমোলত শিক্ষানুষ্ঠান সমূহতো অবাধে সুৰাৰ প্ৰচলন হৈছে। আমি চি ৱাই এছ এছৰ ফালৰ পৰা এই ক্ষেত্ৰত কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছোঁ। ” সংবাদমেলত আপ অসমৰ আন এগৰাকী নেত্ৰী মিতালী গগৈয়ো উপস্থিত থাকে ।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd