• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দশম-দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ৭৫ শতাংশ শ্ৰেণী উপস্থিতি বাধ্যতামূলক: চিবিএছই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 15, 2024 3:11 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড’ চমুকৈ চিবিএছই কৰ্তৃপক্ষই দশম আৰু দ্বাদশ ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ শ্ৰেণীকোঠাত উপস্থিতিৰ নিয়ম কটকটীয়া কৰি তুলিছে।

চিবিএছইৰ ফালৰ পৰা জনোৱা হৈছে যে সংশ্লিষ্ট শ্ৰেণী দুটাৰ ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ পৰীক্ষাৰ্থীসকলে শ্ৰেণীকোঠাত নূন্যতম উপস্থিতিৰ হাৰ ৭৫ শতাংশ হ’ব লাগিব। এই সন্দৰ্ভত ইতিমধ্যে দেশৰ চিবিএছইৰ দ্বাৰা পৰিচালিত সকলো বিদ্যালয়ৰ অধ্যক্ষ আৰু প্ৰধান শিক্ষকলৈ গাইডলাইন প্ৰেৰণ কৰা হৈছে।

গাইডলাইনত স্পষ্টভাৱে কোৱা হৈছে যে যিসকল ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণী উপস্থিতি ৭৫ শতাংশতকৈ কম, তেওঁলোকক আগন্তুক ২০২৫ চনৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত অংশগ্ৰহণৰ অনুমতি দিয়া নহ’ব।

Apply Now

এই গাইডলাইনসমূহে পৰীক্ষাৰ উপ-বিধিৰ ১৩ আৰু ১৪ নং মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। যি নিয়মত শৈক্ষিক উত্তৰণৰ বাবে শ্ৰেণীকোঠাৰ উপস্থিতিক গুৰুত্বপূৰ্ণ বুলি চিনাক্ত কৰা হৈছে।

কিন্তু নিয়মবোৰ কঠোৰ হ’লেও কিছুমান বিশেষ ক্ষেত্ৰত শিথিল হ’ব পাৰে। উদাহৰণস্বৰূপে, যদি কোনো ছাত্ৰ অসুস্থ, বা ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ গৈ আছে, তেন্তে শ্ৰেণীকোঠাত নূন্যতম ৭৫ শতাংশ উপস্থিতিৰ প্ৰয়োজনীয়তা সেই প্ৰাৰ্থীসকলৰ বাবে প্ৰযোজ্য নহ’ব।

অৱশ্যে এই বিশেষ সুবিধা লাভৰ বাবে সংশ্লিষ্ট প্ৰাৰ্থীয়ে প্ৰমাণ আৰু নথি দাখিল কৰিব লাগিব। তেনে ক্ষেত্ৰত শ্ৰেণী উপস্থিতিৰ হাৰত সৰ্বাধিক ২৫ শতাংশ ৰেহাই দিব পাৰিব।

সংশ্লিষ্ট বিদ্যালয় কৰ্তৃপক্ষক প্ৰতিজন ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকক নতুন নিয়মৰ বিষয়ে তৎকালীনভাৱে অৱগত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। যাতে পিছত ইয়াৰ ওপৰত কোনো সন্দেহ বা সমস্যা নাথাকে।

একে সময়তে তেওঁলোকৰ অধীনস্থ বিদ্যালয়সমূহকো চিবিএছইয়ে সকীয়াই দিছে। তেওঁলোকক জনোৱা হৈছে যে শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি স্বাভাৱিক নেকি সেই বিষয়ে প্ৰতিখন বিদ্যালয়লৈ অঘোষিতভাৱে ভ্ৰমণ কৰা হ’ব।

যদি সেই সময়ছোৱাত কোনো ছাত্ৰ-ছাত্ৰীয়ে উপযুক্ত নথি-পত্ৰ দেখুৱাই বিদ্যালয়ত অনুপস্থিত বুলি ধৰা পৰে, তেন্তে সেই অনিয়মৰ বাবে বিদ্যালয় কৰ্তৃপক্ষ দায়ী হ’ব। তদুপৰি এনে কার্য সংঘটিত কৰা ছাত্র-ছাত্রীসকলো ব’র্ড পৰীক্ষাত অৱতীৰ্ণ হোৱাত বাধা হৈ পৰিব৷

এই সন্দৰ্ভত জাৰি কৰা বিবৃতিত বিশেষভাৱে কোৱা হৈছে, ‘বিদ্যালয়ৰ উপস্থিতিৰ ৰেকৰ্ড পৰীক্ষা কৰিবলৈ ব’ৰ্ডে আকস্মিক পৰিদৰ্শন কৰিব পাৰে। যদি পৰিদৰ্শনৰ সময়ত ৰেকৰ্ড অসম্পূৰ্ণ হোৱা দেখা যায়, বা সেই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে নিয়মিতভাৱে বিদ্যালয়ত উপস্থিত নহয়, তেন্তে সেই বিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। আনকি, তেওঁলোকৰ অনুমোদন বাতিল হ’ব পাৰে।’

আনুষংগিক বিবৃতিটোত এই কথাও জনোৱা হৈছে যে নিজ নিজ শিক্ষাবৰ্ষৰ ১ জানুৱাৰীলৈকে কিমানজন ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ত অধ্যয়ন কৰিছে, প্ৰতিদিনে বিদ্যালয়লৈ আহিছে নে নাই সেই সম্পৰ্কে তথ্য সংগ্ৰহ কৰা হ’ব। আৰু এই তথ্য এবাৰ জমা দিয়াৰ পিছত ইয়াক সংশোধন কৰিব নোৱাৰিব।

কিন্তু যদি কোনো বিদ্যালয়ত উপস্থিতিৰ হাৰৰ সমস্যা হয়, তেন্তে সেই বিদ্যালয়সমূহক ব’ৰ্ডে সহায় কৰিব যদিহে সমস্যাৰ বিষয়ে লিখিতভাৱে জনোৱা হয়। সমস্যা সমাধানৰ বাবে তেওঁলোকক ‘মানক পৰিচালনা পদ্ধতি’ বা এছ অ’ পি প্ৰদান কৰা হ’ব। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd