• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দশম-দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ৭৫ শতাংশ শ্ৰেণী উপস্থিতি বাধ্যতামূলক: চিবিএছই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 15, 2024 3:11 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

395
VIEWS
Share on FacebookShare on Twitter

‘কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড’ চমুকৈ চিবিএছই কৰ্তৃপক্ষই দশম আৰু দ্বাদশ ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ শ্ৰেণীকোঠাত উপস্থিতিৰ নিয়ম কটকটীয়া কৰি তুলিছে।

চিবিএছইৰ ফালৰ পৰা জনোৱা হৈছে যে সংশ্লিষ্ট শ্ৰেণী দুটাৰ ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ পৰীক্ষাৰ্থীসকলে শ্ৰেণীকোঠাত নূন্যতম উপস্থিতিৰ হাৰ ৭৫ শতাংশ হ’ব লাগিব। এই সন্দৰ্ভত ইতিমধ্যে দেশৰ চিবিএছইৰ দ্বাৰা পৰিচালিত সকলো বিদ্যালয়ৰ অধ্যক্ষ আৰু প্ৰধান শিক্ষকলৈ গাইডলাইন প্ৰেৰণ কৰা হৈছে।

গাইডলাইনত স্পষ্টভাৱে কোৱা হৈছে যে যিসকল ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণী উপস্থিতি ৭৫ শতাংশতকৈ কম, তেওঁলোকক আগন্তুক ২০২৫ চনৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত অংশগ্ৰহণৰ অনুমতি দিয়া নহ’ব।

এই গাইডলাইনসমূহে পৰীক্ষাৰ উপ-বিধিৰ ১৩ আৰু ১৪ নং মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। যি নিয়মত শৈক্ষিক উত্তৰণৰ বাবে শ্ৰেণীকোঠাৰ উপস্থিতিক গুৰুত্বপূৰ্ণ বুলি চিনাক্ত কৰা হৈছে।

কিন্তু নিয়মবোৰ কঠোৰ হ’লেও কিছুমান বিশেষ ক্ষেত্ৰত শিথিল হ’ব পাৰে। উদাহৰণস্বৰূপে, যদি কোনো ছাত্ৰ অসুস্থ, বা ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ গৈ আছে, তেন্তে শ্ৰেণীকোঠাত নূন্যতম ৭৫ শতাংশ উপস্থিতিৰ প্ৰয়োজনীয়তা সেই প্ৰাৰ্থীসকলৰ বাবে প্ৰযোজ্য নহ’ব।

অৱশ্যে এই বিশেষ সুবিধা লাভৰ বাবে সংশ্লিষ্ট প্ৰাৰ্থীয়ে প্ৰমাণ আৰু নথি দাখিল কৰিব লাগিব। তেনে ক্ষেত্ৰত শ্ৰেণী উপস্থিতিৰ হাৰত সৰ্বাধিক ২৫ শতাংশ ৰেহাই দিব পাৰিব।

সংশ্লিষ্ট বিদ্যালয় কৰ্তৃপক্ষক প্ৰতিজন ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকক নতুন নিয়মৰ বিষয়ে তৎকালীনভাৱে অৱগত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। যাতে পিছত ইয়াৰ ওপৰত কোনো সন্দেহ বা সমস্যা নাথাকে।

একে সময়তে তেওঁলোকৰ অধীনস্থ বিদ্যালয়সমূহকো চিবিএছইয়ে সকীয়াই দিছে। তেওঁলোকক জনোৱা হৈছে যে শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি স্বাভাৱিক নেকি সেই বিষয়ে প্ৰতিখন বিদ্যালয়লৈ অঘোষিতভাৱে ভ্ৰমণ কৰা হ’ব।

যদি সেই সময়ছোৱাত কোনো ছাত্ৰ-ছাত্ৰীয়ে উপযুক্ত নথি-পত্ৰ দেখুৱাই বিদ্যালয়ত অনুপস্থিত বুলি ধৰা পৰে, তেন্তে সেই অনিয়মৰ বাবে বিদ্যালয় কৰ্তৃপক্ষ দায়ী হ’ব। তদুপৰি এনে কার্য সংঘটিত কৰা ছাত্র-ছাত্রীসকলো ব’র্ড পৰীক্ষাত অৱতীৰ্ণ হোৱাত বাধা হৈ পৰিব৷

এই সন্দৰ্ভত জাৰি কৰা বিবৃতিত বিশেষভাৱে কোৱা হৈছে, ‘বিদ্যালয়ৰ উপস্থিতিৰ ৰেকৰ্ড পৰীক্ষা কৰিবলৈ ব’ৰ্ডে আকস্মিক পৰিদৰ্শন কৰিব পাৰে। যদি পৰিদৰ্শনৰ সময়ত ৰেকৰ্ড অসম্পূৰ্ণ হোৱা দেখা যায়, বা সেই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে নিয়মিতভাৱে বিদ্যালয়ত উপস্থিত নহয়, তেন্তে সেই বিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। আনকি, তেওঁলোকৰ অনুমোদন বাতিল হ’ব পাৰে।’

আনুষংগিক বিবৃতিটোত এই কথাও জনোৱা হৈছে যে নিজ নিজ শিক্ষাবৰ্ষৰ ১ জানুৱাৰীলৈকে কিমানজন ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ত অধ্যয়ন কৰিছে, প্ৰতিদিনে বিদ্যালয়লৈ আহিছে নে নাই সেই সম্পৰ্কে তথ্য সংগ্ৰহ কৰা হ’ব। আৰু এই তথ্য এবাৰ জমা দিয়াৰ পিছত ইয়াক সংশোধন কৰিব নোৱাৰিব।

কিন্তু যদি কোনো বিদ্যালয়ত উপস্থিতিৰ হাৰৰ সমস্যা হয়, তেন্তে সেই বিদ্যালয়সমূহক ব’ৰ্ডে সহায় কৰিব যদিহে সমস্যাৰ বিষয়ে লিখিতভাৱে জনোৱা হয়। সমস্যা সমাধানৰ বাবে তেওঁলোকক ‘মানক পৰিচালনা পদ্ধতি’ বা এছ অ’ পি প্ৰদান কৰা হ’ব। 

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd