• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিহালী সমষ্টিৰ ৰাইজৰ বাবে কেজৰিৱালৰ ৫ টা গেৰাণ্টি : কংগ্ৰেছ – বিজেপিক একেটা মুদ্ৰাৰ ইপিঠি- সিপিঠি আখ্যা মনোজ ধানোৱাৰৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 10, 2024 6:45 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপৰ প্ৰাৰ্থী অনন্ত গগৈৰ নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে আজি আপে মুকলি কৰে কেজৰিৱালৰ গেৰাণ্টি কাৰ্ড। সমষ্টিটোৰ বৰগাঙত অনুষ্ঠিত এক সংবাদমেলত দলৰ ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা আৰু ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে ৫ দফীয়া গেৰাণ্টি কাৰ্ড মুকলি কৰে।

দলৰ প্ৰাৰ্থী অনন্ত গগৈয়ে গেৰাণ্টি কাৰ্ড পাঠ কৰি কয়, “নিৰ্বাচনী যুঁজত সমষ্টিটোৰ ভোটাৰ সকলৰ সমৰ্থন লাভ কৰি বিজয়ী হ’লে আমি নিম্নোল্লিখিত ৫ টা গেৰাণ্টি পূৰণ কৰিবলৈ দায়বদ্ধ হৈ থাকিম। বিগত দিনত স্বাস্থ্য, শিক্ষা, পথ যোগাযোগ আৰু অন্যান্য ক্ষেত্ৰত অনগ্ৰসৰ হৈ থকা বিহালী সমষ্টিৰ অন্তৰ্গত বাট পথ নিৰ্মাণ, সকলো সা-সুবিধা যুক্ত চৰকাৰী চিকিৎসালয় আৰু বিদ্যালয় গৃহ নিৰ্মাণৰ পদক্ষেপ হাতত ল’ম। স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ স্মৃতিত আমি এখন উন্নত মানৰ বিদ্যালয় স্থাপন কৰিম। সমষ্টিটোৰ প্ৰায় ৬০ শতাংশ লোক চাহ জনগোষ্ঠী – আদিবাসী সম্প্ৰদায়ৰ । চাহ বাগিচাৰ শ্ৰমিক সকলৰ ন্যূনতম মজুৰি নিৰ্ধাৰনৰ বাবে আমি যুঁজ দিম। বিহালী সমষ্টিৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষাৰ ক্ষেত্ৰত আমি দৃঢ় পদক্ষেপ গ্ৰহণ কৰিম। তদুপৰি, অৰুণাচল প্ৰদেশৰ সৈতে বিহালী সমষ্টি সংলগ্ন আমাৰ আন্তঃৰাজ্যিক সীমান্তৰ সুৰক্ষাৰ ব্যৱস্থা কৰিম। আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিহালী সমষ্টিলৈকে সম্প্ৰসাৰিত অঞ্চলত পূৰ্বৰ পৰাই বসবাস কৰি থকা কৃষক সকল যাতে কোনোপধ্যেই ক্ষতিগ্ৰস্ত নহয় সেয়া নিশ্চিত কৰিম।”

Apply Now

সংবাদমেলত উপস্থিত থকা আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে কয়,” দীৰ্ঘদিন এই সমষ্টিত কংগ্ৰেছ আৰু বিজেপিৰ প্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰিছে। কংগ্ৰেছ আৰু বিজেপি একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি। তেওঁলোকৰ জনবিৰোধী নীতিয়ে ৰাইজক আমুৱাইছে। বিহালী বাসীৰ বৃহত্তৰ স্বাৰ্থত তেওঁলোকে কোনো উন্নয়নমূলক আঁচনি ৰূপায়ন কৰা নাই। সেইবাবেই আপৰ প্ৰাৰ্থী অনন্ত গগৈৰ প্ৰতি বিহালী বাসীয়ে সমৰ্থন আগবঢ়াব।

আম আদমী পাৰ্টিৰ মনোনীত প্ৰাৰ্থী অনন্ত গগৈ বিজয়ী হ’লে এই পাঁচটা গেৰাণ্টি ৰূপায়ন কৰিবলৈ আমি বদ্ধ পৰিকৰ।” সংবাদমেলত আপৰ ৰাষ্ট্ৰীয় নেতা ৰাজেশ শৰ্মাৰ উপৰি ৰাজ্যিক সাধাৰণ সম্পাদক ৰাজীৱ শইকীয়াও উপস্থিত থাকে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd